আপুনি কেনেকৈ পাতিব পাৰিব ভোগালী বিহু….

Share This Article

নঙলামুখত ভোগৰ উৎসৱ ভোগালী বিহু। কিন্তু অসমবাসীক আগৰ দৰে ভোগালী বিহু উৎযাপন কৰিবলৈ নিদিয়ে ক’ভিডে। নিদিয়ে উৰুকাৰ নিশা ভেলাঘৰৰ আমেজ ল’বলৈ। এইবাৰ অসমবাসীয়ে কঠোৰ বাধ্য-বাধকতা মানি পাতিব লাগিব হেপাহৰ ভোগালী বিহু। অসমত ক’ভিডৰ সংখ্যা দিনে-দিনে বৃদ্ধি হোৱা বাবে ৰাজ্য-চৰকাৰে শুকুৰবাৰে জাৰি কৰিলে নতুন SOP। যাৰ পৰিপ্ৰেক্ষিতত অসমবাসীয়ে উৰুকাৰ ৰাতি ভেলাঘৰত থাকি জুই আমেজ লৈ ভোজভাত খোৱাৰ আনন্দৰ পৰা বঞ্চিত হ’ল। কিয়নো মুখ্যমন্ত্রী ডঃ হিমন্ত বিশ্ব শৰ্মাই প্ৰকাশ কৰা SOP ৰ মতে মাঘৰ উৰুকা ৰাতি ১০ বজাতেই গঞা ৰাইজে ভোজভাত খাই ঘৰৰ ভিতৰত সোমাব লাগিব। নোৱাৰিব ভেলাঘৰত থাকি ৰাতিটো কটাব। নোৱাৰিব পুৱতি নিশা ডেকাসকলে আনৰ ঘৰৰ জেওঁৰা-জপনা, হাঁহ-কুকুৰা চুৰি কৰি আনন্দ ল’ব। পিছদিনা পুৱা ৬ বজাৰ পাছতহে মেজি জ্বলাব পাৰিব ৰাইজে। আনহাতে মাঘৰ বিহুৰ মাছৰ বজাৰতো ভিৰ কৰিব নোৱাৰিব গ্ৰাহকে। শাৰিপাতিহে কিনিব লাগিব মাছ। বিহুৰ অনুষ্ঠানতো ২০০ তকৈ অধিক লোক থাকিব নোৱাৰিব বুলি কয় মুখ্যমন্ত্রীগৰাকীয়ে।

Share This Article
The CrossCurrent
The CrossCurrent

Crosscurrent is an independent newsroom that produces investigative and analytical reporting with dedication. Crosscurrent is founded to uncover the truth behind the important issues. Crosscurrent is founded to cover the issues that matter.