BCCI ৰ বাবে কিয় পুনৰ বিতৰ্কত সাঙোৰ খাইছে অমিত শ্বাহৰ পুত্ৰ জয় শ্বাহ?

Share This Article

ক্ৰিকেট প্ৰেমী সকললৈ দুখবৰ কঢ়িয়াই পুনৰ বিতৰ্কত সুমাই পৰিছে বি চি চি আই। শেহতীয়াকৈ সংস্থাটোৱে উচ্চতম ন্যায়ালয়ত কৰা এক আবেদনক কেন্দ্ৰ কৰি আৰম্ভ হৈছে এই বিতৰ্ক।

The Wire নামৰ নিউজ পৰ্টেলটোৱে শেহতীয়া ভাবে কৰা এক বাতৰি অনুসৰি বি চি চি আয়ে উচ্চতম ন্যায়ালয়ত ৰাজহুৱা তথা জাতীয় স্বাৰ্থ(public and national interest) জড়িত এক আবেদনৰ যোগেদি নিজৰ সংবিধানৰ ৬.৪ নিয়মটো সংশোধনৰ বাবে অনুমতি বিচাৰিছে।

উল্লেখযোগ্য যে বি চি চি আইৰ ৬.৪ নিয়ম অনুসৰি সংস্থাটোৰ পৰিচালনাৰ কোনো পদবীত যদি এজন ব্যক্তিয়ে একেৰাহে দুটা কাৰ্যকাল সম্পন্ন কৰা পিছত পুনৰ সংস্থাটোৰ কোনো পদবীৰ বাবে নিৰ্বাচন খেলিবলৈ মাজত তিনি বছৰৰ জিৰণী সময় লোৱাটো বাধ্যতামূলক। নিয়ম অনুসৰি এই কাৰ্যকাল সংস্থাটোৰ ৰাজ্যিক স্তৰতে হওক বা বিচিচিআই তে হওক একেদৰেই প্ৰযোজ্য।

নিউজ পৰ্টেলটোৰ বাতৰি অনুসৰি এই নিয়মে অমিত শ্বাহৰ পুত্ৰ তথা ব্যৱসায়ী জয় শ্বাহৰ, যি যোৱা মাহলৈকে বিচিচিআইৰ চেক্ৰেটাৰী পদত আছিল, পুনৰ নিৰ্বাচনত হেঙাৰ হৈ থিয় দিয়াৰ সম্ভাৱনা আছে। এই নিয়মে বিচিচিআইৰ যোৱা মাহলৈকে সভাপতি হৈ থকা ক্ৰিকেটাৰ সৌৰভ গাংগুলীৰো কাৰ্যকাল বৃদ্ধিত খেলিমেলি লগাব পাৰে।

নিউজ পৰ্টেলটোৰ বাতৰি অনুসৰি জয় শ্বাহ আৰু সৌৰভ গাংগুলী দুয়োজনে ক্ৰমে গুজৰাট আৰু পশিম বংগৰ ৰাজ্যিক ক্ৰিকেট সংস্থাত দীঘলীয়া ভাবে পদবীত আছিল।

গতিকে ইয়াৰ পাছতে প্ৰশ্ন উত্থাপন হৈছে যে বিচিচিআইয়ে নিজৰ সংবিধানৰ নিয়ম সংশোধনৰ বাবে কৰা এই আবেদনৰ আঁৰত জয় শ্বাহ আৰু সৌৰভ গাংগুলীৰ কাৰ্যকালৰ সময় বৃদ্ধি কৰিছে নেকি?

জানিব পৰা মতে বিচিচিআইয়ে তেওঁলোকৰ সংবিধানৰ ৬.৫,৭.৩,১৫(৩) আৰু (৪), ১৯(২) আৰু ৪৫ নিয়মৰ সংশোধনৰ বাবে উচ্চতম ন্যায়ালয়ত আবেদন কৰিছে।

বিচিচিআইৰ এই দুটা বছৰ একেৰাহে কাৰ্যকালৰ অন্তত তিনি বছৰ জিৰণী সময়ৰ এই নিয়ম ২০১৩ চনৰ আই পি এলৰ স্পট ফিক্চিং কেলেংকাৰীৰ পাছত গঠন কৰি দিয়া ল’ধা কমিটিৰ প্ৰতিবেদনৰ ভিত্তিত ২০১৬ চনত কৰা সংস্কাৰৰ অন্যতম আছিল।

Share This Article
The CrossCurrent
The CrossCurrent

Crosscurrent is an independent newsroom that produces investigative and analytical reporting with dedication. Crosscurrent is founded to uncover the truth behind the important issues. Crosscurrent is founded to cover the issues that matter.