Category Blog

অৱসৰৰ পূৰ্বে ডি ৱাই চন্দ্ৰচূড়ৰ ঘৰলৈ কিয় গৈছিল প্ৰধানমন্ত্ৰী মোদী?

দেশৰ সদ্য প্ৰাক্তন মুখ্য ন্যায়াধীশ ডি ৱাই চন্দ্ৰচূড়ৰ শেহতীয়া এটা মন্তব্য চৰ্চিত হৈ পৰিছে। এটা সংবাদ মাধ্যমত দিয়া সাক্ষাত্কাৰত তেওঁ কয়, একাংশ লোকে ন্যায়পালিকাৰ কান্ধত বন্দুক থৈ গুলী চলাব বিচাৰে। কিন্তু প্ৰশ্ন হৈছে, কোন এই একাংশ লোক? কিছুদিন পূৰ্বে লোকসভাৰ…

৫০ বছৰলৈ ক্ষমতাত থকাৰ নীল নক্সা বিজেপিৰ

নিৰ্বাচন আয়ুক্ত সমিতিত থাকিব তিনিগৰাকী সদস্য৷ এই সদস্যসকল হ’ল –প্ৰধানমন্ত্ৰী , বিৰোধী দলপতি আৰু প্ৰধানমন্ত্ৰীৰ দ্বাৰা মনোনীত এগৰাকী কেন্দ্ৰীয় কেবিনেট মন্ত্ৰী৷ অৰ্থাৎ এই তিনিজনীয়া কমিটীত চৰকাৰী পক্ষই সংখ্যাগৰিষ্ঠ ৷ যাৰ জৰিয়তে তেওঁলোকে নিজৰ পছন্দৰ ব্যক্তিক অনায়াসে নিৰ্বাচন আয়ুক্ত হিচাপে নিযুক্তি দিব পাৰিব৷

আদানীৰ পৰা অনুদান ল’লেও হ’ব কলংকিত!

গৌতম আদানী এতিয়া বিশ্বজুৰি দুৰ্নীতিৰ প্ৰতীক হৈ পৰিছে। গৌতম আদানীৰ সৈতে সম্পৰ্ক ছেদ কৰিব বিচাৰিছে বিভিন্ন দেশে। আমেৰিকাই গৌতম আদানীৰ কু-কীৰ্তি উদঙাই দিয়া পাছত কেনিয়া, বাংলাদেশ, শ্ৰীলংকা আদি দেশে আদানী গ্ৰুপৰ সৈতে থকা তেওঁলোকৰ চুক্তি সম্পৰ্কত মুখ খুলিবলৈ বাধ্য হৈ পৰিছে। আনফালে ভাৰততো এই লৈ ব্যাপক প্ৰতিক্ৰিয়া হৈছে। বিশেষকৈ অন্ধ্ৰপ্ৰদেশৰ প্ৰাক্তন মুখ্যমন্ত্ৰী জগন মোহন ৰেড্ডীৰ সৈতে গৌতম আদানীৰ সাক্ষাত্ আৰু ঘোচ দিয়াৰ প্ৰসংগ ওলোৱাৰ পাছত সন্দেহৰ আৱৰ্তত সোমাই পৰিছে অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাও। অন্ধ্ৰপ্ৰদেশৰ বৰ্তমানৰ মুখ্যমন্ত্ৰী এন চন্দ্ৰবাবু নাইডুৱে জগন মোহন আৰু আদানীৰ ঘোচ দিয়া প্ৰসংগত তদন্ত কৰাৰ লগতে কঠোৰ হ’ব বুলিও ঘোষণা কৰিছে। এনে সময়তে গৌতম আদানী সম্পৰ্কত এইবাৰ কঠোৰ হৈছে তেলেংগানা। তেলেংগানা চৰকাৰে আদানী গ্ৰুপৰ ১০০ কোটি টকাৰ অনুদানৰ প্ৰস্তাৱ নাকচ কৰিছে। আদানী গ্ৰুপে এই অনুদান ইয়ং ইণ্ডিয়া স্কিল ইউনিভাৰ্চিটিৰ বাবে প্ৰদান কৰিছিল। কিন্তু বিশ্বজুৰি কেলেংকাৰীৰ প্ৰতীক হৈ পৰা গৌতম আদানীৰ সৈতে সম্পৰ্ক ৰাখি বা তেওঁৰ কোম্পানীৰ পৰা অনুদান লৈ কোনেও নিজৰ গাত ক’লা ৰং সানিব খোজা নাই। যাৰ বাবে আদানী গ্ৰুপৰ এই অনুদান নাকচ কৰাৰ কথা সোমবাৰে এখন সংবাদমেলত সদৰি কৰে ৰাজ্যখনৰ মুখ্যমন্ত্ৰী ৰেৱন্ত ৰেড্ডীয়ে। মুখ্যমন্ত্ৰীগৰাকীয়ে কয় যে বৰ্তমান আদানী গ্ৰুপ যি বিতৰ্কত সাঙোৰ খাই পৰিছে সেই বিতৰ্কৰ বাবেই এই সিদ্ধান্ত তেওঁলোকে গ্ৰহণ কৰিছে। চান্দা গ্ৰহণ কৰিলে তেলেংগানাৰ ৰাজ্য চৰকাৰ আৰু মোৰ নিজৰ ভাবমূৰ্তিৰ ক্ষতি হ’ব পাৰে বুলি আদানী গ্ৰুপৰ এই অনুদান নস্যাত্ কৰিলে ৰাজ্যখনৰ চৰকাৰে। এই কথা জনাই দেওবাৰে আদানী গ্ৰুপলৈ এখন চিঠিও প্ৰেৰণ কৰিছে তেলেংগানা চৰকাৰে। এই চিঠি যোগে আদানী গ্ৰুপক ১০০ কোটি টকা বিশ্ববিদ্যালয়লৈ হস্তান্তৰ নকৰিবলৈ অনুৰোধ জনাইছে ৰেৱন্ত ৰেড্ডীৰ চৰকাৰে। লগতে তেওঁলোকে এই কথাও জানিবলৈ দিয়ে যে, বহু কোম্পানীয়ে বিশ্ববিদ্যালয়খনক ধন দিছে যদিও তেলেংগানা চৰকাৰে এতিয়াও কোনো গোটৰ পৰা একাউণ্টত এটকাও লোৱা নাই।
উল্লেখ্য যে, আমেৰিকাৰ আদালতত কোটি কোটি টকাৰ প্ৰৱঞ্চনা কৰাৰ অভিযোগ উত্থাপন হৈছে উদ্যোগপতি গৌতম আদানীকে ধৰি ৮ জন ব্যক্তিৰ বিৰুদ্ধে। যোৱা ২০ নৱেম্বৰত নিউয়ৰ্কৰ আদালতত অনুষ্ঠিত শুনানিত গৌতম আদানী, তেওঁৰ ভতিজা সাগৰ আদানী, বিনীত জৈন, ৰঞ্জিত গুপ্তা, এজিউৰ পাৱাৰৰ চাইৰিল কেবানিছ, সৌৰভ আগৰৱালা, দীপক মালহোত্ৰা আৰু ৰূপেশ আগৰৱালক অভিযুক্ত হিচাপে ঘোষণা কৰা হয়। সংবাদ মাধ্যমৰ প্ৰতিবেদন অনুসৰি, গৌতম আদানী আৰু সাগৰৰ আদানীৰ বিৰুদ্ধে গ্ৰেপ্তাৰী পৰোৱানাও জাৰি কৰা হৈছে। আমেৰিকাৰ এটৰ্নীৰ কাৰ্যালয়ে জনোৱা মতে, ভাৰতত সৌৰশক্তিৰ সৈতে জড়িত চুক্তি লাভৰ বাবে আদানীয়ে ভাৰতীয় ক্ষমতাশালী লোকক ২৬৫ মিলিয়ন ডলাৰ ভাৰতীয় হিচাপত প্ৰায় ২২০০ কোটি টকা উৎকোচ দিছিল বা দিবলৈ পৰিকল্পনা কৰিছিল। এই অভিযোগ উত্থাপন হোৱা পাছতেই গৌতম আদানীৰ কোম্পানীৰ সৈতে চুক্তি স্বাক্ষৰ কৰা দেশে সেই চুক্তি সন্দৰ্ভত মুখ খুলিবলৈ বাধ্য হৈছে। আনকি কেনিয়াই আদানী গ্ৰুপৰ সৈতে থকা একাধিক চুক্তি বাতিলো কৰিছে।
আনফালে গৌতম আদানী সম্পৰ্কে বিৰোধীয়ে চলিত শীতকালীন অধিৱেশনত আলোচনা বিচাৰিছে যদিও অধ্যক্ষই তেওঁলোকক আলোচনাৰ অনুমতি প্ৰদান কৰা নাই। কিন্তু কিয় ভাৰত চৰকাৰ আদানী সম্পৰ্কত ৰহস্যজনক স্থিতিত অৱস্থান লৈছে, সেয়াহে আজিৰ দিনটোত এক গুৰুত্বপূৰ্ণ প্ৰশ্ন।

আদানীৰ পৰা অনুদান ল’লেও হ’ব কলংকিত! তেলেংগানাই নল’লে আদানী গ্ৰুপৰ অনুদান

গৌতম আদানী যেন এতিয়া বিশ্বজুৰি দুৰ্নীতিৰ প্ৰতীক হৈ পৰিছে। গৌতম আদানীৰ সৈতে সম্পৰ্ক ছেদ কৰিব বিচাৰিছে বিভিন্ন দেশে। আমেৰিকাই গৌতম আদানীৰ কু-কীৰ্তি উদঙাই দিয়া পাছত কেনিয়া, বাংলাদেশ, শ্ৰীলংকা আদি দেশে আদানী গ্ৰুপৰ সৈতে থকা তেওঁলোকৰ চুক্তি সম্পৰ্কত মুখ খুলিবলৈ বাধ্য…

প্ৰগতিশীল জাতীয় চেতনাৰ উকমুকনিত সন্ত্ৰস্ত কোন? ✒️ শুভ্ৰম গোস্বামী

প্ৰতিক্ৰিয়াশীল দালাল ভুৱা জাতীয়তাবাদী নেতাই নিজৰ অস্তিত্ব জাহিৰ কৰিবলৈ দম-দাদাগিৰি চলাব, কিন্তু সেই চোকবোৰ লক্ষ্য কৰিলে আঁৰৰ কথাবোৰ বুজি পোৱা যাব। এনে শক্তিয়ে সাধাৰণ শ্ৰমজীৱীৰ ওপৰত হলা গছত বাগী কুঠাৰ মাৰি অত্যাচাৰ কৰিব আৰু লুণ্ঠনকাৰী বৃহৎ পুঁজিপতিক বাক্যবাণেৰে এৰি দি শাসক শ্ৰেণীৰ লগত বুজাপৰা বজাই ৰাখিব।

যুক্তৰাষ্ট্ৰীয়তাবাদ আৰু অসমীয়াৰ সোণালী সুযোগ

ভাৰতৰ ইতিহাসত বৰ্তমানলৈ হোৱা নিৰ্বাচনৰ ভিতৰত কিজানি এইটোৱেই এটা আটাইতকৈ টেঙা নিৰ্বাচন। এই কথা সকলোৱে এইকাৰণেই সাধাৰণভাৱে বুজি পাইছে যে নিৰ্বাচনৰ পৰিৱেশ বুলিবলৈ বেছিভাগ ঠাইতে একো নাই। কিলোমিটাৰ-কিলোমিটাৰৰ ব্যৱধানত কেৱল এখন দুখনমান দলীয় পতাকাৰ বাহিৰে নিৰ্বাচনৰ কোনো পৰিৱেশেই নাই। ই…

সমাজবাদৰ ৰাজনীতিৰ দিন উকলিল নেকি ?

টিপু চুলতান বন গয়া ৷ টিপু যেতিয়া প্ৰথম স্কুললৈ যায় , তেতিয়া তাৰ কোনো আনুষ্ঠানিক নাম নাছিল ৷ পৰিয়ালৰ হিচাপ কিতাপ ৰাখোতা তিৱাৰীৰ হাতত ধৰি খোজ দিছিল ওচৰৰে এখন নাৰ্ছাৰী স্কুলত ৷ কিন্তু টিপু নামেৰে নামভৰ্তি কৰাত অসুবিধা হ’ল ৷…

পৰেশ মহন্তৰ আত্মসমৰ্পণ…

যুদ্ধ চলিছে ৷ অবিৰাম যুদ্ধ চলিছে ৷ ভাৰতৰ সৈতে চীনৰ ৷ চীনৰ সৈতে আমেৰিকাৰ ৷ জীৱিকাৰ সৈতে জীৱনৰ ৷ ভাতৰ সৈতে ভোকৰ ৷ যুদ্ধ এক ভীষণ ভাল লগা বিষয় ৷ উৎকন্ঠা আছে , উন্মাদনা আছে ৷ যুদ্ধজয়ে কঢ়িয়াই আনে সীমাহীন…

মুখ্যমন্ত্ৰীৰ সৈতে বহুত কথা আছে …

সেই খেতিয়কজন ,বানে ধুই নিছে যাৰ কেবাবিঘা মাটিৰ খেতি৷ নতুনকৈ খেতিত নামিবৰ বাবে নাই কঠীয়া ৷ কৃষিমন্ত্ৰীয়ে কৈছে বিনামূলীয়াকৈ শালি ধানৰ কঠীয়া দিব বুলি ৷ বিনামূলীয়া নালাগে, লাগিলে উচিত দাম দিয়ে কিনিব ৷ কিন্তু কঠীয়াৰ ব্যৱস্থা কৰি দিয়ক ৷ পানী…

মকছুদুল হকৰ সতে অতীতৰ সোঁৱৰণী আৰু পুৰণি বন্ধুত্বৰ নতুন গাঁঠি: বনজিৎ হুছেইন

গুৱাহাটীৰ শিল্পগ্ৰামত শতাধিক দৰ্শকৰ সন্মুখত এজন বাংলাদেশী ৰকষ্টাৰে নিভাঁজ অসমীয়াত ক’লে, “মই ষোল্ল বছৰৰ পাছত ঘৰলৈ আহিছো।” তেওঁৰ ব্লকবাষ্টাৰ হিট গানেৰে দৰ্শকসকলক মুগ্ধ কৰি শেষত তেওঁ এজন দাৰ্শনিকৰ দৰে ক’লে, “চৈতন্য দেৱ আৰু লালন ফকিৰৰ দেশৰ পৰা মই গীত লৈ…