৮ ঘন্টা হাজোতবাসৰ পাছত জামিন পালে কেন্দ্ৰীয় মন্ত্ৰীয়ে

Share This Article

মহাৰাষ্ট্ৰৰ মুখ্যমন্ত্ৰী উদ্ধৱ ঠাকৰেক চৰ মৰাৰ হুমকি দি গ্ৰেপ্তাৰ হোৱা কেন্দ্ৰীয় মন্ত্ৰী নাৰায়ণ ৰানে অৱশেষত জামিন লাভ কৰিছে ৷ সম্পূৰ্ণ ৮ ঘন্টা হাজোতত থকাৰ পাছত মুম্বাইৰ এখন আদালতে ৰানেৰ জামিন আবেদন মঞ্জুৰ কৰে ৷
জামিন লাভৰ পাছত কেন্দ্ৰীয় মন্ত্ৰীগৰাকীৰ অধিবক্তাই জানিবলৈ দিয়ে যে অহা ৩১ আগষ্টত জেৰাৰ বাবে ৰানেক থানাত উপস্থিত হ’বলৈ নিৰ্দেশ দিয়া হৈছে ৷লগতে আগলৈ এনে মন্তব্য নকৰিবলৈও সকীয়াই দিয়ে ৷
সোমবাৰে বিজেপিৰ জন সমৰ্থন যাত্ৰাৰ সময়ছোৱাত মুখ্যমন্ত্ৰী উদ্ধৱ ঠাকৰেক সমালোচনা কৰিবলৈ গৈ নাৰায়ণ ৰানে কৈছিল যে ১৫ আগষ্টত স্বাধীনতা দিৱসৰ পতাকা উত্তোলনৰ সময়ত ঠাকৰে স্বাধীনতাৰ কিমান বছৰ হ’ল ,সেয়া পাহৰি গৈছিল ৷ তেও যদি সিদিনা সেই স্থানত উপস্থিত থাকিলহেঁতেন তেনেহ’লে মুখ্যমন্ত্ৰীগৰাকীক প্ৰচণ্ড চৰ শোধালেহেঁতেন ৷ ইয়াৰ পাছতে উত্তপ্ত হৈ পৰে মহাৰাষ্ট্ৰৰ ৰাজনীতি ৷ বিক্ষুব্ধ শিৱসেনাৰ সমৰ্থকসকলে বিজেপি কাৰ্যালয় , নাৰায়ণ ৰানেৰ বাসগৃহকো আক্ৰমণৰ লক্ষ্য কৰি লয় ৷ অৱশেষত নাছিক আৰক্ষীয়ে কেন্দ্ৰীয় মন্ত্ৰীগৰাকীক গ্ৰেপ্তাৰ কৰে ৷
মহাৰাষ্ট্ৰ চৰকাৰৰ মতে নাৰায়ণ ৰানে জামিন পোৱাত চৰকাৰৰ কোনো আপত্তি নাই ৷ কিন্তু সকলোৱে বুজি উঠা উচিত যে কোনো আইনৰ উৰ্ধত নহয়

Share This Article
The CrossCurrent
The CrossCurrent

Crosscurrent is an independent newsroom that produces investigative and analytical reporting with dedication. Crosscurrent is founded to uncover the truth behind the important issues. Crosscurrent is founded to cover the issues that matter.