২৪ আকবৰ ৰোড – ক্ষমতাৰ উৱলি যোৱা ঠিকনা -৪

Share This Article

অৰূপ কলিতাৰ কলমত

১৯৯৮ চনৰ ৫ মাৰ্চত পৰাজয়ৰ বিশ্লেষণৰ বাবে চি ডব্লিউ চিৰ বৈঠক অনুষ্ঠিত হ’ল ৷ বৈঠকত ছোনিয়া গান্ধীয়ে পোনপটীয়াকৈ দলৰ দায়িত্ব লোৱাৰ দাবী উত্থাপন হ’ল ৷ খঙত জ্বলি পকি উঠিল সীতাৰাম কেশৰী ৷ তেও মুকলিকৈ শাৰদ পাৱাৰ , তাৰিক আনৱাৰৰ বিৰুদ্ধে ষড়যন্ত্ৰৰ অভিযোগ উত্থাপন কৰিলে ৷ বেছি সময় এই অসন্তুষ্টি বাহাল নাথাকিল ৷ সীতাৰাম কেশৰীয়ে সভাপতি পদ ত্যাগ কৰাৰ কথা ঘোষণা কৰিলে ৷ কিন্তু তাৰ আগতে সাধাৰণ পৰিষদৰ অনুমোদন লোৱাৰ অজুহাত দেখুৱালে ৷ ইমান অপেক্ষাৰ ধৈৰ্য নাছিল কাৰো ৷ ১৪ মাৰ্চত পুণৰ চি ডব্লউ চিৰ বৈঠক বহিল ৷ তাতেই সীতাৰাম কেশৰীক পদছ্যুত কৰাৰ লগতে ছোনিয়া গান্ধীক নতুন সভানেত্ৰীৰ দায়িত্ব দিয়াৰ সিদ্ধান্ত লোৱা হ’ল ৷ এজন নিৰ্বাচিত সভাপতিৰ ক্ষমতাচ্যুত কৰি কংগ্ৰেছৰ সৰ্বেসৰ্বা হৈ উঠিল ছোনিয়া গান্ধী ৷ তেওৰ হাতলৈ ক্ষমতা অহাৰ পাছতে দলৰ পৰা বহিষ্কাৰ হ’ল – শাৰদ পাৱাৰ , পি এ চাংমা আৰু তাৰিক আনৱাৰ ৷ এই তিনিওজন নেতাই ছোনিয়া গান্ধীৰ বিদেশী মূলক লৈ ধাৰাবাহিকভাৱে দলৰ মজিয়াত প্ৰশ্ন তুলি আহিছিল ৷ভৱিষ্যতে ছোনিয়াৰ প্ৰতি প্ৰত্যাহ্বান সৃষ্টি কৰিব পৰা নেতাকেইজনক ১৯৯৯ চনৰ ১৯ মে’ত অনুষ্ঠিত চি ডব্লিউ চিৰ বৈঠকত বিদায় দিয়া হ’ল ৷ সেইদিনা অপমানিত হ’ল সীতাৰাম কেশৰীও ৷ক্ষোভে – অপমানে তেও স্বগতোক্তি কৰিছিল- কংগ্ৰেছ নেতৃত্ব উত্তপ্ত সূৰ্যৰ দৰে ৷ ওচৰ চাপিলে জ্বলি যাব , দূৰৈত থাকিলেও ঠাণ্ডাত কপি মৰিব ৷”এইদৰে ৰাজনীতিত আত্মপ্ৰকাশৰ সময়তে ২৪ , আকবৰ ৰোডত নিষ্কন্টক হৈ পৰিল ছোনিয়া গান্ধী৷

১৯৯৮ চনত দলৰ দায়িত্ব লৈয়ে ছোনিয়া গান্ধীয়ে তৎপৰতা দেখুৱালে ৷ সঘন সাংগঠনিক বৈঠকেৰে সংগঠন নিজৰ হাতৰ মুঠিলৈ আনিব বিচাৰিলে ৷ দুটা বছৰ ছোনিয়া গান্ধীক তেনে ৰূপত দেখা গ’ল ৷ ২০০০ ত অনুষ্ঠিত সাংগঠনিক নিৰ্বাচনত জিতেন্দ্ৰ প্ৰসাদক বিপুল ভোটত পৰাজিত কৰি তেও এইবাৰ গণতান্ত্ৰিকভাৱে দলৰ সভানেত্ৰী হিচাপে নিৰ্বাচিত হ’ল ৷ প্ৰণৱ মুখাৰ্জী , আহমদ পেটেল আদিৰ মন্ত্ৰনাৰে দল পৰিচালনা কৰিবলৈ আৰম্ভ কৰিলে ৷ ক্ৰমাগত সফলতা আহিল ২০০৪ আৰু ২০০৯ চনত ৷ ক্ষমতা যিমানেই স্থায়ী হৈ পৰে , স্তাৱক বাহিনীও সিমান বিশাল হৈ পৰে ৷ এক গণবিচ্ছিন্ন অৱস্থাত ২০১৪ চনত শোচনীয় পৰাজয়ৰ মুখ দেখিলে কংগ্ৰেছে ৷ ২০১৯ চনতো একে ফলাফলৰ পুণৰাবৃত্তি ৷ ৫০ খ আসনৰো কাষ চাপিব পৰা নাই প্ৰাচীন দলটো ৷ বৃদ্ধা মাতৃৰ ওপৰত সকলো দায়িত্ব এৰি ৰাহুল গান্ধী এতিয়া এজন ৰাজনৈতিক পৰ্যটক ৷ ২৪ , আকবৰ ৰোডত পুনৰ সৰ্বময় কৰ্তৃত্ব স্থাপন কৰিবলৈ ছোনিয়া গান্ধীৰ শৰীৰে নাটানে ৷ তেওৰ দুই মুখ্য পৰামৰ্শদাতা প্ৰণৱ মুখাৰ্জী আৰু আহমদ পেটেলে চিৰকাললৈ এই ঠিকনা এৰিছে ৷ ২২ বছৰ পূৰ্বে দলৰ খহনীয়া দেখি মন সলাইছিল ছোনিয়া গান্ধীয়ে ৷১০ জনপথৰ পৰা আহি ভৰি দিছিল ২৪ আকবৰ ৰোডত ৷ আজি ছোনিয়া অসুস্থ কিন্তু ৰাহুল সেই দায়িত্ব পালন কৰিবলৈ অসমৰ্থ ৷ দ্বিতীয় পৰ্যায়ৰ বংশবাদে দলটোৰ ভিতৰচ’ৰা অহৰহ জোকাৰি আছে৷ ২২ বছৰ আগতেও দলৰ নেতৃত্বক লৈ বিদ্ৰোহৰ জোকাৰণি উঠিছিল ৷ নিজৰ অনুগত বাহিনী সৃষ্টি কৰি ছোনিয়া গান্ধী সেই প্ৰত্যাহ্বানৰ মুখামুখি হৈছিল ৷ এই কৌশলে দলটোৰ কিমান ক্ষতি কৰিলে , কিমান উপকৃত কৰিলে , তাৰ বিচাৰ সময়ে কৰিব ৷ কিন্তু আজি আসন্ন বিপদৰ মুখামুখি হ’বলৈ কংগ্ৰেছত কোনো নাই ৷ ২৪ , আকবৰ ৰোডৰ চকীবোৰ শূণ্য ৷ টুইটাৰকে সকলোৱে পলায়নৰ পথ হিচাপে বাচি লৈছে ৷ এনে এক মুহূৰ্তত এটা প্ৰাচীন ৰাজনৈতিক দলটোৰ তিল তিল মৃত্যুৰ সাক্ষী হৈ ৰৈছে চ্যু কীৰ পিয়ানোৰ প্ৰতিধ্বনি গুঞ্জৰিত ২৪ আকবৰ ৰোড ৷য’ৰ পৰা কংগ্ৰেছে পুনৰ জনম লৈছিল , যাক দেশৰ ৰাজনৈতিক ক্ষমতাৰ অলিন্দ হিচাপে বিবেচনা কৰা হৈছিল , সেই ঠিকনাটি আজি লাহে লাহে মচ খাই আহিছে , উৱলি গৈছে …৷(সমাপ্ত)

Share This Article
The CrossCurrent
The CrossCurrent

Crosscurrent is an independent newsroom that produces investigative and analytical reporting with dedication. Crosscurrent is founded to uncover the truth behind the important issues. Crosscurrent is founded to cover the issues that matter.