BTR Election: বিজেপি সাজু হ’ল, বিৰোধী ক’ত?
Are opposition parties ready for Bবি টি আৰৰ নিৰ্বাচনৰ বাবে সাজু হৈছে বিজেপি দল৷ ইয়াৰ বিপৰীতে এতিয়াও বিৰোধীৰ মাজত যেন খোৱা কামোৰা শেষেই হোৱা নাই৷ TR election
পঞ্চায়ত নিৰ্বাচনৰ আনন্দ উল্লাস কৰিবলৈ সময় নাই৷ শাসক দল বিজেপি আকৌ সাজু হৈছে নিৰ্বাচনলৈ৷ ক্ৰমাগত ৭ টাকৈ নিৰ্বাচনত পৰাজয়ৰ পাছতো বিৰোধীয়ে সম্বিত ঘূৰাই পোৱা নাই৷ কিন্তু ১১ মে’ত পঞ্চায়ত নিৰ্বাচনত অভাৱনীয় ভাল খবৰ লাভ কৰাৰ পাছতেই বিজেপি আকৌ সাজু হৈছে আন এক নিৰ্বাচনলৈ৷ পঞ্চায়ত নিৰ্বাচনৰ ফলাফল ঘোষণাৰ ৪ টা দিন পাছতেই ৰাজ্যিক বিজেপিৰ কাৰ্যালয়ত বহিল গুৰুত্বপূৰ্ণ নিৰ্বাচনী বৈঠক৷ ৰাজ্যিক বিজেপিৰ সভাপতি দিলীপ শইকীয়া আৰু মুখ্যমন্ত্ৰী ড: হিমন্ত বিশ্ব শৰ্মাৰ উপস্থিতিত সমাগত বি টি আৰৰ নিৰ্বাচন (BTR Election)ক লৈ পৰ্যালোচনা বৈঠকত মিলিত হ’ল মন্ত্ৰী আৰু জ্যেষ্ঠ বিষয়াসকল৷ জ্যেষ্ঠ মন্ত্ৰী একোগৰাকীক দায়িত্ব দিয়া হ’ল বি টি আৰৰ জিলাসমূহৰ৷ মন্ত্ৰীসকলে জিলা ভ্ৰমণ কৰি ল’ব নিৰ্বাচন সন্দৰ্ভত সিদ্ধান্ত৷
এইদৰেই বি টি আৰৰ নিৰ্বাচনৰ বাবে সাজু হৈছে বিজেপি দল৷ ইয়াৰ বিপৰীতে এতিয়াও বিৰোধীৰ মাজত যেন খোৱা কামোৰা শেষেই হোৱা নাই৷ ব্যৰ্থতাৰ পৰ্যালোচনা কৰাৰ সলনি বিৰোধীয়ে হয় এই ফলাফল অৱধাৰিত আছিল বুলি আত্মসন্তুষ্টি লাভ কৰিছে, নহয় ব্যৰ্থতাৰ বাবে আন কোনো দল বা কাৰকক জগৰীয়া কৰিছে৷ যিদৰে লোকসভা নিৰ্বাচনত উজনি অসমত সামান্য সফলতা লাভ কৰাৰ পাছতেই কংগ্ৰেছ বছৰজুৰি আত্মসন্তুষ্টিত মগ্ন হৈ থাকিল কংগ্ৰেছ দল৷ দলটোৰ বাবে ২০২৪ চনত যোৰহাট লোকসভা সমষ্টিত লাভ কৰা সফলতা আছিল এক টাৰ্ণিঙ পইণ্টৰ দৰে৷ তাৰেই আঁত ধৰি কংগ্ৰেছে উজনি অসমত হেৰুওৱা ভেটি উদ্ধাৰ লৰাৰ লগতে সাংগঠনিক ভেটিও মজবুত কৰিব পাৰিলেহেতেন৷ ইয়াৰ বাবে ব্যাপক সাংগঠনিক কৰ্মসূচীৰ দৰকাৰ আছিল৷ কিন্তু কংগ্ৰেছে সেই সুযোগ লাভ কৰিও ৰূপায়ন কৰাত ব্যৰ্থ হ’ল৷ বিগত সময়ছোৱাত কংগ্ৰেছ দলে চোতালে চোতালে কংগ্ৰেছে, চাঙে চাঙে কংগ্ৰেছ আদিৰ দৰে কাৰ্যসূচী ঘোষণা কৰিলে যদিও সেয়া কিমানদূৰ কাৰ্যক্ষেত্ৰত ৰূপায়ন হ’ল, তাৰ ফলত কংগ্ৰেছৰ সাংগঠনিক দিশত কি নতুনত্বৰ সংযোজন ঘটিল, তাৰ কোনো তথ্য পাবলৈ নাই৷ কিন্তু এটা কথা সঠিক যে সেই কাৰ্যসূচীসমূহৰ কোনো ইতিবাচক ফলাফল পঞ্চায়ত নিৰ্বাচনত প্ৰতিফলিত নহ’ল৷ যাৰ বাবে নিৰ্বাচনৰ শেষত তৃণমূলৰ কৰ্মীয়ে নেতাক কাষত নাপায় বুলি আফচোচ কৰিবলগীয়া হৈছে৷ ইয়াৰ বিপৰীতে বিজেপিয়ে লোকসভা নিৰ্বাচনৰ পাছতেই সদস্য ভৰ্তিৰ এক ব্যাপক অভিযান হাতত ল’লে৷ আকৌ এবাৰ ভোটাৰৰ কাষ চাপি গ’ল৷ লোকসভা নিৰ্বাচনত হোৱা ভুলৰ পুনৰীক্ষণ কৰি দিনে নিশাই তাৰ প্ৰতিকাৰ বিচৰাত লাগিল৷ তাৰ ফলাফলো দেখা গ’ল শেহতীয়া পঞ্চায়ত নিৰ্বাচনত৷
- Donation -
ৰাজনীতি সলনি হৈছে, ৰাজনীতি কৰাৰ ধৰণো বিগত সময়ছোৱাত দ্ৰতগতিত সলনি হৈছে৷ নিৰ্বাচনৰ সময়ত পাৰ্ট টাইমৰ ৰাজনীতি আচলতে ২০১৪ চনতেই অতীত হৈছে৷ বিজেপি দল নিজেই পৰিণত হৈছে এক নিৰ্বাচনী মেচিনত৷ এনে প্ৰত্যাহ্বানৰ মোকাবিলা কৰিব পাৰিব আন এক 24 × 7 ভোট মেচিনেহে৷ বিজেপিৰ বিশাল সাংগঠনিক জাল, অৰ্থনৈতিক শক্তিক প্ৰতিহত কৰিবলৈ বিৰোধীৰ মাজত যি উদ্যম আৰু প্ৰচেষ্টাৰ প্ৰয়োজন সেয়া এতিয়াও পৰিলক্ষিত হোৱা নাই৷ যাৰ বাবে বিৰোধীৰ ওপৰত ভোটাৰেও আস্থা দেখুওৱা নাই৷ ইয়াৰ বিপৰীতে পঞ্চায়তৰ অভৱনীয় সফলতাৰ আনন্দ এদিনতে সামৰি আকৌ বি টি আৰৰ নিৰ্বাচনৰ বাবে সাজু হৈ বিজেপিয়ে আচলতে বিৰোধীৰ সন্মুখত এক পৰিৱৰ্তিত ৰাজনীতিৰ আৰ্হিহে দাঙি ধৰিছে৷