ইউক্ৰেইনত গুলীবিদ্ধ আৰু এজন ভাৰতীয় ছাত্ৰ

Share This Article

ৰাছিয়া – ইউক্ৰেইনৰ যুদ্ধত আহত হৈছে আৰু এজন ভাৰতীয় ছাত্ৰ ৷ এখন কেবত লিয়েভ চহৰৰ দিশে গৈ থকা অৱস্থাত গুলীয়ে তেওক আঘাত কৰে ৷ আহত ছাত্ৰজন হৈছে হৰজোৎ সিঙ৷ গুলীয়ে আঘাতত তেওৰ ভাৰিৰ হাড় ভাঙে ৷ চাৰিদিন পূৰ্বে সংঘটিত এই ঘটনাৰ বিষয়ে সদৰী কৰিছে অৱসৰপ্ৰাপ্ত জেনেৰেল ভি কে সিঙে ৷ বৰ্তমান আহত ছাত্ৰজন কিয়েভৰ এখন চিকিৎসালয়ত ভৰ্তি হৈ আছে ৷ এন ডি টি ভিৰে হোৱা বাৰ্তালাপত তেও কয় যে এখন কেবত তেও কেইজনমান বন্ধুৰে সৈতে সীমান্তৰ দিশে গৈ আছিল ৷বাটত তেও ভাৰতীয় দূতাবাসৰ সৈতে যোগাযোগ কৰে আৰু লিয়েভৰ পৰা উদ্ধাৰ কৰিবলৈ অনুৰোধ জনায় ৷ কিন্তু ভাৰতীয় দূতাবাসৰ পৰা কোনোধৰণৰ সহাৰি লাভ নকৰিলে বুলি আঘাতপ্ৰাপ্ত ছাত্ৰজনে সদৰী কৰে ৷

Share This Article
The CrossCurrent
The CrossCurrent

Crosscurrent is an independent newsroom that produces investigative and analytical reporting with dedication. Crosscurrent is founded to uncover the truth behind the important issues. Crosscurrent is founded to cover the issues that matter.