লাভলীনা : সপ্তম শ্ৰেণীত এখন বাতৰি কাকতে সলনি কৰিছিল যাৰ জীৱনৰ পথ

তেতিয়া তাই ষষ্ঠ শ্ৰেণীৰ ছাত্ৰী ৷ দেউতাক টিকেন বৰগোহাঁই ঘৰৰ পৰা দূৰৈৰ বগীজানত এখন ক্ষুদ্ৰ চাহ বাগিছাৰ এটা সৰু চাকৰি কৰি আছিল ৷ মাজে মাজে ঘৰলৈ আহে ৷ কোনদিনা আহিব সেইকথা লাভলীনাহঁতে আগতীয়াকৈ গম নাপায়, কাৰণ ঘৰত তেতিয়া কোনো মোবাইল ফোনৰ ব্যৱস্থা নাছিল ৷ কিশোৰী লাভলীনাই সদায় বাটলৈ চায় ৰয় দেউতাক আহিছে নেকি বুলি ৷






