মুছলমান সকলক অত্যাচাৰ নকৰিবঃ ৰাষ্ট্ৰসংঘত চীনৰ বিৰুদ্ধে গৰজি উঠিল ৪৩ দেশ

Share This Article

চীনত উইঘুৰ মুছলমানসকলক বিভিন্ন সময়ত হাৰাশাস্তি কৰি অহাৰ অভিযোগ উঠি আহিছে। কিন্তু এতিয়া চীনৰ এই দুৰ্ভগীয়া মুছলমান সকলৰ পক্ষত থিয় দিছে বিশ্বৰ ৪৩ খন দেশে। মুছলমান সকলক অত্যাচাৰ নকৰিব, মুছলমান সকলোৰো স্বাধীনভাৱে জীয়াই থকাৰ অধিকাৰ আছে-এনেদৰেই এতিয়া চীনত উইঘুৰ মুছলমানৰ ওপৰত চলা অত্যাচাৰৰ বিৰুদ্ধে একেলগে থিয় দিছে ইউৰোপীয় ইউনিয়নকে ধৰি পশ্চিমীয়া দেশসমূহে। ২০১৯ চনৰ পৰাই চীনৰ উইঘুৰ মুছলমানসকলক হাৰাশাস্তি কৰি অহাৰ অভিযোগ উত্থাপন কৰিছে এই দেশ সমূহে। আনকি মুছলমানৰ ধৰ্মীয় অনুষ্ঠানসমূহতো বাধা দি আহিছে চীন চৰকাৰে। জিনজিয়াঙত একেলগে ভাঙি পেলোৱা হৈছিল কেইবা হাজাৰো মছজিদ। তদুপৰি উদ্বেগজনকভাৱে মুছলমান মহিলাসকলকো অত্যাচাৰ কৰিছিল চীন চৰকাৰে।

Share This Article
The CrossCurrent
The CrossCurrent

Crosscurrent is an independent newsroom that produces investigative and analytical reporting with dedication. Crosscurrent is founded to uncover the truth behind the important issues. Crosscurrent is founded to cover the issues that matter.