ইউছুফ খানৰ পৰা দিলীপ কুমাৰলৈ ,ফলৰ বেপাৰীৰ পৰা যুগজয়ী অভিনেতালৈ …..

Share This Article

বিশ্ববাসীয়ে দিলীপ কুমাৰ নামেৰে চিনি পোৱা , দুৰন্ত অভিনয়েৰে প্ৰতিগৰাকী দৰ্শকৰ মনত নিগাজী হৈ ৰোৱা এইগৰাকী যুগজয়ী অভিনেতাই কাহানিও ভবা নাছিল যে এদিন তেও পাহৰি যাব লাগিব পিতৃ – মাতৃয়ে দিয়া আচল নামটোও ৷১৯২২ চনত জন্ম হোৱা দিলীপ কুমাৰৰ দেউতাক আছিল মুম্বাইৰ এজন ফলৰ ব্যৱসায়ী ৷ ঘৰুৱা ব্যৱসায়ত সহায় কৰিবৰ বাবে তেও সৰুৰে পৰা দেউতাকৰ কাম – কাজৰ লগত জড়িত হৈ পৰিছিল ৷ সেই সময়ত তেওৰ পৰিচয় আছিল মহম্মদ চৰবৰ খানৰ পুত্ৰ ইউছুফ চৰবৰ খান ৷
এদিন দেউতাকৰ লগত কাজিয়া লাগি ইউছুফ খান গুছি গ’ল পুণেলৈ ৷ নিজৰ ভৰিত নিজে থিয় দিয়াৰ লক্ষ্যৰে তেও কামৰ সন্ধান কৰিবলৈ আৰম্ভ কৰিলে ৷ তেনেসময়তে লাভ কৰিলে পুণেত থকা ব্ৰিটিছ আৰ্মিৰ কেন্টিনত সহায়কাৰীৰ চাকৰি ৷ তাতেই তেও নিজাববীয়াকৈ চেন্দুইছ বিক্ৰী কৰিবলৈ আৰম্ভ কৰিলে ৷ ব্ৰিটিছ সেনাৰ মাজত জনপ্ৰিয় হৈ পৰিল ইউছুফ খানৰ ছেন্দুইছ ৷ কিন্তু সেই কেন্টিনতে এদিন ভাৰতৰ স্বাধীনতাৰ দাবীত সভা অনুষ্ঠিত কৰি ইউছুফ খানে চাকৰি হেৰুৱাবলগীয়াটো হ’লেই গ্ৰেপ্তাৰো হ’ল ৷


চাকৰি হেৰুৱাই ইউছুফ খান পুণৰ উভতি আহিল মুম্বাইলৈ ৷ পুণৰ দেউতাকৰ হাতত ধৰি ব্যৱসায়ত মন দিলে ৷এদিন দেউতাকে ফলৰ বাগিচা এখন কিনিবলৈ নাইনিতাললৈ পঠিয়ালে ৷ ইউছুফ তালৈ গৈ এক টকা অগ্ৰিম ধন দি বাগিচাৰ বন্দবস্ত কৰি আহিলগৈ ৷ দেউতাক সন্তুষ্ট হ’ল ইউছুফৰ কামত ৷লাহে লাহে আন ডাঙৰ কামবোৰৰ দায়িত্বও দিয়া আৰম্ভ কৰিলে ৷এদিন ব্যৱসায়ৰ কামত এঠাইলৈ যাবলৈ লওতেই ৰেলৱে ষ্টেচনত সাক্ষাৎ হ’ল মানসিক ৰোগৰ চিকিৎসক ডাক্তৰ মাছানীৰ লগত ৷ তেও বোম্বে টকীজৰ স্বত্বাধিকাৰী দেবিকা ৰাণীৰ ওচৰলৈ যাবলৈ ৰে’লৰ বাবে অপেক্ষা কৰি আছিল ৷ডাক্তৰ মাছানীয়ে লগ ধৰিলে – ব’লা , বোম্বে টকীজ চাই আহিবা ৷ কিজানি তাতেই কিবা কাম পায়েই যোৱা ৷ চিনেমাৰ ষ্টুডিও চোৱাৰ উৎকণ্ঠাত ইউছুফ খান বোম্বে টকীজলৈ ৰাওণা হ’ল ৷
সেই যাত্ৰাই আছিল ইউছুফ খানৰ ভাগ্য সলনিৰ যাত্ৰা ৷ জীৱন সলনিৰ যাত্ৰা ৷

বোম্বে টকীজ সেই সময়ৰ আটাইতকৈ সফল প্ৰডাকশ্যন হাউচ বিলাকৰ ভিতৰত অন্যতম আছিল ৷ তাৰ স্বত্বাধিকাৰী দেবিকা ৰাণী নিজে অভিনেত্ৰী হোৱা উপৰিও এগৰাকী দূৰদৰ্শী মহিলা আছিল ৷ ডাক্তৰ মাছানীয়ে ইউছুফ খানক পৰিচয় কৰাই দিয়াৰ লগতে তাতেই কিবা কামত নিয়োজিত কৰাৰ বাবে অনুৰোধ কৰিলে ৷ দেবিকা ৰাণীয়ে ইউছুফ খানক উৰ্দু ভাষা জানেনে নাই সুধিলে ৷ তেও কিবা উত্তৰ দিয়াৰ আগতেই ডাক্তৰ মাছানীয়ে ইউছুফৰ পৰিয়াল আৰু তেওলোকৰ ফলৰ ব্যৱসায়ৰ কথা ক’বলৈ আৰম্ভ কৰিলে ৷ সকলো মনোযোগেৰে শুনাৰ পাছত দেবিকা ৰাণীয়ে ইউছুফক সুধিলে – অভিনেতা হ’ব বিচাৰা নেকি ? এই প্ৰশ্নৰ লগে লগে ১২৫০ টকা দৰমহাৰ চাকৰি এটাও অফাৰ কৰিলে ৷ ইউছুফ খানে বিনয়েৰে ক’লে – এই কাম কৰিবলৈ মোৰ কোনো অভিজ্ঞতা নাই ৷ চিনেমাৰ বিষয়ে মই একোৱেই নাজানো ৷ দেবিকা ৰাণীয়ে পুণৰ সুধিলে – তুমি ফলৰ ব্যৱসায়ৰ বিষয়ে কিমান জানা ? ইউছুফৰ উত্তৰ – লাহে লাহে শিকি লম ৷ তেতিয়া দেবিকা ৰাণীয়ে ক’লে –ফলৰ ব্যৱসায় যদি শিকিব পাৰা , তেনেহ’লে চিনেমা আৰু অভিনয়ো শিকি ল’ব পাৰিবা ৷মোক এজন দেখনিয়াৰ , পঢ়া- শুনা থকা আৰু যুৱ অভিনেতাৰ দৰকাৰ ৷ সেইবাবেই তোমাক এই অফাৰ দিছো ৷
সেয়া ১৯৪৩ চনৰ ঘটনা ৷ সেই সময়ত ১২৫০ টকা দৰমহা মানে এটা বিশাল অংকৰ ধন ৷ ইউছুফ খানে প্ৰথমতে সেয়া বছৰেকৰ দৰমহা বুলি ভাবিছিল ৷ কিন্তু যেতিয়া প্ৰতিমাহে ইমান বিশাল পৰিমানৰ দৰমহা লাভ কৰিব বুলি নিশ্চিত হ’ল, লগে লগে চাকৰিৰ অফাৰ স্বীকাৰ কৰি ল’লে আৰু অভিনেতা হ’বলৈ মন বান্ধিলে ৷ বোম্বে টকীজত যোগদান কৰি শশীধৰ মুখাৰ্জী , অশোক কুমাৰৰ পৰা অভিনয়ৰ পাঠ শিকিবলৈ ল’লে ৷

 

এদিন পুৱা ষ্টুডিওত সোমোৱাৰ লগে লগে দেবিকা ৰাণীয়ে ইউছুফক নিজৰ কেবিনলৈ মাতি পঠিয়ালে ৷ তেও ইংৰাজীৰ স্পষ্টকৈ ক’লে – ইউছুফ , তোমাক অতি সোণকালে এজন অভিনেতা হিচাপে লন্স কৰিব বিচাৰিছো ৷ তুমি সাজু হোৱা ৷ কিন্তু স্ক্ৰীণৰ বাবে তোমাক এটা নাম লাগিব ৷এনেকুৱা এটা নাম হোৱা উচিত যিটো তোমাৰ ৰোমান্টিক ইমেজৰ লগত খাপ খাব ৷ তোমাৰ নামৰ কথা ভাবি থাকোতে দিলীপ কুমাৰ নামটো মোৰ মনলৈ আহিল ৷ কেনেকুৱা হ’ব বুলি ভাবা তুমি ? ইউছুফ খান কথাটো শুনিয়েই হতচকিত হৈ পৰিল ৷ তেও কেতিয়াও আন এটা নাম লোৱাৰ কথা ভবা নাছিল ৷ সেই সময়ত দেশ বিভাজনৰ দাবীও প্ৰবল হৈ উঠা নাছিল ৷ গতিকে হিন্দু – মুছলমানৰ ভেদাভেদো নাছিল ৷ তেনে এটা সময়ত দেবিকা ৰাণীয়ে দিয়া নাম সলনিৰ প্ৰস্তাৱ শুনি স্বাভাবিকতে আচৰিত হৈ পৰিল ইউছুফ ৷ কিন্তু দেবিকা ৰাণীয়ে বজাৰৰ কথা ভাবিছিল ৷ কিয়নো তাৰ আগতে তেও প্ৰযোজনা কৰা “অছুত কথা “ চিনেমাখনত কুমুদলাল গাংগুলীক দৰ্শকৰ আগত পৰিচয় কৰাই দিছিল অশোক কুমাৰ হিচাপে ৷ পৰৱৰ্তী সময়ত অশোক কুমাৰ সেই নামেৰেই চুপাৰষ্টাৰত পৰিণত হ’ল ৷ সেইবাবেই ইউছুফ খানকো দেবিকা ৰাণীয়ে এটা নতুন নামেৰে দৰ্শকৰ মাজলৈ লৈ যাব বিচাৰিলে ৷ ইউছুফ অৱশেষত মান্তি হ’ল ৷ তাৰ পাছত ১৯৪৪ চনত মুক্তি পোৱা “জোৱাৰ ভাটা “ চিনেমাত দিলীপ কুমাৰ নামেৰেই ভুমুকি মাৰিলে ইউছুফ খানে।

এজন ফলৰ ব্যৱসায়ীৰ জীৱনৰ এক নতুন অধ্যায় আৰম্ভ হ’ল ৷ প্ৰথমখন চিনেমা বিশেষ সফল নহ’ল ৷ কিন্তু তাৰ পাছৰে পৰা এখনৰ পাছত আন এখন ছুপাৰহীট চিনেমাৰে আলোড়নৰ সৃষ্টি কৰি গ’ল দিলীপ কুমাৰে ৷ এইগৰাকী যুগজয়ী অভিনেতাৰ প্ৰতিভাৰ বিষয়ে নতুনকৈ পৰিচয় কৰাই দিয়াৰ প্ৰয়োজন নাই ৷ ৬৫ খনৰো অধিক চিনেমাৰে ভাৰতীয় চিনেমাক সমৃদ্ধ কৰি ৯৮ বছৰ বয়সত বুধবাৰে তেও চিৰবিদায় মাগিলে ৷

Share This Article
The CrossCurrent
The CrossCurrent

Crosscurrent is an independent newsroom that produces investigative and analytical reporting with dedication. Crosscurrent is founded to uncover the truth behind the important issues. Crosscurrent is founded to cover the issues that matter.