মাহ জুন 2023

উন্নয়নৰ নামত গুৱাহাটীত কাটিলে ৮ হাজাৰ গছ

দৃষ্টিৰূপা বৰদলৈ • ৰাষ্ট্ৰীয় ঘাইপথ সম্প্ৰসাৰণৰ নামত কটা গ’ল সৰু -বৰ ৭ হাজাৰ গছ • আৰ জি বৰুৱা ৰোডত কাটিলে ১১ জোপা গছ, আকৌ কাটিব ৩০ জোপা • গুৱাহাটী বিশ্ববিদ্যালয়ত কাটিলে ৮ জোপা, কাটিব ২৩ জোপা • ব্ৰহ্মপুত্ৰৰ পাৰৰ উন্নয়ন-…

নিজ OSDৰ পত্নীৰ ৰোষৰ বলি বিধানসভাৰ অধ্যক্ষ বিশ্বজিত দৈমাৰী !

OSD সমেন বৰুৱাৰ পত্নীয়ে ছ’ছিয়েল মিডিয়াত ক্ষোভ উজাৰিলে বিশ্বজিত দৈমাৰীৰ বিৰুদ্ধে। আজিৰ পৰা মাথোঁ তিনিবছৰ পূৰ্বে সপৰিয়ালে ছিংগাপুৰলৈ যাওতে Elder Brother বুলি সম্বোধন কৰা বিশ্বজিত দৈমাৰীক লৈ মিম দিবলৈকো কুণ্ঠাবোধ নকৰিলে দৈমাৰীৰ OSD পত্নীয়ে।এয়া সেই বিশেষ পোষ্টটো আৰু এয়া ২০১৯বৰ্ষৰ…

২৩ জুনৰ পাটনাত বিৰোধীৰ ৰণচালি

কৰ্ণাটক নিৰ্বাচনত পৰাজয় , অস্তাচলত মোদীৰ মেজিক , আৰ এছ এছৰ কঠোৰ সকীয়ণি , তাৰ মাজতেই এইবাৰ চাৰিওদিশৰ পৰাই বিজেপি ঘেৰি ধৰাৰ প্ৰস্তুতি বিৰোধীৰ।জুন মাহতেই পাটনাত আৰম্ভ হ’ব বিজেপিৰ বিৰুদ্ধে বিৰোধীৰ ৰণচালি। তাৰিখ ২৩ জুন । স্থান -পাটনা , বিহাৰ  …

প্ৰেয়সীৰ মাংস সিজালে কুকাৰত !

গুৱাহাটীৰ বন্দনা,দিল্লীৰ শ্ৰদ্ধাতকৈয়ো ভয়াবহ কাণ্ড সংঘটিত হ’ল এইবাৰ মুম্বাইত।নিজৰ লিভ ইন পাৰ্টনাৰক হত্যা কৰাৰ অভিযোগত গ্ৰেপ্তাৰ হৈছে মনোজ ছৈনী নামৰ এজন ৫৬ বছৰীয়া ব্যক্তি।মুম্বাইৰ গীতানগৰ ফেজ ছেভেনত থকা আকাশদ্বীপ নামৰ এপাৰ্টমেণ্টটোত সংঘটিত হৈছে এক জঘন্য ঘটনা।মনোজ ছৈনী আৰু ৩২ বছৰীয়া…

মোদীৰ মেজিক , মোদীৰ চমক শেষ’

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ চমক শেষ । কেৱল মোদীৰ ভৰষাত আৰু হিন্দুত্বৰ বলত বিজেপিয়ে জিকিব নোৱাৰিব নিৰ্বাচন । আৰএছ এছৰ মুখপত্ৰ অৰ্গেনাইজাৰত এই সকীয়ণি প্ৰকাশ পোৱাৰ পাছতেই হাহাকাৰ লাগিছে বিজেপি শিবিৰত ।শংকিত বিজেপিয়ে এইবাৰ অহংকাৰ এৰি পুৰণি সহযোগীসকলৰ কাষ চপাৰ প্ৰক্ৰিয়া…

বিদ্যুতৰ অত্যধিক মাচুলত ভাৰাক্ৰান্ত জনতা !

সাত পুৰুষত নাই গাই,কৰীয়া লৈ খিৰাবলৈ যায় ! মন্ত্ৰী-বিধায়কৰ মন্তব্য শুনিলে এনে আপ্তবাক্যই চাগৈ আপোনাৰ মনলৈ আহে !বিদ্যুতৰ অত্যধিক মাচুলত ভাৰাক্ৰান্ত জনতা !ত্ৰাহিমধুসূদন সোঁৱৰিছে জনতাই! তাতে আকৌ বিধানসভাৰ অধ্যক্ষ,মন্ত্ৰীৰ উদ্ভট মন্তব্য ! কোনোবাই যদি আপোনাক -মোক গছৰ তললৈ যাবলৈ কৈছে,কোনোবাই…

হোৱাটচএপ ষ্টেটাছ দিওঁতে সাৱধান !

মহাৰাষ্ট্ৰৰ কোলহাপুৰত বুধবাৰে এক অনিয়ন্ত্ৰিত পৰিৱেশৰ সৃষ্টি হয়।সামাজিক মাধ্যমত টিপু চুলতান আৰু ঔৰংগজেৱক লৈ দিয়া কিছু বিতৰ্কিত আপডেটৰ বাবেই এনে পৰিস্থিতিৰ সৃষ্টি হয় কোলহাপুৰত।কলহাপুৰৰ ছত্ৰপতি শিৱাজী মহাৰাজ চ’কত বুধবাৰে কেইবাটাও হিন্দুত্ববাদী সংগঠনে দোকান পোহাৰ ভাঙি ধ্বংসস্তুপত পৰিণত কৰাৰ লগতে কেইবাখনো…

বেকাৰীৰ বিস্কুটৰ নামত বৰবিহ !

নগাঁৱত জনস্বাস্থ্যৰ প্ৰতি ভয়ানক ভাবুকিৰ সৃষ্টি হৈছে।জিলাখনত গুণগুত মান নিৰূপিত নোহোৱাকৈয়ে বজাৰত বিক্ৰী হৈ আছে খাদ্য সামগ্ৰী।*Batch no, fssai ৰ লাইচেঞ্চ, পেকিং ডেট অবিহনেই বজাৰত বিক্ৰী হৈ আছে বেকাৰীৰ সামগ্ৰী।নগাঁৱৰ একাংশ বেকাৰীয়ে জনস্বাস্থ্যৰ প্ৰতি কঢ়িয়াইছে তীব্ৰ ভাবুকি । প্ৰস্তুত কৰা…

চাহ খায় কৰা চৰ্চা বিফল,এইবাৰ টিফিন খাব বিজেপিয়ে !

২০২৪ চনৰ লোকসভা নিৰ্বাচন সমাগত। নিৰ্বাচনলৈ মাজত আছে প্ৰায় ন মাহ। এই নিৰ্বাচনৰ বাবে শাসকীয় বিজেপিয়ে ইতিমধ্যে কঁকালত বান্ধিছে টঙালি। লগতে আৰম্ভ কৰিছে ৰণনীতি প্ৰস্তুতৰ কাম। সোমবাৰে নিশাৰ পৰা মঙলবাৰৰ পুৱালৈকে প্ৰায় দহ ঘণ্টা লোকসভা নিৰ্বাচনৰ লগতে বিভিন্ন প্ৰসংগত বৈঠকত…

২৪ ঘণ্টা থাকিব?আহেহে ২৪ ঘণ্টাত এবাৰ !

অসমৰ ৰাইজে বিজুলী নাপায় !আধা ঘন্টা ফেন চলা‌য় আকৌ দুঘন্টা ৰব লাগে বিজুলীৰ বাবে! অসমৰ ৰাইজক ২৪ ঘন্টা বিজুলী দিব নোৱাৰে শক্তি বিভাগে!চৰকাৰৰ ২৪ ঘন্টা বিজুলী দিয়াৰ প্ৰতিশ্ৰুতি অসাৰ !অসম চৰকাৰৰ প্ৰতিশ্ৰুতি অসাৰ হ’ল ।বছৰ বছৰ পাৰ হৈ গ’ল কিন্তু…