CAA ৰ বিৰুদ্ধে পুনৰ সৰব কণ্ঠশিল্পী জুবিন গাৰ্গ।

Share This Article

CAA ৰ বিৰুদ্ধে পুনৰ সৰব হ’ল কণ্ঠশিল্পী জুবিন গাৰ্গ। আগন্তক জানুৱাৰী মাহত নাগৰিকত্ব সংশোধনী আইন বলৱত্‍ হ’লে আকৌ ৰাজপথৰ আন্দোলনত নমাৰ হুংকাৰ দিলে জুবিন গাৰ্গে। জুবিন গাৰ্গে কয় যে, ‘সমগ্ৰ দেশতে জানুৱাৰীৰ পৰা কা’ বলৱত্‍ হ’লে আমি সহজে এৰি নিদিওঁ। মই পুনৰ ওলাই আহিম। আমি প্ৰতিবাদ কৰি যাম কা’ৰ বিৰুদ্ধে।’
আনফালে নৱ গঠিত আঞ্চলিক ৰাজনৈতিক দল অসম জাতীয় পৰিষদৰ সন্দৰ্ভত বিশেষ মন্তব্য কৰে জুবিন গাৰ্গে। আৰু নতুন আঞ্চলিক দলটোক শুভেচ্ছা জনায়। লগতে আগন্তুক অসম বিধান সভা নিৰ্বাচনত কোনো ৰাজনৈতিক দলৰ হৈ গীত নাগাই বুলিও স্পষ্ট কৈ প্ৰকাশ কৰে জুবিন গাৰ্গে।

Share This Article
The CrossCurrent
The CrossCurrent

Crosscurrent is an independent newsroom that produces investigative and analytical reporting with dedication. Crosscurrent is founded to uncover the truth behind the important issues. Crosscurrent is founded to cover the issues that matter.