শ্ৰেণী শীৰ্ষ সংবাদ

কোনে ক’ত পালন কৰিব ভূপেন হাজৰিকাৰ জন্মদিন?

ভূপেন হাজৰিকা সাংস্কৃতিক ন্যাস আৰু  শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰ সমাজে যুটীয়াভাৱে ‘ভাৰত ৰত্ন ভূপেন হাজৰিকা সংগ্ৰহালয়’ৰ প্ৰেক্ষাগৃহত  পালন কৰিব সুধাকণ্ঠ ভূপেন হাজৰিকাৰ জন্ম দিন। জালুকবাৰীত থকা সুধাকণ্ঠৰ সমাধিক্ষেত্ৰত ৰাজ্য চৰকাৰে শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিব সুধাকণ্ঠক। দীঘলীপুখুৰী পাৰত সুধাকণ্ঠলৈ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিব সদৌ…

তালিবানী ঘাটিক লক্ষ্য কৰি পঞ্জশীৰৰ আকাশত কাৰ যুদ্ধ বিমান?

তালিবানে পঞ্জশীৰ দখল কৰা বুলি দাবী কৰাৰ এদিন পিছতেই উপত্যকাটোৰ তালিবানৰ ঘাটিক লক্ষ্য কৰি চলিল বিমান আক্ৰমন৷তালিবানে আফগানিস্তানৰ অধিকাংশ অঞ্চল দখল কৰাৰ পিছতেই পঞ্জশীৰত বিদ্ৰোহী শক্তিক ঐক্যবদ্ধ কৰি তুলিছিল এন আৰ এফে৷পঞ্জশীৰ আক্ৰমন কৰিবলৈ যোৱা তালিবানী সেনাই এন আৰ এফৰ…

আফগানিস্তানত আইছিছৰ ঘাটিত আমেৰিকাৰ আক্ৰমণ

কাবুলত আইছিছ খুৰাছান গোটে সংঘটিত কৰা ভয়ংকৰ বোমা বিস্ফোৰণৰ পাছত হুংকাৰ দিছিল আমেৰিকাই ৷ আমেৰিকাৰ ৰাষ্ট্ৰপতি জ’ বাইডেনে সন্ত্ৰাসবাদী সংগঠনটোৱে এই ঘটনাৰ মাচুল আদায় দিব লাগিব বুলি সকীয়ণি দিছিল ৷ ইয়াৰ পাছতেই পদক্ষেপ গ্ৰহণ কৰিলে পেন্টাগণে ৷ আইছিছ কুৰাছানৰ ঘাটিত…

নিয়তিৰ ওচৰত হাৰ মানিলে ধেমাজিৰ নন্দিতা শইকীয়াই

নিয়তিৰ ওচৰত হাৰ মানিলে ধেমাজিৰ নন্দিতা শইকীয়াই।দাৰ ঘাপত গুৰুতৰ ভাবে আহত হৈছিল মৰিধল কলেজৰ ছাত্ৰীগৰাকী।ডিব্ৰুগড়ৰ এখন ব্যক্তিগত হাস্পতালত চিকিত্‍সাধীন হৈ আছিল নন্দিতা।কিছুদিন পূৰ্বে ধেমাজিৰ মৰিধল মহাবিদ্যালয়ৰ ছাত্রী নন্দিতা শইকীয়া, তেওঁৰ সহপাঠী কস্মিতা দত্ত আৰু কস্মিতাৰ পিতৃ দেৱ দত্তক ধেমাজি চহৰৰ…

আফগানিস্তানক লৈ গভীৰ নিশা কাৰ লগত ,কি কথা পাতিলে অজিত দোভালে ?

আফগানিস্তানৰ পৰিস্থিতি পৰ্যালোচনাৰ বাবে বৈঠকত মিলিত হ’ল ব্ৰিকছ ৰাষ্ট্ৰগোষ্ঠী ৷ মঙলবাৰে গভীৰ নিশা ভাৰ্ছুয়েল মাধ্যমযোগে অনুষ্ঠিত এই বৈঠকত সভাপতিত্ব কৰে ভাৰতৰ নিৰাপত্তা উপদেষ্টা অজিত দোভালে ৷ ভাৰত , ব্ৰাজিল , ৰাছিয়া , চীন আৰু দক্ষিণ আফ্ৰিকাক লৈ গঠিত ব্ৰিকছ ৰাষ্ট্ৰগোষ্ঠীয়ে…

আই আই টিৰ ধৰ্ষনকাৰী ছাত্ৰক জামিন : নিৰ্যাতিতা ছাত্ৰীয়ে কি ক’লে ?

আই আই টি , গুৱাহাটীৰ ধৰ্ষণত অভিযুক্ত ছাত্ৰ উৎসৱ কদমক ভৱিষ্যতৰ সম্পদ বুলি অভিহিত কৰি জামিন মঞ্জুৰ কৰিলে গুৱাহাটী উচ্চ ন্যায়ালয়ে ৷ ন্যায়ালয়ৰ এই ৰায়ক ন্যায় ব্যৱস্থাৰ প্ৰতি উপহাস বুলি মন্তব্য কৰিছে নিৰ্যাতিতা ছাত্ৰীগৰাকীয়ে ৷ ‘ইষ্ট মোজো’ক দিয়া এক সাক্ষাৎকাৰত…

৮ ঘন্টা হাজোতবাসৰ পাছত জামিন পালে কেন্দ্ৰীয় মন্ত্ৰীয়ে

মহাৰাষ্ট্ৰৰ মুখ্যমন্ত্ৰী উদ্ধৱ ঠাকৰেক চৰ মৰাৰ হুমকি দি গ্ৰেপ্তাৰ হোৱা কেন্দ্ৰীয় মন্ত্ৰী নাৰায়ণ ৰানে অৱশেষত জামিন লাভ কৰিছে ৷ সম্পূৰ্ণ ৮ ঘন্টা হাজোতত থকাৰ পাছত মুম্বাইৰ এখন আদালতে ৰানেৰ জামিন আবেদন মঞ্জুৰ কৰে ৷ জামিন লাভৰ পাছত কেন্দ্ৰীয় মন্ত্ৰীগৰাকীৰ অধিবক্তাই…

অসমৰ ১২ তালিবান সমর্থকক গ্ৰেপ্তাৰ

তালিবানৰ সমর্থনত ছচিয়েল মেডিয়াত প’ষ্ট দিয়া ১২ ব্যক্তিক গ্ৰেপ্তাৰ৷ ১০ জিলাত অভিযান চলাই অসম আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে তালিবান সমর্থকক৷ গ্ৰেপ্তাৰ হোৱা সকলৰ ভিতৰত আছে চিকিৎসা বিজ্ঞানৰ ছাত্ৰ,মৌলানা৷ বিদেশত থাকি তালিবানক সমর্থন কৰা অসমৰ লোককো চিনাক্ত৷  

কেনে হ’ব আফগানিস্তানৰ চৰকাৰ -প্ৰশাসন ?

তালিবানৰ নেতৃত্বত গঠন হ’বলগীয়া আফগানিস্তান চৰকাৰক লৈ ব্যাপক জল্পনা – কল্পনা আৰম্ভ হৈছে ৷ কিন্তু তালিবান নেতৃত্বই গণতান্ত্ৰিক ব্যৱস্থাৰ বিপৰীতে পৰিষদীয় ৰাষ্ট্ৰব্যৱস্থাৰহে পোষকতা কৰিছে ৷তালিবানৰ শীৰ্ষ নেতা হাইবাতুল্লা আখুন্দজাদাই এই কথা প্ৰকাশ কৰিছে ৷ তেও কয় ,’গণতান্ত্ৰিক পদ্ধতি আফগানিস্তানত কোনো…

আফগানিস্তানক লৈ এতিয়াও কিয় সংশয়ত নতুন দিল্লী ?

মেচিনগান টেবুলত , আলোচনা চলিছে প্ৰশাসনৰ ৷ এইদৰেই তালিবান নেতৃত্ব চৰকাৰ গঠনক লৈ তৎপৰ হৈ উঠিছে ৷দুই – এদিনতে এই প্ৰক্ৰিয়া সম্পূৰ্ণ হ’ব ৷ সমান্তৰালভাৱে বিভিন্ন দেশৰ নেতৃত্বৰে তালিবানৰ আলোচনাও চলিছে ৷ প্ৰশ্ন উঠিছে – ভাৰতে তালিবানৰ চৰকাৰক স্বীকৃতি দিবনে…