বিজেপিৰ বিৰুদ্ধে এজনেই প্ৰাৰ্থী হ’ব বিৰোধীৰ !

Share This Article

লোকসভা নিৰ্বাচনৰ সময়ত হ’বলগীয়া মিত্ৰতাক লৈ অসমত তৎপৰতা ইতিমধ্যে আৰম্ভ হৈছে।মিত্ৰতাৰ বিষয়টো আলোচনা কৰিবলৈকে তেজপুৰত কংগ্ৰেছৰে বহিল অজাপ – ৰাইজৰ দল। মিত্ৰতাৰ বল এতিয়া কংগ্ৰেছৰ কোৰ্টত । মিত্ৰতাৰ ধৰ্ম ৰক্ষা কৰিব পাৰিবনে কংগ্ৰেছে ?সমাগত লোকসভা নিৰ্বাচনক কেন্দ্ৰ কৰি এইবাৰ তেজপুৰত বৈঠকত বহিল অসম জাতীয় পৰিষদ আৰু ৰাইজৰ দল । সৰ্বভাৰতীয় পৰ্যায়ত বিৰোধী ঐক্য গঠনৰ কুচকাৱাজ চলি থকাৰ মাজতেই এইবাৰ অসমত তৎপৰ কংগ্ৰেছ সভাপতি ভূপেন বৰা । ভূপেন বৰাৰ আমন্ত্ৰণ মৰ্মে সোমবাৰে তেজপুৰত উপস্থিত হ’ল অসম জাতীয় পৰিষদ আৰু ৰাইজৰ দলৰ নেতৃত্ব । দুয়োটা নৱাগত আঞ্চলিক ৰাজনৈতিক দলৰ সভাপতি অখিল গগৈ আৰু লুৰীনজ্যোতি গগৈৰে বৈঠকত মিলত হ’ল প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰা , বিৰোধী দলপতি দেবব্ৰত শইকীয়া আৰু উপ দলপতি ৰকিবুল হুছেইন । স্বাভাৱিকতে বৈঠকৰ বিষয় আছিল লোকসভা নিৰ্বাচনত বিৰোধী ঐক্য। বৈঠকৰ পাছত তিনিওটা দলৰ নেতৃত্বৰ ঘোষণা – ‘বিৰোধী ঐক্যই পৰাজিত কৰিব পাৰিব বিজেপিক।বিজেপিৰ বিৰুদ্ধে বিৰোধীৰ এজনকৈ প্ৰাৰ্থীৰ পোষকতা কৰাৰ লগতে ২০২৪ য়েই হ’ব বিৰোধীৰ আত্মৰক্ষাৰ শেষ সুযোগ।এ আই চি চিৰ পৰামৰ্শমতেই এই আলোচনা অনুষ্ঠিত হোৱা বুলি মন্তব্য কংগ্ৰেছ সভাপতি ভূপেন বৰাৰ ।তিনিওটা দলৰ নেতৃত্বই বিৰোধী ঐক্যৰ সিদ্ধান্তত ঐক্যমতত উপনীত হয় যদিও আসন বুজা পৰাৰ দিশত এতিয়াও অব্যাহত আছে জটিলতা । এনে জটিলতাৰ বাবেই ২০২১ চনৰ বিধানসভা নিৰ্বাচনত সম্ভৱ হৈ নুঠিল কংগ্ৰেছ , অসম জাতীয় পৰিষদ আৰু ৰাইজৰ দলৰ মিত্ৰতা । পৰিণতিত অসমত শাসনলৈ আহিল বিজেপি দল । সেইবাবেই এইবাৰ কংগ্ৰেছৰ উদ্যোগত আগতীয়াকৈ আৰম্ভ হৈছে বিৰোধী ঐক্য গঠনৰ প্ৰস্তুতি৷ কিন্তু আসন বুজাবুজিৰে বিৰোধীক সৈমান কৰাৰ দায়িত্বও এতিয়া কংগ্ৰেছৰ কোৰ্টত । মিত্ৰতাৰ ধৰ্ম কিমানদূৰলৈ কংগ্ৰেছে পালন কৰিব পাৰিব , সেয়া হৈ পৰিছে লক্ষ্যণীয়।

Share This Article
The CrossCurrent
The CrossCurrent

Crosscurrent is an independent newsroom that produces investigative and analytical reporting with dedication. Crosscurrent is founded to uncover the truth behind the important issues. Crosscurrent is founded to cover the issues that matter.