সত্যৰ সন্ধানত প্ৰতিদিন, প্ৰতিপল

পঞ্জাৱৰ মুখ্যমন্ত্ৰী ভগৱন্ত মানে নিৰ্ধাৰণ কৰিছে প্ৰত্যেকজন মন্ত্ৰীৰ বাবে সুকীয়া সুকীয়া লক্ষ্য

নৱনিৰ্বাচিত পঞ্জাৱৰ মুখ্যমন্ত্ৰী ভগৱন্ত মানে নিজ মন্ত্ৰী মণ্ডলৰ প্ৰত্যেকজন মন্ত্ৰীৰ বাবে নিৰ্ধাৰণ কৰিছে সুকীয়া সুকীয়া লক্ষ্য। আৰু যদিহে কোনো মন্ত্ৰী এই লক্ষ্যত উপনীত হ’ব নোৱাৰে তেনেহলে মন্ত্ৰী গৰাকীক নিজ পদৰ পৰা আঁতৰাই দিয়াৰ সিদ্ধান্ত গ্ৰহণ কৰিব পাৰে। এই কথা সদৰী কৰে আম আদমী পাৰ্টিৰ মুখ্য নেতা তথা দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰীৱালে।
দিল্লীৰ মুখ্যমন্ত্ৰী গৰাকীয়ে জানিবলৈ দিয়ে যে পঞ্জাৱৰ নৱনিৰ্বাচিত মুখ্যমন্ত্ৰী ভগৱন্ত মানে শপত গ্ৰহণৰ পৰবৰ্তী এই তিনিদিনতেই বহুকেইটা গুৰুত্বপূৰ্ণ পদক্ষেপ হাতত লৈছে। কাৰ্যকালৰ আৰম্ভনিতেই ৰাজ্যৰ ২৫ হাজাৰ খালী হৈ থকা বিভিন্ন পদত ব্যক্তি নিযুক্তিৰ এক উল্লেখনীয় পদক্ষেপ গ্ৰহণ কৰে। তাৰোপৰি মন্ত্ৰী গৰাকীয়ে Anti-corruption action line মুকলিৰ ঘোষণা আগবঢ়ায়।

Leave A Reply

Your email address will not be published.