আকৌ বিস্ফোৰিত হব পাৰে কাবুল বিমানবন্দৰ : জ’ বাইডেন !

Share This Article

মাৰ্কিন ৰাষ্ট্ৰপতি জ’ বাইডেনে ব্যক্ত কৰিছে যে আমেৰিকা সেনাৰ মুখ্য সচিবে প্ৰকাশ কৰিছে যে পূৰ্বৰ আত্মঘাটি বোমাৰ বিস্ফোৰণৰ দৰে আগন্তুক ২৪ ৰ পৰা ৩৬ ঘণ্টাৰ ভিতৰত পুনৰ বিস্ফোৰিত হব পাৰে কাবুল আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰ। আফগানিস্তানত তালিবানৰ দখললৈ যোৱাৰ পৰাই কাবুল বিমানবন্দৰত আমেৰিকাৰ উদ্ধাৰ অভিযান চলাই থকা হৈছিল। কিন্তু অনাকাংক্ষিত এক বোমা বিস্ফোৰণত কঁপি উঠিছিল কাবুল বিমানবন্দৰ। তাৰ পাছত পোন প্ৰথম বাৰৰ বাবে মাৰ্কিন ৰাষ্ট্ৰপতি গৰাকীয়ে কৈছে যে আগন্তুক ৩৬ ঘণ্টাৰ ভিতৰত পুনৰ বিস্ফোৰণ হোৱাৰ পূৰ্ণ আশংকা আছে। আশংকা বৃদ্ধি হোৱাৰ লগে লগে তেওঁলোকৰ নাগৰিক সকলকও অতি সোনকালেই কাবুল বিমানবন্দৰ ত্যাগ কৰিবলৈ আহ্বান জনাই। কাবুল স্থিত আমেৰিকাৰ দূতাবাসতৰ তৰফৰ পৰাও অতি সোনকালেই কাবুল বিমানবন্দৰ ত্যাগ কৰিবলৈ কয়।

Share This Article
The CrossCurrent
The CrossCurrent

Crosscurrent is an independent newsroom that produces investigative and analytical reporting with dedication. Crosscurrent is founded to uncover the truth behind the important issues. Crosscurrent is founded to cover the issues that matter.