ঋণ নাই,অথচ কিস্তি কাটে বেংকে কিন্তু ক’ত?

Share This Article

ৰখীয়া নোহোৱা গৰু আৰু ঢাকোন নোহোৱা চৰু লৈ পৰিণত হৈছে মেৰাপানী শাখাৰ পাঞ্জাৱ নেচনেল বেঙ্ক। প্ৰায় ৬ মাহৰ পূৰ্বতে গ্ৰাহকৰ কষ্টোপাৰ্জিত ধনৰ হৰলুকি, একাউন্টতে গ্ৰাহকৰ ধন নোহোৱা হোৱা, গ্ৰাহকৰ একাউন্ট ধন কৰ্তন হৈ যোৱা আদি বিভিন্ন ঘটনাই গ্ৰাহকক জ্বলা-কলা খুওৱাৰ পাছত এইবাৰ , গ্ৰাহকৰ অজ্ঞাতেই কিষাণ ক্ৰেডিট কাৰ্ডৰ ঋণ প্ৰদান আৰু গ্ৰাহকৰ জমাধনৰ পৰা ঋণ কৰ্তনৰ তথ্য পোহৰলৈ আহিছে। মেৰাপানীৰ বিনোদ সাহ নামৰ গ্ৰাহক জনে মেৰাপানী শাখাৰ পাঞ্জাৱ নেশ্যনেল বেঙ্কত তেওঁৰ নিজা নামত থকা 2040010037547 নম্বৰৰ একাউন্টৰ পৰা টকা লবলৈ আহোঁতেহে তেওঁৰ অজ্ঞাতেই তেওঁৰ নামত কিষাণ ক্ৰেডিট কাৰ্ডৰ ঋণ আছে বুলি জানিব পাৰে। তেওঁ কোনোধৰনৰ ঋণ লোৱা নাই বুলি শাখা পৰিচালকক অভিযোগ দিয়াতহে, তথ‍্য আৰু স্বাক্ষৰ জালিয়তিৰে তেওঁৰ নামত আন কোনোবাই ঋণ লোৱাৰ তথ্য ওলাই পৰে। ছয়মাহৰ পূৰ্বে একাউণ্টৰ ধন হৰলুকি হোৱা ঘটনাৰ বিপৰীতে বেঙ্কৰ উৰ্দ্ধতন কৰ্তৃপক্ষই কোনো ব‍্যৱস্থা গ্ৰহণ নকৰাৰ পাছত এই ঘটনাই মেৰাপানী শাখাৰ পাঞ্জাৱ নেশ্যনেল বেংকত গ্ৰাহকৰ ধন সুৰক্ষিত নহয় বুলি পুনৰ প্ৰমাণ কৰিলে।

 

Share This Article
The CrossCurrent
The CrossCurrent

Crosscurrent is an independent newsroom that produces investigative and analytical reporting with dedication. Crosscurrent is founded to uncover the truth behind the important issues. Crosscurrent is founded to cover the issues that matter.