এইবাৰ তৃণমূল কংগ্ৰেছত যোগদান কৰিব নেকি গান্ধী পৰিয়ালৰ সদস্যই ? এই লৈ দিল্লী আৰু কলকাতাত ব্যাপক চৰ্চা আৰম্ভ হৈছে ৷
অহা সপ্তাহত দিল্লী ভ্ৰমণ কৰিব তৃণমূল কংগ্ৰেছৰ নেত্ৰী তথা পশ্চিমবংগৰ মুখ্যমন্ত্ৰী মমতা বেনাৰ্জীয়ে ৷ মমতা বেনাৰ্জীৰ এই ভ্ৰমনক লৈ ৰাজনৈতিক মহলত এতিয়াৰে পৰা ব্যাপক চৰ্চা আৰম্ভ হৈছে ৷ চৰ্চা চলিছে যে সাংসদ বৰুণ গান্ধী আৰু বিজেপি নেতৃত্বৰ সম্পৰ্ক তিক্ততাপূৰ্ণ হৈ পৰিছে ৷ বৰুণ গান্ধী আৰু তেওৰ মাতৃ মেনকা গান্ধীক বিজেপিৰ ৰাষ্ট্ৰীয় কাৰ্যনিৰ্বাহকৰ পৰাও বাহিৰত ৰখা হৈছে ৷ তাৰ পাছৰে পৰা বিজেপি চৰকাৰৰ বিৰুদ্ধে পৰোক্ষভাৱে আক্ৰমনাত্মক হৈ আহিছে বৰুণ গান্ধী ৷ বিজেপিৰ ওপৰত অসন্তুষ্ট হ’লেও তেওৰ বাবে কংগ্ৰেছত যোগদান কৰাটোও এক আত্মসন্মানৰ প্ৰশ্ন ৷ এনে পৰিস্থিতিত বৰুণ গান্ধীয়ে বিকল্প ৰাজনৈতিক মঞ্চ হিচাপে তৃণমূল কংগ্ৰেছক বাছি ল’লেও আচৰিত হ’বলগীয়া একো নাই ৷ বৰুণ গান্ধীৰ লগতে উত্তৰ প্ৰদেশৰ বি এছ পি নেতা দানিছ আলিৰো তৃণমূল নেতৃত্বৰে আলোচনা চলি থকা বুলি খবৰ ওলাইছে ৷
Crosscurrent is an independent newsroom that produces investigative and analytical reporting with dedication. Crosscurrent is founded to uncover the truth behind the important issues. Crosscurrent is founded to cover the issues that matter.
Prev Post