অসম – মিজোৰাম সীমান্তত পুণৰ উত্তেজনা : কাৰ বিৰুদ্ধে গুলীচালনাৰ অভিযোগ?

Share This Article

অসম – মিজোৰাম সীমান্তত পুণৰ উত্তেজনাপূৰ্ণ পৰিস্থিতিৰ সৃষ্টি হৈছে ৷মঙলবাৰে মিজোৰামে অসম আৰক্ষীৰ ওপৰত গুলীচালনাৰ অভিযোগ উত্থাপণ কৰিছে ৷মিজোৰামৰ অভিযোগ অনুসৰি অসম আৰক্ষীয়ে কৰা গুলীচলনাত এজন নীৰিহ লোক আহত হৈছে ৷
মিজোৰামৰ অভিযোগ সন্দৰ্ভত অসম চৰকাৰে কয় যে সীমান্তত দুৰ্বৃত্তই অসম আৰক্ষীৰ ওপৰত গুলীচালনা কৰাৰ পাছত আৰক্ষীয়ে প্ৰত্যুত্তৰত গুলী চলাইছিল ৷
এই ঘটনাৰ পাছত ৰাজ্যদুখনৰ সীমান্তত পুণৰ উত্তেজনা বৃদ্ধি পাইছে ৷
পি টি আইৰ খবৰ অনুসৰি ,মিজোৰামৰ কোলাশিৱ জিলাৰ উপায়ুক্ত লালথলাংগলিয়ানাই কৈছে যে এই ঘটনা হাইলাকান্দি সীমান্তৰ বিবাদমান অঞ্চলত সংঘটিত হৈছে ৷ গুলীচালনা সংঘটিত হৈছে মঙলবাৰে দুপৰীয়া ১ বজাত ৷ অসমৰ বিলাইপুৰ নিবাসী এজন লোকক সাক্ষাৎ কৰিবলৈ ভাইৰেংটিৰ পৰা তেওৰ দুজন বন্ধু আহিছিল ৷ তেতিয়াই সীমান্তৰ দায়িত্বত নিয়োজিত আৰক্ষীয়ে তেওলোকৰ ওপৰত গুলীচালনা কৰে ৷এই ঘটনাত এজন লোক আহত হৈছে ৷
হাইলাকান্দিৰ আৰক্ষী অধীক্ষক গৌৰৱ উপাধ্যায়ৰ মতে গুলীচালনাৰ ঘটনা সংঘটিত হৈছে যদিও কোনো লোক হতাহত হোৱা নাই ৷

Share This Article
The CrossCurrent
The CrossCurrent

Crosscurrent is an independent newsroom that produces investigative and analytical reporting with dedication. Crosscurrent is founded to uncover the truth behind the important issues. Crosscurrent is founded to cover the issues that matter.