সত্যৰ সন্ধানত প্ৰতিদিন, প্ৰতিপল

গধূৰ যান বাহন নচলিব কাজিৰঙাৰ মাজেৰে !

কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ শেহতীয়া বান পৰিস্থিতিৰ ওপৰত লক্ষ্য ৰাখি অসমৰ মাননীয় মুখ্যমন্ত্ৰীৰ নিৰ্দেশমৰ্মে অসম আৰক্ষীৰ তৰফৰ পৰা কেতবোৰ নীতি- নিৰ্দেশনা জাৰী কৰা হৈছে। বানৰ প্ৰকোপ নকমালৈকে কাজিৰঙাৰ মাজেৰে গধূৰ যান-বাহন চলাচলত বাধা আৰোপ কৰা হৈছে। অজিৰে পৰা প্ৰযোজ্য হব লগা কেতবোৰ নিৰ্দেশনা এনেধৰণৰ :

১. উজনি অসম : ডিব্ৰুগড়ৰ পৰা বগীবিল দলং হৈ উত্তৰ পৰেৰে নামনিলৈ যাত্ৰা কৰিব লাগিব।

- Donation -

২. নামনি অসম : শৰাইঘাট দলং- বাইহাটা- উত্তৰ পাৰ- বগীবিল দলং হৈ উজনিলৈ।

৩. গুৱহাটীৰ মাজেৰে যাবলগীয়া বাহনসমূহ কলীয়াভোমোৰা সেতু হৈ উত্তৰ পাৰ- বগীবিল দলঙেৰে উজনিলৈ যাব পাৰিব ।

Leave A Reply

Your email address will not be published.