শীতকালীন অধিৱেশনতেই পতন হ’ব বিজেপি চৰকাৰ

Share This Article

অষ্টাদশ লোকসভাৰ তৃতীয় অধিৱেশন বিজেপিৰ বাবে এটা ভয়লগা সপোন হৈ পৰিছে। এই অধিৱেশনতেই হয়তো উত্থাপন হ’ব পাৰে অনাস্থা প্ৰস্তাৱ। আৰু তাৰ পাছত সুযোগৰ সন্ধানত থকা চন্দ্ৰবাবু নাইডু আৰু নীতিশ কুমাৰৰ সিদ্ধান্তই ক্ষমতাৰ পৰা বিতাড়িত কৰিব পাৰে বিজেপিক। কিয়নো বিজেপিৰ একেবাৰে পক্ষত নাই বৰ্তমানৰ পৰিৱেশ পৰিস্থিতি।

আজিৰে পৰা সংসদৰ শীতকালীন অধিৱেশন। ২০ ডিচেম্বৰলৈকে অনুষ্ঠিত হ’ব লগা এই অধিৱেশনত ১৯ খনকৈ বৈঠক অনুষ্ঠিত হ’ব। অধিৱেশন আৰম্ভ হোৱাৰ পূৰ্বেই অনুষ্ঠিত হ’ব শপতগ্ৰহণ অনুষ্ঠান। কেৰালাৰ ৱাইনাড সমষ্টিৰ পৰা নিৰ্বাচিত কংগ্ৰেছ নেত্ৰী প্ৰিয়ংকা গান্ধী আৰু মহাৰাষ্ট্ৰৰ নন্দেৰ সমষ্টিৰ পৰা নিৰ্বাচিত হোৱা বিজেপি সাংসদ ড০ সন্তুকৰাও হাম্বাৰ্ডেই শপত গ্ৰহণ কৰিব। এই অধিৱেশন অতি আকৰ্ষণীয় হৈ পৰাৰ সম্ভাৱনা প্ৰকট হৈ পৰিছে। কিয়নো এইবাৰ শাসকীয় বিজেপিক শলঠেকত পেলাবলৈ বিৰোধীৰ হাতত আছে বহু ইচ্যু। আনফালে বিৰোধী শিবিৰত যোগ হৈছে এনে এগৰাকী নেত্ৰী, যাৰ যুক্তি আৰু বাকপটুতা বিজেপিৰ বাবে মূৰৰ কামোৰণি।

বিৰোধীৰ হাতত আছে এইবাৰ এটা ডাঙৰ ইচ্যু। নিশ্চিতভাৱে সেই ইচ্যুটো হৈছে গৌতম আদানী সম্পৰ্কে আমেৰিকাৰ আদালতত ফাদিল হোৱা বিস্ফোৰক তথ্য। ইয়াৰ পূৰ্বেও আদানী আৰু প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ সম্পৰ্কক লৈ সদন তল-ওপৰ কৰি তুলিছিল ৰাহুল গান্ধীয়ে। হিণ্ডেনবাৰ্গৰ ৰিপোৰ্টৰ পাছত এইবাৰ নিশ্চিতভাৱে এইটো এটা ডাঙৰ ইচ্যু। কাৰণ গৌতম আদানীৰ বিৰুদ্ধে আমেৰিকাৰ আদালতত উঠিছে ডাঙৰ অভিযোগ। জাৰি হৈছে গ্ৰেপ্তাৰী পৰোৱানা। গৌতম আদানীৰ আদানী গ্ৰীণছ আৰু কানাডাৰ কোম্পানী এজিউৰ পাৱাৰে ২ হাজাৰৰো অধিক টকাৰ উত্কোচ প্ৰদান কৰাৰ অভিযোগৰ পাছতেই বিশ্বজুৰি সৃষ্টি হৈছিল হাহাকাৰ। কেনিয়াই বাতিল কৰিছিল গৌতম আদানীৰ সৈতে সকলো চুক্তি। কিন্তু ইমানৰ পাছতো গৌতম আদানী সম্পৰ্কত এষাৰ বাক্যও কোৱা নাই প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আৰু বিজেপিয়ে গৌতম আদানীক ৰক্ষণাবেক্ষণ প্ৰদান কৰাৰো অভিযোগ উত্থাপন হৈছে। গতিকে এই বিষয়ক লৈ শীতকালীন অধিৱেশন যে উত্তেজনাপূৰ্ণ হৈ পৰিব সেয়া প্ৰায় নিশ্চিত। ইতিমধ্যে কংগ্ৰেছে প্ৰথম দিনটোতেই এই বিষয়ৰ ওপৰত আলোচনা বিচাৰিছে।
আনফালে আমেৰিকাৰ আদালতত এই অভিযোগো উত্থাপন হৈছে যে অন্ধ্ৰপ্ৰদেশৰ প্ৰাক্তন মুখ্যমন্ত্ৰী জগন মোহন ৰেড্ডীক গৌতম আদানীয়ে সাক্ষাত্ কৰিছিল আৰু ১৭৫০ কোটি টকাৰ উত্কোচ প্ৰদান কৰাৰ কথা হৈছিল। ইয়াৰ পাছতেই উচ্চ হাৰত বিদ্যুত্ ক্ৰয়ৰ চুক্তিত স্বাক্ষৰ কৰিছিল অন্ধ্ৰপ্ৰদেশৰ তদানীন্তন জগন মোহন ৰেড্ডীৰ চৰকাৰে। এই তথ্য ফাদিল হোৱা পাছত বৰ্তমানৰ টিডিপি চৰকাৰে জগন মোহন ৰেড্ডী আৰু গৌতম আদানী সম্পৰ্কীয় অভিযোগৰ তদন্ত কৰিব বুলি ঘোষণা কৰিছিল। লগতে এই অভিযোগ সন্দৰ্ভত কঠোৰ হ’ব বুলিও ঘোষণা কৰিছিল অন্ধ্ৰপ্ৰদেশৰ মুখ্যমন্ত্ৰী এন চন্দ্ৰবাবু নাইডুৱে।

মন কৰিবলগীয়া যে, এন চন্দ্ৰবাবু নাইডুৰ দল টিডিপি কেন্দ্ৰত বিজেপিৰ অংশীদাৰ দল। বিজেপিয়ে গৌতম আদানী সন্দৰ্ভত কঠোৰ নহ’লেও টিডিপি কঠোৰ হ’ব বুলি ঘোষণা কৰি থৈছে। যদি বিৰোধীয়ে গৌতম আদানী সম্পৰ্কত অনাস্থা প্ৰস্তাৱ উত্থাপন কৰে তেতিয়া নিৰ্ঘাত বিপদত পৰিব বিজেপি। কিয়নো বিজেপিৰ হাতত নাই একক সংখ্যাগৰিষ্ঠতা। আনফালে টিডিপি হৈছে NDAৰ দ্বিতীয় বৃহত্ দল। অনাস্থা প্ৰস্তাৱত টিডিপিৰ ১৬টা ভোট কমি গ’লে ২৭৭ লৈ নামি আহিব বিজেপিৰ ভোটৰ সংখ্যা। আৰু তেনে সুযোগ পাই নিশ্চয় ৰৈ নাথাকিব নীতিশ কুমাৰ। কাৰণ নীতিশ কুমাৰক ইণ্ডিয়াই দুৱাৰ খুলি থোৱাই নহয়, প্ৰধানমন্ত্ৰীৰ দৰে পদো দিবলৈ প্ৰস্তুত বুলি ইয়াৰ পূৰ্বে ইংগিত দি থৈছে। যদি সঁচাই এনে পৰিস্থিতিৰ সৃষ্টি হয়, এই শীতকালীন অধিৱেশনেই হ’ব বিজেপি শাসন পতনৰ ৰণাংগন।

Share This Article
The CrossCurrent
The CrossCurrent

Crosscurrent is an independent newsroom that produces investigative and analytical reporting with dedication. Crosscurrent is founded to uncover the truth behind the important issues. Crosscurrent is founded to cover the issues that matter.