সত্যৰ সন্ধানত প্ৰতিদিন, প্ৰতিপল

এইবাৰ সাধাৰণ লোকৰ ব্যক্তিগত ধনৰ ওপৰতো শেনচকু ফেছিষ্ট তালিবানৰ

আফগানিস্তানত তালিবানৰ শাসন প্ৰৱৰ্তন হোৱাৰ পাছৰে পৰা সকলো ক্ষেত্ৰতে বাধা আৰোপ কৰাৰ খবৰ পোহৰলৈ আহিছে।
তালিবানে ইটোৰ পাছত সিটো ফেচিষ্ট নীতি প্ৰৱৰ্তন কৰাৰ পাছত আজি ‘খামা নিউজ’ৰ তথ্য অনুসৰি তালিবানে ঘোষণা কৰে যে আগানিস্তানৰ লোকসকলে সীমিত অংকৰ ধনহে বেংকৰ পৰা উলিয়াব পাৰিব। আফগানিস্তানৰ কেন্দ্ৰীয় বেংক “De Afghanistan Bank”য়ে সকলো ব্যক্তিগত আৰু আন্তঃৰাষ্ট্ৰীয় বেংকত কেৱল মাত্ৰ ২০০ ডলাৰৰ বাবে সীমিত কৰি দিয়ে। ইয়াৰ নিৰিখ ‘AFS’ ৰ মতে ২০০০ ৰ সমান হয়। অৱশ্যে এই সিদ্ধান্ত কিছু দিনৰ বাবেহে বুলি কয়। এই সিদ্ধান্ত সাধাৰণ লোক সকলে প্ৰতিবাদ কৰাৰ বাবেই লৈছিল বুলি উল্লেখ কৰে। De Afghanistan Bank”য়ে আফানিস্তানৰ সকলো ব্যক্তিগত বেংকক পুনৰ কাম কাজ আৰম্ভ কৰিবলৈ নিৰ্দেশ দিয়ে। নিৰ্দেশাৱলীত কয় যে সকলো কোম্পানী তথা ব্যক্তগত খণ্ডৰ লোকে ইলেকট্ৰনিক মাধ্যমৰে ধন আহৰণ কৰাৰ অনুমতি দিয়া হৈছে।

Leave A Reply

Your email address will not be published.