কৃষিমন্ত্ৰী অতুল বৰাৰ সমষ্টিৰ গুদামত হাজাৰ কুইন্টল চাউল কেনেকৈ গেলিবলৈ পালে? মুখ্যমন্ত্ৰীয়ে ৰাজহুৱাকৈ কৃষিমন্ত্ৰীক জবাবদিহি কৰিব পাৰিবনে?

Share This Article

মুখ্যমন্ত্ৰী ড’ হিমন্ত বিশ্বশর্মাই বানাক্ৰান্তৰ কাৰণে মুক্ত হস্তে দান-বৰঙনি দিবলৈ কোৱাৰ ২৪ ঘণ্টা নহওঁতেই বোকাখাতত এক বৃহৎ চাউল কেলেংকাৰীৰ ঘটনা সংঘটিত হোৱাৰ অভিযোগ তুলিছে জীপাল কৃষক শ্ৰমিক সংঘই।
কৃষিমন্ত্ৰী অতুল বৰাৰ গৃহসমষ্টি বোকাখাতত বানাক্ৰান্তৰ বাবে অহা চাউলত এই বৃহৎ কেলেংকাৰী সংঘটিত হোৱাৰ অভিযোগ জীপালৰ।বোকাখাত সমষ্টিত চাৰি বছৰে শ শ কুইণ্টল চাউল গুদামত ৰাখি পচিবলৈ দিয়া ৰহস্যৰ আঁৰৰ সকলোকে অপৰাধী হিচাপে গণ্য কৰিবলৈ চৰকাৰক দাবী জনাইছে জীপাল কৃষক শ্ৰমিক সংঘই। কৃষি মন্ত্ৰী অতুল বৰাৰ সমষ্টিৰ জলসম্পদ বিভাগত চাউল গেলিবলৈ কেনেকৈ পালে, ইয়াৰ এক উচ্চস্তৰীয় তদন্তৰ দাবী জনাই জীপালৰ উপদেষ্টা সোণেশ্বৰ নৰহে প্ৰতিক্ৰিয়া ব্যক্ত কৰি কয় যে অনলাইনত দুজনমান আমোলাক অনুশাসন কৰাৰ দৰে কৃষি মন্ত্ৰী অতুল বৰাক জবাবদিহি কৰিব পাৰিবনে?লগতে এই চাৰি বছৰে এই দুষ্কাৰ্যত লিপ্ত থকা সকলো বিভাগৰ মূৰব্বী তথা তত্বাৱধায়ক মন্ত্ৰী অতুল বৰাকো তদন্তৰ আওঁতালৈ আনিবলৈ দাবী তুলিছে জীপালে। বানাক্ৰান্ত ৰাইজলৈ অহা, জনতাৰ মুখৰ ভাত কাঢ়ি খোৱা কোনো এজেঞ্চীকেই ক্ষমাৰ দৃষ্টিৰে নাচাবলৈ চৰকাৰক দাবী তুলিছে জীপালৰ মুখপাত্ৰ প্ৰবীন পেগু, সম্পাদক পুতুল নৰহ,বিজু চাওঁতালে।
সাংবাদিকৰ সন্ধানত উদ্ধাৰ হোৱা মহকুমা প্ৰশাসনৰ চাউল কেলেংকাৰীৰ উচ্চ পৰ্যায়ৰ তদন্তৰ দাবী জনাইয়ে ক্ষান্ত নাথাকে জীপালে,ইয়াৰ বিৰুদ্ধে তীব্ৰ প্ৰতিবাদী কাৰ্যসূচী ল’বলৈও কুন্ঠাবোধ নকৰে বুলি সকীয়াই দিয়ে জীপালে।
আজিৰ দুৰ্ভিক্ষৰ দিনত,ৰাজহৰ ধন অনাতনৰ সময়ত এই কেলেংকাৰী সংঘটিত কৰা সকলোকে “অত্যাৱশ্যকীয় সামগ্ৰী অধিকাৰ আইনৰ “আওঁতাত অতি শীঘ্ৰে গ্ৰেপ্তাৰ কৰি চৰকাৰে এক নিদৰ্শন দাঙি ধৰিবলৈ দাবী জনায় জীপালে।নিম্ন বৰ্গৰ দুই এক কৰ্মচাৰীক নিলম্বন কৰি দায় সাৰিলে জীপাল কৃষক শ্ৰমিক সংঘই ক্ষমা নকৰে। ইয়াৰ লগত ৰৌ বৰালী নেতা আমোলা,লগতে তত্বাৱধায়ক কৃষি মন্ত্ৰীকো তদন্তৰ আওঁতালৈ আনিলেহে বোকাখাত বাসীয়ে সন্তুষ্টি ল’ব তথা প্ৰকৃত বিচাৰ হ’ব। জনসাধাৰণ আৰু সাংবাদিকক আন্ধাৰত ৰাখি সংঘটিত কৰা এই চাউলৰ বৃহৎ কেলেংকাৰীটোক বোকাখাত মহকুমাধিপতি ডাঃ নেহা যাদৱে গাপ দিব বিচাৰিছিল যদিও সাংবাদিকৰ তৎপৰতাত গুদাম খুলি দেখুৱাবলৈ বাধ্য হয় মহকুমাধিপতি গৰাকীয়ে।আনহাতে মহকুমাধিপতিয়ে মোৰ দিনত এইবোৰ হোৱা নাই আগৰ মহকুমাধিপতি গৰাকীৰ দিনত সকলোবোৰ সংঘটিত হৈছিল বুলি কৈ ঘটনাটোৰ পৰা এৰাই চলিব বিচৰাৰ অভিযোগ উঠিছে। জনচক্ষুত ধূলি দি এই বৃহৎ পৰিমাণৰ চাউল কলা বজাৰত বিক্ৰী কৰাৰ পৰিকল্পনা আছিল বুলি সন্দেহ উত্থাপন কৰিছে জীপালে।বানপানীৰ সময়ত এমুঠি চাউল এসাজ ভাতৰ কাৰণে হাহাকাৰ কৰি থাকিব লগা হয়। তেনে পৰিপ্ৰেক্ষিতত বোকাখাত মহকুমা প্ৰশাসনে কি কাৰণত তিনিবছৰে বানাক্ৰান্তৰ কাৰণে অহা শ শ কুইণ্টল চাউল গুদামতে গেলি নষ্ট হ’বলৈ দিলে তাক লৈ প্ৰশ্ন উত্থাপন কৰিছে জীপাল কৃষক শ্ৰমিক সংঘই।

Share This Article
The CrossCurrent
The CrossCurrent

Crosscurrent is an independent newsroom that produces investigative and analytical reporting with dedication. Crosscurrent is founded to uncover the truth behind the important issues. Crosscurrent is founded to cover the issues that matter.