মূলসুঁতি লৈ উভতি পস্তাইছে উগ্ৰপন্থীয়ে !

হাইলাকান্দিৰ আত্মসমৰ্পনকাৰী উগ্ৰপন্থী সকলৰ ক্ষোভ ।৬ মাহ পিছতো পূৰণ নহল দাবী ।১২ ডিচেম্বৰ ২০২২ । সশস্ত্ৰ সংগ্ৰামৰ পথ এৰি জীৱনৰ মূল সূঁতি লৈ উভতি আহিছিল বৰাক উপত্যকাৰ দুটা উগ্ৰপন্থী সংগঠন ।১৬ বছৰীয়া সংগ্ৰামৰ অন্তত অস্ত্ৰ সমৰ্পন কৰিছিল ব্ৰু ৰিভলিউছনাৰী আৰ্মি অফ ইউনিয়ন চমুকৈ BRAU আৰু ইউনাইটেড ডেমক্ৰেটিক লিবাৰেছন ফ্ৰন্ট (বৰাক) UDLF (B) সংগঠনৰ ১১৭৯ গৰাকী সদস্যই ।আত্মসমৰ্পনৰ বাবে তেওঁলোকৰ আছিল কিছু সাধাৰণ দাবী ।বৰাক উপত্যকাত তিনি জিলাৰ ৰিয়াং সম্প্ৰদায় বসবাস কৰা এলেকাত পানীয় জল, পকা পথ, বিদ্যুৎ সংযোগ, ৰিয়াং লোকক মাটিৰ পট্টা প্ৰদানৰ নিচিনা জীয়াই থকাৰ নিম্নতম সুবিধা সমূহ আছিল দাবীৰ তালিকাত । ৰাজ্য চৰকাৰে তেওঁলোকৰ দাবী মানি আয়োজন কৰিছিল আত্মসমৰ্পন অনুষ্ঠানৰ । কেবিনেট মন্ত্ৰী পীযুষ হাজৰিকাৰ উপস্হিতিত যোৱা ১২ ডিচেম্বৰ অস্ত্ৰ সমৰ্পন কৰিছিল প্ৰায় দুই হাজাৰ বিদ্ৰোহী যুবকে । কিন্তু আজি ৬ মাহ অতিক্ৰম কৰাৰ পিছতো ৰাজ্য চৰকাৰে পূৰণ নকৰিলে এটাও প্ৰতিশ্ৰুতি । অকল ইমানে ন’হয় আত্মসমৰ্পনৰ পিছতে কোনো পৰিচয় পত্ৰও দিয়া হোৱা নাই এওঁলোকক । বিপৰীতে এতিয়াও বিভিন্ন থানাত চলি থকা গোচৰৰ বাবে জাননী লাভ কৰিছে তেওঁলোকে । ফলতে আকৌ এবাৰ ক্ষোভ ঘণীভূত হবলৈ আৰম্ভ কৰিছে বৰাকৰ পাৰ্বত্য এলেকাত ।আজি হাইলাকান্দিত সংবাদ মাধ্যমৰ আগতে নিজৰ ক্ষোভ ব্যক্ত কৰে আত্মসমৰ্পিত UDLF(B)ৰ সেনা প্ৰধান ৰাজকুমাৰ ৰিয়াঙে । ইপিনে, কৰিমগঞ্জ সমষ্টিৰ সাংসদ কৃপানাথ মাল্লায়ো উক্ত অভিযোগৰ সত্যতা স্বীকাৰ কৰি অতি সোনকালে এই বিষয়ে মূখ্যমন্ত্ৰীক অবগত কৰাব বুলি আশ্বাস প্ৰদান কৰে।

The CrossCurrent
The CrossCurrent

Crosscurrent is an independent newsroom that produces investigative and analytical reporting with dedication. Crosscurrent is founded to uncover the truth behind the important issues. Crosscurrent is founded to cover the issues that matter.

Articles: 4296