সত্যৰ সন্ধানত প্ৰতিদিন, প্ৰতিপল

আকৌ বিস্ফোৰিত হব পাৰে কাবুল বিমানবন্দৰ : জ’ বাইডেন !

মাৰ্কিন ৰাষ্ট্ৰপতি জ’ বাইডেনে ব্যক্ত কৰিছে যে আমেৰিকা সেনাৰ মুখ্য সচিবে প্ৰকাশ কৰিছে যে পূৰ্বৰ আত্মঘাটি বোমাৰ বিস্ফোৰণৰ দৰে আগন্তুক ২৪ ৰ পৰা ৩৬ ঘণ্টাৰ ভিতৰত পুনৰ বিস্ফোৰিত হব পাৰে কাবুল আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰ। আফগানিস্তানত তালিবানৰ দখললৈ যোৱাৰ পৰাই কাবুল বিমানবন্দৰত আমেৰিকাৰ উদ্ধাৰ অভিযান চলাই থকা হৈছিল। কিন্তু অনাকাংক্ষিত এক বোমা বিস্ফোৰণত কঁপি উঠিছিল কাবুল বিমানবন্দৰ। তাৰ পাছত পোন প্ৰথম বাৰৰ বাবে মাৰ্কিন ৰাষ্ট্ৰপতি গৰাকীয়ে কৈছে যে আগন্তুক ৩৬ ঘণ্টাৰ ভিতৰত পুনৰ বিস্ফোৰণ হোৱাৰ পূৰ্ণ আশংকা আছে। আশংকা বৃদ্ধি হোৱাৰ লগে লগে তেওঁলোকৰ নাগৰিক সকলকও অতি সোনকালেই কাবুল বিমানবন্দৰ ত্যাগ কৰিবলৈ আহ্বান জনাই। কাবুল স্থিত আমেৰিকাৰ দূতাবাসতৰ তৰফৰ পৰাও অতি সোনকালেই কাবুল বিমানবন্দৰ ত্যাগ কৰিবলৈ কয়।

Leave A Reply

Your email address will not be published.