Investigative reporting with dedication.

বিহুবৰ, নেপালীখুঁটিৰ পৰা অৰূপ কলিতা আৰু অৰিন্দম বুঢ়াগোহাঁইঃ শিৱসাগৰ জিলা প্ৰশাসনৰ চৰম হেমাহি আৰু গাফিলতিৰ বাবেই বিধ্বস্ত হৈ পৰিল উজনিৰ তিনি জিলা৷ শিৱসাগৰ, চৰাইদেউ আৰু যোৰহাটৰ বানৰ প্ৰলয়ৰ অন্যতম অপৰাধী হিচাপে বিবেচিত হৈছে শিৱসাগৰ জিলা উপায়ুক্ত মৃদুল যাদৱ৷ কাৰণ, দিখৌৰ সংহাৰ অকস্মাৎ আৰম্ভ হোৱা নাছিল৷ ১৯ জুলাই, দেওবাৰৰ সন্ধিয়া সমগ্ৰ শিৱসাগৰ জিলা বুৰাই পেলাইছিল দিখৌৰ পানীয়ে৷ কিন্তু দিখৌ নিকটৱৰ্তী অঞ্চলত সেইদিনা পুৱাৰ ভাগৰ পৰাই আৰম্ভ হৈছিল বানৰ তাণ্ডৱ৷ বানাক্ৰান্ত ৰাইজে বাৰম্বাৰ জিলা প্ৰশাসনৰ সৈতে যোগাযোগ কৰিও লাভ কৰা নাছিল কোনো সঁহাৰি৷ জাৰি কৰা নাছিল কোনো সতৰ্কতা৷ এক কথাত দেওবাৰৰ দিনটোত শুই থাকিল শিৱসাগৰৰ জিলা আয়ুক্ত মৃদুল যাদৱ৷ প্ৰশাসনৰ দিনজোৰা আওকানৰ পাছত শেষত নিশাৰ ভাগলৈ সমগ্ৰ শিৱসাগৰ জিলা জলমগ্ন হৈ পৰিল৷ ‘দ্য ক্ৰছকাৰেণ্ট’ৰ চৰজমিন অনুসন্ধানত শিৱসাগৰ জিলা প্ৰশাসনৰ এই ভয়ানক গাফিলতিৰ তথ্য উন্মোচন হৈছে৷
যি স্থানেৰে দিখৌৰ পানী শিৱসাগৰ জিলালৈ সোমাই আহিছিল, সেই বিহুবৰৰ নেপালীখুঁটি এতিয়া পৰিণত হৈছে ভগ্নস্তূপত৷ নেপালীখুঁটিৰ বাসিন্দা গোপাল শৰ্মাই আমাক জনোৱা অনুসৰি, ১৯ জুলাই দেওবাৰৰ পুৱাৰ ভাগৰ পৰাই দিখৌৰ পানী বাঢ়িবলৈ আৰম্ভ কৰিছিল৷ পুৱা ৯–৯.৩০ মান বজাত প্ৰথমতে পানীয়ে নেপালীখুঁটি গাঁওখন বুৰাবলৈ আৰম্ভ কৰে৷ চাওতে চাওতে পানী বাঢ়ি যায়৷ গোপাল শৰ্মাৰ পৰিয়ালে বিপদৰ আশংকাত ঘৰৰ ছালত আশ্ৰয় লয়৷ কিন্তু দিনৰ ১১.৩০ মান বজাত অহা প্ৰচণ্ড ঢৌৱে তেওঁলোকক উটুৱাই লৈ যায়৷ এই ঢৌ আছিল অত্যন্ত ভয়ানক৷ কাঠৰ কুণ্ডা আৰু বহু জাবৰ জোঁথৰ উটি আহিছিল দিখৌৰ বানত৷ গোপাল শৰ্মাৰ পৰিয়ালটোৱে ঘৰৰ মূধচৰ সৈতে উটি গৈ কোনোমতে অন্য এটা ঘৰৰ ছালত আশ্ৰয় ল’বলৈ সক্ষম হয়৷

গোপাল শৰ্মাৰ ভাষ্যৰ পৰাই ওলাই পৰে যে দেওবাৰে পুৱাৰ পৰাই দিখৌৰ সমীপত থকা বিহুবৰ অঞ্চলত বানৰ তাণ্ডৱ আৰম্ভ হৈছিল৷ নাম প্ৰকাশত অনিচ্ছুক এজন স্থানীয় যুৱকে জনোৱা মতে, পুৱাৰ পৰাই সমগ্ৰ অঞ্চলটো পানীয়ে বুৰাই পেলাবলৈ আৰম্ভ কৰে৷ তেওঁলোকে ওচৰৰ এঘৰৰ ছাদত আশ্ৰয় লৈ দিনটো অপেক্ষা কৰে আৰু জিলা প্ৰশাসনক বাৰম্বাৰ ফোনযোগে উদ্ধাৰৰ বাবে অনুৰোধ জনায়৷ প্ৰথমতে এবাৰ দুবাৰ ফোন ৰিছিভ কৰি জিলা প্ৰশাসনৰ লোকে উদ্ধাৰকাৰী নাও প্ৰেৰণ কৰিব বুলি জানিবলৈ দিয়ে৷ কিন্তু সন্ধিয়া পৰ্যন্ত কোনো উদ্ধাৰকাৰী বাহিনী আহি নাপালে৷ পাছলৈ ফোনো ৰিছিভ নকৰা হ’ল৷ তেনেকৈয়ে তেওঁলোকে এঘৰ মানুহৰ ছাদত অসহায় হৈ ৰৈ থাকে৷ অৱশেষত স্থানীয় এজন নাৱৰীয়াই পানীত আৱদ্ধ লোকসকলক উদ্ধাৰ কৰে৷
বিহুবৰ নেপালীখুঁটিৰ দুগৰাকী ভুক্তভোগীৰ ভাষ্যই প্ৰমাণ কৰি দিয়ে যে দিখৌৰ বান অকস্মাৎ অহা নাছিল৷ পুৱাৰ পৰাই সমীপৰ বহু অঞ্চলত বানৰ তাণ্ডৱ আৰম্ভ হৈছিল৷ এই বিষয়ে স্থানীয় লোকে জিলা প্ৰশাসনক সময়মতে অৱগতও কৰিছিল৷ কিন্তু সহায় অথবা উদ্ধাৰ অভিযান বাদেই শিৱসাগৰ জিলা প্ৰশাসনে সতৰ্কতাও জাৰি নকৰিলে৷ যাৰ ফলত বিহুবৰ ধ্বংস্তূপত পৰিণত হোৱাৰ সমান্তৰালভাৱে জিলাবাসী ৰাইজ বানৰ বিষয়ে অৱগতই নহ’ল৷ ফলত সন্ধিয়াৰ ভাগলৈ দিখৌৰ পানীয়ে শিৱসাগৰৰ লগৰে চৰাইদেউ আৰু যোৰহাটৰ হাজাৰ হাজাৰ পৰিয়ালৰ বাসগৃহ তচনচ কৰি নিয়ে৷ এই দুৰ্যোগৰ মোকাবিলা কৰিবলৈ কোনো এটা পৰিয়াল সক্ষম নহ’ল৷

আনকি তিনি দিন পৰ্যন্ত বানাক্ৰান্তৰ ওচৰ চাপিবলৈকো সক্ষম নহ’ল শিৱসাগৰ জিলা প্ৰশাসন৷ হাজাৰ হাজাৰ লোকে বৰষুণৰ পানী খাই, মুকলি আকাশৰ তলত বহি সহায়ৰ বাবে অপেক্ষা কৰি থাকিল৷ এই বানত নিজৰ ভনীয়েক আৰু বৰমাকক হেৰুওৱা ৰজাপুল দুৱৰা গাঁৱৰ নৱজ্যোতি দুৱৰাই জনোৱা মতে বাৰম্বাৰ জনোৱাৰ পাছতো ভনীয়েক আৰু বৰমাকক উদ্ধাৰ কৰিবলৈ প্ৰশাসনৰ লোক অহাটো পাছৰেই কথা তিনিদিনলৈ তেওঁলোকে বৰষুণ আৰু বানত অহা পানী খাই জীয়াই থাকিবলগীয়া হ’ল৷

ভুক্তভোগীৰ ভাষ্যৰ পৰা স্পষ্ট হৈ পৰে যে শিৱসাগৰ জিলা প্ৰশাসনৰ চৰম আওকান আৰু অৱহেলাৰ পৰিণতিতেই উজনিৰ তিনি জিলাৰ লাখ লাখ লোক আজি সৰ্বস্ৰান্ত হৈ পৰিছে৷ এই ভয়ংকৰ অপৰাধৰ পাছত জিলা আয়ুক্ত মৃদুল যাদৱৰ চকী আজিও কিয় সুৰক্ষিত হৈ আছে, সেয়া এক ডাঙৰ প্ৰশ্ন হৈ পৰিছে৷


