নতুন SOP ত কি কি আছে?

◆ ৰাজ্যত উন্নতি ঘটিছে ক’ভিড পৰিস্থিতিৰ।
◆ ক’ভিড সম্পৰ্কীয় নতুন মানক সঞ্চালন প্ৰক্ৰিয়া (এছঅ’পি) কাইলৈ বুধবাৰ, ১৮ আগষ্ট ২০২১ৰ পুৱা ৫.০০ বজাৰ পৰা কাৰ্যকৰী হ’ব।
◆ ৰাজ্যজুৰি আৰু এঘণ্টা শিথিল হ’ব নৈশ সান্ধ্য আইন।
◆ সকলো জিলাতে নিশা ৭.০০ বজাৰ পৰা পিছদিনা পুৱা ৫.০০ বজালৈ সান্ধ্য আইন।
◆ সন্ধিয়া ৬.০০ বজালৈ খোলা থাকিব সকলো কাৰ্যালয়-কৰ্মক্ষেত্ৰ, হোটেল-ৰেষ্টুৰেণ্ট-ধাবা, ব্যৱসায়িক-বাণিজ্যিক প্ৰতিষ্ঠান, বিক্ৰী কেন্দ্ৰ, শ্ব’ৰোম, গেলামালৰ দোকান, ফলমূল, পাচলিৰ দোকান।

আন্তঃজিলা যাতায়তৰ ক্ষেত্ৰত থকা নিষেধাজ্ঞাতো শিথিলতাৰ ব্যৱস্থা
◆ কামৰূপ (মহানগৰ) জিলাৰ বাদে আন জিলাসমূহৰ ক্ষেত্ৰত প্ৰযোজ্য হোৱাকৈ ব্যক্তিগত যান-বাহনেৰে আন্তঃ জিলা যাতায়তত অনুমতি।
◆ ৰাজহুৱা পৰিবহন/যাত্ৰী পৰিবাহী বাহনেৰে আন্তঃজিলা যাতায়াতৰ ক্ষেত্ৰত বাহাল থাকিব নিষেধাজ্ঞা।
◆ কামৰূপ (মহানগৰ) জিলাৰ পৰা অন্য জিলালৈ আৰু আন জিলাৰ পৰা কামৰূপ (মহানগৰ) জিলালৈ আহ-যাহত নিষেধাজ্ঞা বাহাল।
◆ দৈনিক যুগ্ম-অযুগ্ম সংখ্যাৰ (Odd-Even Numbers) বাহন চলাচলৰ নিয়ম বাতিল।

◆ বিবাহ, সকাম আদি ঘৰুৱা মাংগলিক অনুষ্ঠানত ভাগ ল’ব পাৰিব সৰ্বাধিক ২৫ গৰাকী লোকে।
◆ অন্তিম সৎকাৰত ভাগ ল’ব পাৰিব সৰ্বাধিক ২৫ গৰাকী লোকে

◆ কামাখ্যা মন্দিৰত প্ৰতি ঘণ্টাত সৰ্বাধিক ২০ গৰাকী লোকৰ দৰ্শনত অনুমতি, কেৱল দুয়ো পালি ক’ভিড প্ৰতিষেধক লোৱা লোকৰ বাবেহে মুকলি থাকিব মন্দিৰ চৌহদত প্ৰৱেশৰ সুযোগ।
◆ অন্য ধৰ্মীয় স্থানত সৰ্বাধিক ১০ গৰাকী লোকৰ অংশগ্ৰহণত অনুমতি

◆ ৰিজ’ৰ্ট, হোটেল, ধাবাসমূহ মুঠ আসন ক্ষমতাৰ ৫০ শতাংশ আসনৰ গ্ৰাহকেৰে সন্ধিয়া ৬.০০ বজালৈকে খোলা ৰাখিব পাৰিব
◆ চিনেমা হ’ল বন্ধ থাকিব।

◆ ৰিজ’ৰ্ট, হোটেল, ধাবাসমূহ মুঠ আসন ক্ষমতাৰ ৫০ শতাংশ আসনৰ গ্ৰাহকেৰে সন্ধিয়া ৬.০০ বজালৈকে খোলা ৰাখিব পাৰিব
◆ চিনেমা হ’ল বন্ধ থাকিব।

◆ শিক্ষানুষ্ঠান :
◆ এমবিবিএছৰ চূড়ান্ত বৰ্ষ, বিএছচি নাৰ্ছিঙৰ চূড়ান্ত বৰ্ষ, ইঞ্জিনিয়াৰিঙৰ চূড়ান্ত বৰ্ষ আৰু জিএনএমৰ তৃতীয় বৰ্ষৰ ক্ষেত্ৰত শ্ৰেণীকোঠাত পাঠদান আৰম্ভ কৰিব পাৰিব। পাঠ গ্ৰহণৰ বাবে ছাত্ৰ-ছাত্ৰীসকলক দুয়োপালি ক’ভিড প্ৰতিষেধক গ্ৰহণ কৰিহে শ্ৰেণীকোঠালৈ অহাৰ দিহা
◆ এৰোনটিকেল ইঞ্জিনিয়াৰিং ইন্সটিটিউটত শ্ৰেণীকোঠাৰ পাঠদান পৰ্ব মুকলিৰ বাবে বিশেষ অনুমতি প্ৰদান

The CrossCurrent
The CrossCurrent

Crosscurrent is an independent newsroom that produces investigative and analytical reporting with dedication. Crosscurrent is founded to uncover the truth behind the important issues. Crosscurrent is founded to cover the issues that matter.

Articles: 4296