কিন্তু বিকি আলীৰ এনকাউন্টাৰ সমর্থনযোগ্যনে?

Share This Article

৷নিৰজ দাসৰ এনকাউন্টাৰৰ পিছত জিপি সিঙৰ টুইটাৰত দেখা গৈছিল নিউটনৰ সূত্ৰ৷এইবাৰ দেখা গ’ল গীতাৰ বাণী৷ সংঘটিত হল আৰু এটা এনকাউন্টাৰ৷এনকাউন্টাৰত প্ৰাণ গ’ল ধর্ষণত অভিযুক্ত বিকি আলীৰ৷কিছুসময়ৰ পিছতে আহিল আন এটা এনকাউন্টাৰৰ খবৰ৷এইবাৰ এনকাউন্টাৰত প্ৰাণ গ’ল আন এজন ধর্ষনকাৰী ৰাজেশ মুণ্ডাৰ৷বিকি আলীৰ এনকাউন্টাৰৰ পিছতেই সৃষ্টি হৈছে ব্যাপক প্ৰতিক্ৰিয়া৷ধর্ষনকাৰীৰ শাস্তিক লৈ প্ৰশ্ন কাৰোৰে নাই৷প্ৰশ্ন ৰাজ্যত গঢ়ি উঠা এনকাউন্টাৰ সংস্কৃতিক লৈ৷প্ৰতিক্ৰিয়া অব্যাহত থকাৰ মাজতে আৰক্ষী ব্যক্ত কৰিছে ভাষ্য-নিশা গোপন সূত্ৰৰ ভিত্তিত আটক কৰে বিকি আলীক। গঁড়ভঙা বনাঞ্চল নিশা অভিযানত আৰক্ষী জিম্মাৰ পৰা পলাবলৈ চেষ্টা কৰিছিল বিকিয়ে।পাণবজাৰ আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত বিষয়া টুইংকল গোস্বামীৰ ছাৰ্ভিচ ৰিভালভাৰ কাঢ়ি নিয়ে বিকি আলীয়ে। তাৰ পিছতে আৰক্ষীলৈ লক্ষ্য কৰি দুই জাঁই গুলী ফুটাই ধৰ্ষণকাৰী বিকিয়ে। আত্মৰক্ষাৰ বাবে আৰক্ষীয়ে বিকি আলীলৈ গুলীয়াবলৈ বাধ্য হয়। চাওঁক দ্য ক্ৰছকাৰেন্ট টেক

 

 

 

Share This Article
The CrossCurrent
The CrossCurrent

Crosscurrent is an independent newsroom that produces investigative and analytical reporting with dedication. Crosscurrent is founded to uncover the truth behind the important issues. Crosscurrent is founded to cover the issues that matter.