বিত্তীয় সংকট: পদত্যাগ বিত্তমন্ত্ৰীৰ !

Share This Article

শ্ৰীলংকাৰ দৰেই হ’ব নেকি পাকিস্তানৰ?
গভীৰ বিত্তীয় সংকটত পাকিস্তান !

পদত্যাগ বিত্তমন্ত্ৰীৰ
৪ বছৰত ৫ জন বিত্তমন্ত্ৰী,কিন্তু অৰ্থনীতি একেই থাকিল দেশখনৰ

পাকিস্তানৰ বিত্ত মন্ত্ৰী মিফটাহ
ইছমাইলে পদত্যাগ কৰিছে৷

দেওবাৰে মৌখিকভাৱে পদত্যাগ কৰে মন্ত্ৰীজনে৷

বিগত ৪ টা বছৰত তীব্ৰ আৰ্থিক সংকটে জুৰুলা কৰিছিল প্ৰতিবেশী ৰাষ্ট্ৰ পাকিস্তানক ৷
তাতে আকৌ ভূতৰ ওপৰত দানহ পৰাদি অস্বাভাৱিক বানে জুৰুলা কৰিলে দেশখনক৷

এনে অৱস্থাৰ পৰা দেশখনক উদ্ধাৰৰ কোনো পথ নেদেখি পদত্যাগৰ সিন্ধান্ত লৈছে মন্ত্ৰীগৰাকীয়ে৷

“মই মৌখিকভাৱে বিত্তমন্ত্ৰী হিচাপে পদত্যাগ কৰিছোঁ”- নিজৰ টুইটাৰ হেণ্ডোলত এনেদৰে প্ৰকাশ কৰিছে ৷

সম্প্ৰতি দেশৰ বাহিৰত থকা মন্ত্ৰীগৰাকীয়ে টুইটাৰত লিখিছে “মই ইতিমধ্যে দেশখনৰ প্ৰধানমন্ত্ৰী শ্বেহবাজ শ্বৰীফক মোৰ সিন্ধান্তৰ বিষয়ে জনাইছোঁ৷মই পাকিস্তানলৈ গৈ পদত্যাগ পত্ৰ দাখিল কৰিম৷”

ইছমাইল বিগত ৪ বছৰৰ পঞ্চমগৰাকী বিত্তমন্ত্ৰী৷

দেশখনত ভয়ানক ৰূপত মুদ্ৰাস্ফীতিৰ সংখ্যা বৃদ্ধি পাইছে৷সাধাৰণ জনতা আৰু ব্যৱসায়ী সকল ভয়ংকৰ আৰ্থিক সংকটৰ সন্মুখীন হৈছে৷

বিগত মাহত হোৱা বানপানীৰ
ফলত দেশখনৰ কৃষি আৰু পৰ্যটন খণ্ডও যথেষ্ট সংকটৰ সন্মুখীন হৈছে৷এই বানপানীত দেশখনৰ মুঠ ১৫০০ লোকে প্ৰাণ হেৰুৱায়৷

Share This Article
The CrossCurrent
The CrossCurrent

Crosscurrent is an independent newsroom that produces investigative and analytical reporting with dedication. Crosscurrent is founded to uncover the truth behind the important issues. Crosscurrent is founded to cover the issues that matter.