কৃত্ৰিম মেধাৰ নতুন যুগ! নেলা-জয়ৰ কাহিনীয়ে কি কথা কৈ গ’ল?

২০২৩ চনৰ মাৰ্চৰ শেষভাগৰ কথা৷ প্ৰযুক্তি জগতৰ এহাজাৰতকৈও অধিক নেতৃস্থানীয় ব্যক্তিয়ে এখন মুকলি পত্ৰ প্ৰকাশ কৰে৷ এই পত্ৰত তেওঁলোকে সকীয়াই দিয়া যে আৰ্টিফিচিয়েল ইণ্টেলিজেন্সৰ প্ৰযুক্তিয়ে সমাজ আৰু মানৱতাৰ বাবে গভীৰ ভাবুকি কঢ়িয়াই আনিব পাৰে৷ এই পত্ৰত স্বাক্ষৰ কৰা লোকসকলৰ ভিতৰত অন্যতম আছিল টেছলা–টুইটাৰৰ স্বত্বাধিকাৰী এলন মাস্কো৷ তেওঁ এ আইৰ পৰীক্ষাগাৰসমূহক আহ্বান জনাই যে ছমাহৰ বাবে অন্ততঃ এ আইৰ কাম কাজ স্থগিত ৰাখক, যাতে ইয়াৰ পৰা আহিব পৰা ভাবুকিসমূহ আগতেই বুজি উঠিব পৰা যায়৷ পত্ৰখনত এইবুলিও কোৱা হয়–‘শক্তিশালী এ আই চিষ্টেম এটা তেতিয়াহে বিকশিত কৰা উচিত, যেতিয়া আমি বিশ্বাস কৰিব পৰা হওঁ যে ইয়াৰ প্ৰভাৱ হ’ব ইতিবাচক৷ তাৰ পৰা আহিব পৰা ভাবুকিসমূহ নিয়ন্ত্ৰণ কৰিব পৰা যাব৷’

তাৰ পাছত ডেৰ বছৰ পাৰ হৈ গ’ল৷ আজিৰ পৰিস্থিতি এনেকুৱা যে প্ৰতি সপ্তাহত ৩০০ মিলিয়ন মানুহে অ’পেন এ আইৰ চাট জিপিটি ব্যৱহাৰ কৰিছে৷ শেহতীয়াকৈ অ’পেন এ আই মুকলি কৰিছে ‘অ’১’ প্ৰ’ ম’ড৷ যিয়ে এ আইৰ বৰ্তমানৰ প্ৰতিবন্ধকতাসমূহকো অতিক্ৰম কৰিব পাৰিব বুলি আশা কৰা হৈছে৷ সকলো ভাবুকি, সকলো সকীয়নিক নেওচি ২০২৪ চনত আৰ্টিফিচিয়েল ইণ্টেলিজেন্স অৰ্থাৎ কৃত্ৰিম মেধাই প্ৰযুক্তিজগত দখল কৰি ল’লে৷ এটা সামান্য নিৰ্দেশতে গল্প, কবিতা, ছবি, ভিডিঅ’ প্ৰস্তুত হৈ যাব মোবাইল ফোনত৷ সন্তুষ্ট ন’হলে বাৰে বাৰে লিখি যাব৷ এ আই অৰ্থাৎ কৃত্ৰিম মেধাই প্ৰযুক্তিজগতত বিপ্লৱৰ সূচনা কৰাই নহয়, প্ৰতিটো ক্ষেত্ৰৰেই অপৰিহাৰ্য সহায়ক প্ৰযুক্তিত পৰিণত হৈছে৷ কিন্তু সৃষ্টিশীলতাৰ সমান্তৰালভাৱে এই কৃত্ৰিম মেধাই অনেক ক্ষেত্ৰত বিপদৰ সম্ভাৱনাও কঢ়িয়াই আনিছে৷ ভয়চ ক্ল’নিঙৰ অপব্যৱহাৰ শেহতীয়াকৈ ভাৰতৰ বিগত লোকসভা নিৰ্বাচনত বহুবাৰ প্ৰমাণিত হ’ল৷ ৰাজনীতিৰ পৰা পৰ্ণজগতলৈ এ আইৰ অপব্যৱহাৰৰ অনেক ঘটনা পোহৰলৈ আহিয়েই আছে৷ তাতকৈও ভয়ংকৰ কথাটো হ’ল–মানুহে এতিয়া একাকীত্ব নিবাৰণৰ বাবেও এ আইৰ সহায় লোৱা আৰম্ভ কৰিছে৷ নিজৰ পছন্দৰ চৰিত্ৰ সৃষ্টি কৰিছে৷ তাৰ পাছত ভাৰ্ছুৱেলী সেই চৰিত্ৰৰ সৈতে কথোপকথন কৰিছে৷ বিভিন্ন সমস্যাৰ সমাধান বিচাৰিছে৷ ভাৰ্ছুৱেল চৰিত্ৰই মানুহৰ সমস্যাৰ সমাধান দিবলৈ আৰম্ভ কৰিছে৷ তেনে এক কাহিনীৰে এই বছৰ মুক্তি লাভ কৰিলে জেন জিৰ অভিনেত্ৰী অনন্যা পাণ্ডে অভিনীত ‘চি টি আৰ এল’ নামৰ চিনেমাখনে৷

নেলা আৰু জয় নামৰ কিশোৰ কিশোৰী এহালৰ মৰমলগা প্ৰেম কাহিনীৰে ‘চি টি আৰ এল’ৰ আৰম্ভণি৷ তেওঁলোকৰ ভিডিঅ’ই ইউ টিউবত সৃষ্টি কৰে চাঞ্চল্যৰ৷ এখন ভাৰ্ছুৱেল জগতত আচ্ছন্ন হৈ পৰে নেলা আৰু জয় ৷ ইণ্টাৰনেটত ভিডিঅ’ আপলোড কৰি তেওঁলোকে প্ৰচুৰ টকা উপাৰ্জন কৰিবলৈ আৰম্ভ কৰে৷ ঠিক তেনে এক সময়তে নেলা আৰু জয়ৰ সম্পৰ্ক বিচ্ছিন্ন হৈ পৰে৷ জয়ৰ সৈতে বিচ্ছেদৰ পাছত জয়ৰ অস্তিত্ব মচি পেলাবলৈ নেলাই সহায় লয় চি টি আৰ এল নামৰ এটা এপৰ৷ চি টি আৰ এলে এ আইৰ সহযোগত নেলাৰ জীৱনৰ সকলো ডিজিটেল ষ্ট’ৰেজৰ পৰা জয়ৰ অস্তিত্ব মচি পেলায়৷ কিন্তু তাকে কৰিবলৈ যাওতে নেলাৰ লেপটপৰ নিয়ন্ত্রণও চি টি আৰ এল এপটোৱে নিজৰ হাতলৈ লৈ যায়৷ তাৰ পাছত নেলাৰ সকলো তথ্য হস্তগত হয়, সেই বিশেষ এপটোৰ৷ নেলাৰ ই মেইল আৰু হোৱাটছ এপৰ ৰিপ্লাইও চি টি আৰ এলে নিজে নিজে দিবলৈ আৰম্ভ কৰে৷ এদিন নিশা জয় আহে নেলাৰ এপাৰ্টমেণ্টলৈ৷ জৰুৰী কাম এটাত জয়ে নেলাক লগ পাব খুজি মেছেজ কৰে৷ কিন্তু নেলাই মেছেজ চোৱাৰ আগতেই এ আই এপ চি টি আৰ এলে নিজাকৈ ৰিপ্লাই দি সেই চাটটোৱে ডিলিট কৰি দিয়ে৷ সেই নিশাই জয় সন্ধানহীন হয় আৰু এদিন তাৰ মৃতদেহ উদ্ধাৰ হয়৷ জয়ৰ মৃত্যুৰ আঁত ধৰি নেলাই আৱিষ্কাৰ কৰে যে সি ‘প্ৰজেক্ট ইউনিকৰ্ণ’ নামৰ এটা প্ৰকল্পৰ সৈতে জড়িত আছিল৷ যিয়ে এ আই এপে কেনেদৰে মানুহৰ ব্যক্তিগত তথ্য চুৰি কৰিছে, সেয়া ফাদিলৰ দিশত আগবাঢ়িছিল৷ তেওঁলোকে মন্ত্ৰ নামৰ কোম্পানীটোৱে প্ৰস্তুত কৰা চি টি আৰ এল এপটোৱে কিদৰে মানুহৰ ডিজিটেল লাইফ নিয়ন্ত্ৰণ কৰিবলৈ লৈছে, তাৰ তথ্যও লাভ কৰিবলৈ সক্ষম হৈছিল৷ এই সকলো তথ্য নিজে এটা ভিডিঅ’ত কৈ গৈছিল জয়ে৷ ইয়াৰ পাছতেই নেলাই চি টি আৰ এলৰ পৰা লগ আউট কৰে আৰু জয়ৰ সেই বিশেষ ভিডিওটো নিজৰ চেনেলত আপলোড কৰিবলৈ লয়৷ কিন্তু ইতিমধ্যে নেলাৰ সকলো তথ্য চি টি আৰ এলে হস্তগত কৰিছিল আৰু এ আইৰ সহযোগত জয়ৰ মৃত্যুৰ বাবে নেলাক জগৰীয়া কৰি প্ৰকৃত ভিডিঅ’টো এডিট কৰি দিয়ে৷

এ আইৰ ভয়াৱহ দিশটোক সকীয়নি দি ‘চি টি আৰ এলঃ ব্লেক মিৰৰ’ নামৰ চিনেমাখন নিৰ্মাণ কৰা হৈছে৷ এই ভয়াৱহতাক স্বীকাৰ কৰিও চিকিৎসা বিজ্ঞানৰ পৰা কৃষি খণ্ডলৈ, গাড়ী নিৰ্মাণৰ পৰা শিক্ষা জগতলৈ এ আই অপৰিহাৰ্য হৈ পৰিছে৷ ভয়ৱহতা দেখি থাকিও আমি স্বীকাৰ কৰিব লাগিব কৃত্ৰিম মেধাৰ নতুন প্ৰযুক্তিক৷ ২০২৪ ত বিকাশৰ এক নতুন স্তৰত উপনীত হ’ল কৃত্ৰিম মেধা৷ ২০২৫ হ’ব লাগিব তাৰ যথোচিত ব্যৱহাৰৰ নিৰ্দেশনা প্ৰস্তুতৰ সময়৷ কাৰণ এই কৃত্ৰিম মেধাৰ দৈত্য আৰু সাধু দুয়োটা ৰূপ ল’ব পৰা ক্ষমতা আছে।

নেলা আৰু জয় নামৰ কিশোৰ কিশোৰী এহালৰ মৰমলগা প্ৰেম কাহিনীৰে ‘ চি টি আৰ এল’ৰ আৰম্ভণি ৷ তেওঁলোকৰ ভিডিঅ’ই ইউ টিউবত সৃষ্টি কৰে চাঞ্চল্যৰ ৷ এখন ভাৰ্ছুৱেল জগতত আচ্ছন্ন হৈ পৰে নেলা আৰু জয় ৷ ইণ্টাৰনেটত ভিডিঅ’ আপলোড কৰি তেওঁলোকে প্ৰচুৰ টকা উপাৰ্জন কৰিবলৈ আৰম্ভ কৰে ৷ ঠিক তেনে এক সময়তে নেলা আৰু জয়ৰ সম্পৰ্ক বিচ্ছিন্ন হৈ পৰে ৷ জয়ৰ সৈতে বিচ্ছেদৰ পাছত জয়ৰ অস্তিত্ব মচি পেলাবলৈ নেলাই সহায় লয় চি টি আৰ এল নামৰ এটা এপৰ ৷ চি টি আৰ এলে এ আইৰ সহযোগত নেলাৰ জীৱনৰ সকলো ডিজিটেল ষ্ট’ৰেজৰ পৰা জয়ৰ অস্তিত্ব মচি পেলায় ৷ কিন্তু তাকে কৰিবলৈ যাওতে নেলাৰ লেপটপৰ নিয়ন্ত্রণও চি টি আৰ এল এপটোৱে নিজৰ হাতলৈ লৈ যায় ৷ তাৰ পাছত নেলাৰ সকলো তথ্য হস্তগত হয় , সেই বিশেষ এপটোৰ ৷ নেলাৰ ই মেইল আৰু হোৱাটছ এপৰ ৰিপ্লাইও চি টি আৰ এলে নিজে নিজে দিবলৈ আৰম্ভ কৰে ৷ এদিন নিশা জয় আহে নেলাৰ এপাৰ্টমেণ্টলৈ ৷ জৰুৰী কাম এটাত জয়ে নেলাক লগ পাব খুজি মেছেজ কৰে ৷ কিন্তু নেলাই মেছেজ চোৱাৰ আগতেই এ আই এপ চি টি আৰ এলে নিজাকৈ ৰিপ্লাই দি সেই চাটটোৱে ডিলিট কৰি দিয়ে ৷ সেই নিশাই জয় সন্ধানহীন হয় আৰু এদিন তাৰ মৃতদেহ উদ্ধাৰ হয় ৷ জয়ৰ মৃত্যুৰ আঁত ধৰি নেলাই আৱিষ্কাৰ কৰে যে সি ‘প্ৰজেক্ট ইউনিকৰ্ণ ‘ নামৰ এটা প্ৰকল্পৰ সৈতে জড়িত আছিল ৷ যিয়ে এ আই এপে কেনেদৰে মানুহৰ ব্যক্তিগত তথ্য চুৰি কৰিছে , সেয়া ফাদিলৰ দিশত আগবাঢ়িছিল ৷ তেওঁলোকে মন্ত্ৰ নামৰ কোম্পানীটোৱে প্ৰস্তুত কৰা চি টি আৰ এল এপটোৱে কিদৰে মানুহৰ ডিজিটেল লাইফ নিয়ন্ত্ৰণ কৰিবলৈ লৈছে , তাৰ তথ্যও লাভ কৰিবলৈ সক্ষম হৈছিল ৷ এই সকলো তথ্য নিজে এটা ভিডিঅ’ত কৈ গৈছিল জয়ে ৷ ইয়াৰ পাছতেই নেলাই চি টি আৰ এলৰ পৰা লগ আউট কৰে আৰু জয়ৰ সেই বিশেষ ভিডিওটো নিজৰ চেনেলত আপলোড কৰিবলৈ লয় ৷ কিন্তু ইতিমধ্যে নেলাৰ সকলো তথ্য চি টি আৰ এলে হস্তগত কৰিছিল আৰু এ আইৰ সহযোগত জয়ৰ মৃত্যুৰ বাবে নেলাক জগৰীয়া কৰি প্ৰকৃত ভিডিঅ’টো এডিট কৰি দিয়ে ৷

এ আইৰ ভয়াৱহ দিশটোক সকীয়ণি দি ‘ চি টি আৰ এল: ব্লেক মিৰৰ ‘ নামৰ চিনেমাখন নিৰ্মাণ কৰা হৈছে ৷ এই ভয়াৱহতাক স্বীকাৰ কৰিও চিকিৎসা বিজ্ঞানৰ পৰা কৃষি খণ্ডলৈ , গাড়ী নিৰ্মাণৰ পৰা শিক্ষা জগতলৈ এ আই অপৰিহাৰ্য হৈ পৰিছে ৷ ভয়ৱহতা দেখি থাকিও আমি স্বীকাৰ কৰিব লাগিব কৃত্ৰিম মেধাৰ নতুন প্ৰযুক্তিক ৷ ২০২৪ ত বিকাশৰ এক নতুন স্তৰত উপনীত হ’ল কৃত্ৰিম মেধা  ৷ ২০২৫ হ’ব লাগিব তাৰ যথোচিত ব্যৱহাৰৰ নিৰ্দেশনা প্ৰস্তুতৰ সময় ৷ কাৰণ এই কৃত্ৰিম মেধাৰ দৈত্য আৰু সাধু দুয়োটা ৰূপ ল’ব পৰা ক্ষমতা আছে  ৷

The CrossCurrent
The CrossCurrent

Crosscurrent is an independent newsroom that produces investigative and analytical reporting with dedication. Crosscurrent is founded to uncover the truth behind the important issues. Crosscurrent is founded to cover the issues that matter.

Articles: 4296