মাহ জুন 2023

ড্ৰীমগাৰ্লে Bye Bye দিব বিজেপিক !

২০২৪ লৈ মনত পৰিলেই টেনচন বাঢ়ে বিজেপিৰ।কাৰণ প্ৰতিখন ৰাজ্যতেই বিজেপিৰ গতিগোত্ৰ ভাল নহয়।বিজেপি শাসিত ৰাজ্যবোৰত নবিজেপি আৰু পুৰণি বিজেপিৰ মাজত আৰম্ভ হৈছে তীব্ৰ বিসম্বাদ। মধ্য প্ৰদেশ,তেলেংগানা,অসম,মণিপুৰ,ত্ৰিপুৰা,ৰাজস্থান সকলোতে বিজেপি নেতৃত্বৰ মাজত তীব্ৰ ক্ষোভে দেখা দিছে।তদুপৰি কৰ্ণাটকত শেহতীয়া নিৰ্বাচনত বাৰুকৈয়ে মুখথেকেঁচা খোৱাৰ…

দুৰ্নীতিৰ বোকাত পোত গৈছে মুখ্যমন্ত্ৰীৰ শুৱালকুচি !

দুৰ্নীতিৰ বিৰুদ্ধে শূণ্য সহনশীল PMAYৰ নামত ব্যাপক দুৰ্নীতি-অনিয়মৰ অভিযোগ উত্থাপন হৈছে খোদ মুখ্যমন্ত্ৰীৰ শুৱালকুচিত।প্ৰধানমন্ত্ৰী আৱাস যোজনা ৰূপায়ণৰ নামত ব্যাপক দুৰ্নীতি-অনিয়ম সংঘটিত হৈছে কামৰূপৰ হাজো উন্নয়ন খণ্ডত। ৮৪ নং লাহ ,কয়াটোল, হালোগাঁও পঞ্চায়তত অনিয়মৰ ভয় অভিযোগ। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ সমষ্টিৰএকাংশ…

বিসম্বাদৰ জুই নুমুৱাবলৈ ভূপাল পালেগৈ ড° হিমন্ত বিশ্ব শৰ্মা !

মধ্যপ্ৰদেশৰ ৩৪ জনীয়া মন্ত্ৰীসভাত দুটা ফৈদৰ বিভাজন স্পষ্ট৷ভয়ংকৰ বিসম্বাদে গা কৰি উঠিছে মধ্য প্ৰদেশত।নগৰ উন্নয়ন দপ্তৰৰ মন্ত্ৰী ভূপেন্দ্ৰ সিং কেন্দ্ৰীয় মন্ত্ৰী জ্যোতিৰাদিত্য সিন্ধিয়াৰ ঘনিষ্ঠ।তেওঁৰ বিৰুদ্ধেই তীব্ৰ ক্ষোভ উজাৰিছে মুখ্যমন্ত্ৰী শিৱৰাজ সিং মন্ত্ৰীসভাৰ কেইগৰাকীমান মন্ত্ৰীয়ে ! শিৱৰাজ সিঙৰ মন্ত্ৰীসভাৰ এই খামখেয়ালিৰ…

মূলসুঁতি লৈ উভতি পস্তাইছে উগ্ৰপন্থীয়ে !

হাইলাকান্দিৰ আত্মসমৰ্পনকাৰী উগ্ৰপন্থী সকলৰ ক্ষোভ ।৬ মাহ পিছতো পূৰণ নহল দাবী ।১২ ডিচেম্বৰ ২০২২ । সশস্ত্ৰ সংগ্ৰামৰ পথ এৰি জীৱনৰ মূল সূঁতি লৈ উভতি আহিছিল বৰাক উপত্যকাৰ দুটা উগ্ৰপন্থী সংগঠন ।১৬ বছৰীয়া সংগ্ৰামৰ অন্তত অস্ত্ৰ সমৰ্পন কৰিছিল ব্ৰু ৰিভলিউছনাৰী আৰ্মি…

কাৰ ষড়যন্ত্ৰত জ্বলিছে মণিপুৰ ?

জুই , ধোঁৱা আৰু আৰ্তনাদে ছানি ধৰিছে সমগ্ৰ মণিপুৰ । এম্বুলেন্সত জ্বলাই দিয়া হৈছে মাতৃ- সন্তানক । ঘৰে ঘৰে জ্বলিছে জুই । ভাতৃঘাটী আক্ৰমণত নিহত হৈছে শ শ লোক । কিন্তু নিমাত , মৌন প্ৰধানমন্ত্ৰী মোদী । মণিপুৰ জ্বলি আছে…

বিজেপিৰ বিৰুদ্ধে এজনেই প্ৰাৰ্থী হ’ব বিৰোধীৰ !

লোকসভা নিৰ্বাচনৰ সময়ত হ’বলগীয়া মিত্ৰতাক লৈ অসমত তৎপৰতা ইতিমধ্যে আৰম্ভ হৈছে।মিত্ৰতাৰ বিষয়টো আলোচনা কৰিবলৈকে তেজপুৰত কংগ্ৰেছৰে বহিল অজাপ – ৰাইজৰ দল। মিত্ৰতাৰ বল এতিয়া কংগ্ৰেছৰ কোৰ্টত । মিত্ৰতাৰ ধৰ্ম ৰক্ষা কৰিব পাৰিবনে কংগ্ৰেছে ?সমাগত লোকসভা নিৰ্বাচনক কেন্দ্ৰ কৰি এইবাৰ তেজপুৰত…

অতি দৰ্পে হত বিজেপি !

বাৰিষাৰ খহনীয়াৰ দৰেই খহিছে অসম বিজেপি !ৰাজ্যৰ জিলাই-জিলাই বিজেপিত অন্তঃকন্দল ! বাৰিষাৰ লুইতৰ গৰা খহাদি খহিয়েই আছে অসম বিজেপি।এইবাৰ বজালী বিজেপিত জ্বলিছে বিসম্বাদৰ জুই। নলবাৰী, বঙাইগাঁও, হোজাই, যোৰহাট, গোৱালপাৰা, শিৱসাগৰৰ পাছত এইবাৰ বজালীত খহিবলৈ আৰম্ভ কৰিছে বিজেপি। ৭ খনকৈ জিলাত…

ITচেলে বোলে ৰাম ৰাম, ১৫শ টকাৰে আৰু কিমান খাম?

১৫০০ টকীয়া বুলি সততে সমালোচিত হৈ থকা বিজেপি IT চেল বাহিনীয়ে শেহতীয়াকৈ ৰাম নাম সুৱঁৰিব লগীয়া হৈছে। চর্চালৈ আহিছে যে ১৫শ টকাৰে আৰু চলিব নোৱাৰা হৈছে আই টি চেল। সেয়েহে বিজেপি এৰি যাবলৈ আৰম্ভ কৰিছে আখৰা। কিয়নো যোৰহাট বিজেপি খহিয়েই…

প্ৰজ্ঞা অৱজ্ঞা ভূপালৰ জীয়ৰীৰ

‘দা কেৰালা ষ্ট’ৰী’ চাই ঘৰ এৰিলে মধ্যপ্ৰদেশৰ যুৱতীয়ে।কামত নাহিল প্ৰজ্ঞা ঠাকুৰৰ বাণী।কামত নাহিল ‘দা কেৰালা ষ্ট’ৰী’ৰ কাহিনী।ঘৰ এৰি প্ৰেমিক ইউছুফৰ লগত বিয়াত বহিল নাৰ্ছিঙৰ ছাত্ৰী।মধ্যপ্ৰদেশৰ ভূপাল চহৰত সংঘটিত হৈছে এক আশ্চৰ্যজনক কাহিনী।ভূপালৰ এজনী ১৯ বছৰীয়া ছোৱালীয়ে নিজৰ ঘৰ, পৰিয়ালক এৰি…

উচ্চতৰ মাধ্যমিকৰ ৰিজাল্ট ওলাল,কিন্তু হঠাৎ কিয়?

শুনিবলৈ কথাটো অশুৱলা লাগিলেও ইয়াৰ আঁৰত আছে নেকি কিবা ৰহস্য? মুখ্যমন্ত্ৰীয়ে ৰাজ্যৰ কিবা সমস্যাত দিব খুজিছে নেকি আঁৰ কাপোৰ? পৰীক্ষাৰ ৰিজাল্টৰ কথা মাজনিশা টুইট কৰিলে মুখ্যমন্ত্ৰীয়ে।সাধাৰণ দৃষ্টিত বিষয়টো একেবাৰে অসাধাৰণো নহয়।কলা,বাণিজ্য,বিজ্ঞান তিনিওটা শাখাৰে আজি ফলাফল ঘোষণা হৈছে।কিন্তু সেই একেজন মুখ্যমন্ত্ৰীয়ে…