ৰুছ সেনা নে নিধিৰাম চৰ্দাৰ?

Share This Article

ঢাল নাই,তৰোৱাল নাই,নিধিৰাম চৰ্দাৰৰ দশা ৰাছিয়াৰ সেনাৰ।যুদ্ধত ব্যৱহৃত অস্ত্ৰ-শস্ত্ৰতো বাদেই,তীব্ৰ খাদ্য সংকট আৰু পিয়াহৰ পানী টুপিৰ অভাৱে জুৰুলা কৰিছে ৰাছিয়ান সেনাবাহিনীক। চাওঁতে চাওঁতে ইউক্ৰেইনৰ বিৰুদ্ধে ৰাছিয়াই যুদ্ধ ঘোষণা কৰা প্ৰায় ৯ টা মাহ উকলিল। কিন্তু এতিয়াও ৰাছিয়াৰ ৰাষ্ট্ৰপতি ভ্লাডিমিৰ পুটিনে এৰি দিয়া নাই যুদ্ধ জয়ৰ সপোন। মুঠতে ইউক্ৰেইন লাগিবই ৰাছিয়াক। বিগত সপ্তাহৰ পৰা পুনৰ যুদ্ধৰ দামামা বাজিছে ইউক্ৰেইনত। মস্কো প্ৰশাসনে ক্ষেপণাস্ত্ৰ আৰু ড্ৰোণেৰে আৰম্ভ কৰিছে আক্ৰমণ। ধোঁৱা-ধূলিয়ে ছানি ধৰিছে ইউক্ৰেইনৰ আকাশ। আমেৰিকাৰ ৱেবছাইট চিএনএনৰ এটা ভিডিঅ’ত দেখা গৈছে ৰাছিয়ান সেনাৰ দুৰৱস্থাৰ এক কৰুণ ভিডিঅ’। ভিডিঅ’টোত জংঘলৰ মাজত অস্ত্ৰবিহীন ভাৱে দেখা গৈছে ৰাছিয়াৰ সৈনিকক। যুদ্ধৰ বাবে তেওঁলোকক পৰ্যাপ্ত প্ৰশিক্ষণো দিয়া হোৱা নাই বুলি জনাইছে ৰাছিয়াৰ সৈনিক কেইজনে । বিগত ২৪ ফেব্ৰুৱাৰীতেই ৰাছিয়াই প্ৰথম আক্ৰমণ চলাইছিল ইউক্ৰেইনৰ ওপৰত। হাজাৰ হাজাৰ সৈনিকৰ ইতিমধ্যে মৃত্যু হ’ল এই যুদ্ধৰ সময়চোৱাত। এই সময়ত বহুসংখ্যক ৰুছ সেনাই যুদ্ধক্ষেত্ৰত থাকিব বিচৰা নাই। আনকি যুদ্ধত অংশ ল’ব লাগে বুলি দেশ এৰি পলাবলৈয়ো কুণ্ঠাবোধ কৰা নাই ৰুচ সেনাই।ৰুচ সেনাৰ এনে স্থিতিৰ বাবে পুটিন প্ৰশাসনে ঘোষণা কৰিছে ১০ বছৰ কাৰাদণ্ডৰ দৰে কঠোৰ শাস্তিৰ। যিসকল ৰুচ সেনাই যুদ্ধত অংশগ্ৰহণত আপত্তি কৰিব তেওঁলোকে ১০ বছৰ কাৰাবাস খাটিব লাগিব। ইতিমধ্যে ৰুছ প্ৰশাসনে পৰমাণু আক্ৰমণ আৰম্ভ কৰিছে। কামিকাজে দ্ৰোণেৰে আক্ৰমণ চলাইছে ইউক্ৰেইনৰ ওপৰত। এতিয়ালৈকে ৰুছ সেনাই প্ৰায় ৮৪ টা ক্ষেপণাস্ত্ৰ ইউক্ৰেইনৰ বিৰুদ্ধে প্ৰয়োগ কৰি দেশখনৰ স্থাৱৰ সম্পত্তি প্ৰায় ধ্বংস কৰি পেলাইছে।

Share This Article
The CrossCurrent
The CrossCurrent

Crosscurrent is an independent newsroom that produces investigative and analytical reporting with dedication. Crosscurrent is founded to uncover the truth behind the important issues. Crosscurrent is founded to cover the issues that matter.