১৫০০ টকীয়া বুলি সততে সমালোচিত হৈ থকা বিজেপি IT চেল বাহিনীয়ে শেহতীয়াকৈ ৰাম নাম সুৱঁৰিব লগীয়া হৈছে। চর্চালৈ আহিছে যে ১৫শ টকাৰে আৰু চলিব নোৱাৰা হৈছে আই টি চেল। সেয়েহে বিজেপি এৰি যাবলৈ আৰম্ভ কৰিছে আখৰা। কিয়নো
যোৰহাট বিজেপি খহিয়েই আছে, IT চেলৰ মানুহে দল এৰিয়েই আছে। তাছপাতৰ ঘৰ খহাদি খহিছে বিজেপিৰ ৭ জিলা ।
যোৰহাট বিজেপিৰ ভেঁটি ক্ৰমাৎ হৈ পৰিছে থৰক-বৰক,ইজনৰ পাছত সিজনকৈ যোৰহাট বিজেপিৰ পৰা বিদায় লৈয়েই আছে। যোৰহাটত পুনৰ বিজেপিৰ তিনি নেতাৰ পদত্যাগ।দলীয় অন্তঃকন্দলৰ যোৰহাট আজি জর্জৰ। প্ৰতিদিনেই দল এৰিছে বহু পুৰণি বিজেপি কৰ্মীয়ে।এইমুহূৰ্তলৈ যোৰহাটত বিজেপিত পদ ত্যাগ কৰা বিষয়ববীয়াৰ সংখ্যা হৈছেগৈ ১২ জন।এখন জিলাৰ পৰা ইমান ক’ম সময়ৰ ভিতৰত ১২ জনকৈ লোকে সমূহীয়াকৈ শাসনাধিষ্ঠিত দলটোৰ পৰা পদ ত্যাগ কৰাক লৈ আৰম্ভ হৈছে ৰাজনৈতিক মহলত চৰ্চা। যোৰহাট জিলা বিজেপিৰ তথ্য প্ৰযুক্তি কোষৰ আহ্বায়ক অনিৰুদ্ধ কাশ্যপে পদত্যাগ কৰাৰ পাছত আন তিনিজন লোকেও এৰিলে বিজেপিৰ বিষয়বাব। যোৰহাটত বিজেপিৰ বিৰুদ্ধে বিদ্ৰোহ ঘোষণা কৰা এই তিনি বিজেপি কৰ্মী হৈছে ক্ৰমে তথ্য প্ৰযুক্তি কোষৰ জিলা সদস্য ৰাজেশ পল,কলীয়াপানী মণ্ডলৰ আহ্বায়ক বিনৱ নেওগ আৰু যোৰহাট নগৰ উন্নয়ন মণ্ডলৰ আহ্বায়ক উল্লাস দাস। বিজেপিৰ জনপ্ৰিয়তা অৰ্জনৰ ক্ষেত্ৰত আটাইতকৈ বেছি গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰিছিল তথ্য আৰু প্ৰযুক্তি কোষসমূহে। মানুহৰ মাজত বিজেপিৰ জনপ্ৰিয়তা বৃদ্ধি কৰাৰ ক্ষেত্ৰত বিজেপিৰ IT চেল অৰ্থাৎ তথ্য-প্ৰযুক্তি কো লৈছিল গুৰুত্বপূৰ্ণ ভূমিকা। যোৰহাট জিলাত বিজেপি IT চেলৰ সদস্য সংখ্যা ৩০ জন। কিন্তু ৩০ জনীয়া এই সাংগঠনিক ভেঁটি এতিয়া চপৰা-চপৰে খহিছে। ইতিমধ্যে যোৰহাট জিলা IT চেলৰ কেইবাজনো কৰ্মকর্তাই দল এৰাৰ লগে-লগে বিপাঙত পৰিব যোৰহাট বিজেপি। আনহাতে যোৰহাট জিলা সামাজিক কোষৰ আহ্বায়ক শৰৎ গগৈয়ে দল এৰি যোৱাক লৈও হৈছে ব্যাপক চৰ্চা। এনেকৈ হ’বলৈ হ’লে ২৬ লৈ বহুদূৰ, ২৪’তেই হাৰ মানিব নেকি অসম বিজেপিয়ে? অসম বিজেপিত আৰম্ভ হোৱা বিদ্ৰোহৰ দাবানলে কৰ্ণাটকৰ দৰেই ডুবাই পেলাব নেকি সমগ্ৰ উত্থান।
