ড্ৰীমগাৰ্লে Bye Bye দিব বিজেপিক !

Share This Article

২০২৪ লৈ মনত পৰিলেই টেনচন বাঢ়ে বিজেপিৰ।কাৰণ প্ৰতিখন ৰাজ্যতেই বিজেপিৰ গতিগোত্ৰ ভাল নহয়।বিজেপি শাসিত ৰাজ্যবোৰত নবিজেপি আৰু পুৰণি বিজেপিৰ মাজত আৰম্ভ হৈছে তীব্ৰ বিসম্বাদ। মধ্য প্ৰদেশ,তেলেংগানা,অসম,মণিপুৰ,ত্ৰিপুৰা,ৰাজস্থান সকলোতে বিজেপি নেতৃত্বৰ মাজত তীব্ৰ ক্ষোভে দেখা দিছে।তদুপৰি কৰ্ণাটকত শেহতীয়া নিৰ্বাচনত বাৰুকৈয়ে মুখথেকেঁচা খোৱাৰ পিছত বিজেপি নেতৃত্ব এইবাৰ যথেষ্ট আশাবাদী যোগী আদিত্যনাথৰ উত্তৰ প্ৰদেশক লৈ।যোগী আদিত্যনাথৰ ৰাজ্য উত্তৰ প্ৰদেশত মুঠ ৮০ খন লোকসভাৰ আসন আছে।এই ৮০ খন আসনেই লাগে বিজেপিক।সেয়ে বিজেপিয়ে এইবাৰ ৰাজ্যখনত প্ৰাৰ্থিত্ব প্ৰদানৰ ক্ষেত্ৰত যথেষ্ট সজাগতা অৱলম্বন কৰিব।বিজেপিৰ প্ৰাৰ্থিত্ব প্ৰদানৰ ক্ষেত্ৰত যি বিষয়বোৰক গুৰুত্ব দিব,সেই বিষয়বোৰ গুৰুত্ব দিলে কোনো পধ্যেই প্ৰাৰ্থিত্ব লাভ নকৰে ড্ৰীমগাৰ্ল হেমামালিনীয়ে ।তৃণমূলৰ লগত সুসম্পৰ্ক নাই হেমামালিনীৰ।তদুপৰি ৰাজ্য আৰু কেন্দ্ৰীয় চৰকাৰৰ বিভিন্ন আঁচনি সমূহ সফল ভাৱে ৰূপায়ণ কৰিব পৰা নাই সাংসদ হেমামালিনীয়ে।গতিকে তেওঁ নিশ্চিত যে তেওঁ এইবাৰ প্ৰাৰ্থিত্ব নাপায়।কিন্তু মথুৰাৰ পৰা নিৰ্বাচনত প্ৰতিন্দন্দ্বিতা কৰিবলৈ বদ্ধপৰিকৰ হেমামালিনী।হেমামালিনীয়ে কয় ‘ মই মথুৰাৰ পৰাহে নিৰ্বাচনত প্ৰতিন্দন্দ্বিতা কৰিম৷মোক যদি বেলেগ সমষ্টিত প্ৰতিন্দন্দ্বিতা কৰিবলৈ দিয়ে,মই কোনো কাৰণতে সেই কথা মানি নলওঁ।অন্যথা বেলেগ সিদ্ধান্ত ল’ব লাগিব।’উল্লেখ্য যে ২০১৪ আৰু ২০১৯ ৰ লোকসভা নিৰ্বাচনত মথুৰাক প্ৰতিনিধিত্ব কৰি সদনলৈ নিৰ্বাচিত হৈছিল হেমামালিনী।গতিকে ১০ বছৰে প্ৰতিনিধিত্ব কৰা সমষ্টিটো কোনো পধ্যেই এৰিব খোজা নাই হেমামালিনীয়ে।

২০১৯ চনৰ মোডী ঢৌৰ সময়ত উত্তৰ প্ৰদেশত বিজেপিয়ে লাভ কৰিছিল ৬৪ খন আসন।সেয়ে বিজেপিয়ে আগন্তুক নিৰ্বাচনতো সৰ্বাধিক সংখ্যক আসন লাভৰ লক্ষ্য আগত ৰাখি আগবাঢ়িছে।বিজেপিয়ে সেয়ে কেইটামান বিশেষ দিশলৈ লক্ষ্য ৰাখি প্ৰাৰ্থিত্ব প্ৰদান কৰিব।উত্তৰ প্ৰদেশৰ ৰাজ্যিক বিজেপি সভাপতি ভূপেন্দ্ৰ সিং চৌধুৰীয়ে কয় যে প্ৰাৰ্থীৰ নিৰ্বাচনৰ ক্ষেত্ৰত বিশেষ কিছুমান বিষয়ত গুৰুত্ব দিয়া হ’ব।প্ৰাৰ্থীৰ জনপ্ৰিয়তা,গ্ৰহণযোগ্যতা,তেওঁৰ পাৰদৰ্শিতা,সমষ্টিটোৰ জনতাৰ লগত ৰক্ষা কৰা সম্পৰ্ক আদি বিষয়ত বিশেষভাৱে গুৰুত্ব দিয়া হ’ব বুলি কয় বিজেপি সভাপতিগৰাকীয়ে।তেওঁ পুনৰ কয় ‘ বিজেপিয়ে সদায় ৰিপৰ্ট কাৰ্ডত গুৰুত্ব দিয়ে৷এইবাৰো বিজেপিয়ে একেটা পন্থাই গ্ৰহণ কৰিব।কেন্দ্ৰীয় আৰু ৰাজ্য চৰকাৰৰ আঁচনিবোৰ ৰূপায়ণত তৃণমূল পৰ্যায়ত কিমান সফল হৈছে,সেই বিষয়বোৰ বিবেচনা কৰা হ’ব।’উপসভাপতি ভূপেন্দ্ৰ সিং চৌধুৰীয়ে কয় ‘২০২৪ চনৰ লোকসভা নিৰ্বাচনত প্ৰাৰ্থিত্ব প্ৰদান কৰা হ’ব ৰিপৰ্ট কাৰ্ডৰ ওপৰত ভিত্তি কৰি।দলে সদায় ব্যক্তিক নহয়,কামকহে গুৰুত্ব দিব৷প্ৰাৰ্থিত্ব প্ৰদানৰ সময়ত তৃণমূল কৰ্মীৰ লগতো কথা পতা হ’ব।সকলো স্তৰৰ লোকৰ লগত আলোচনা কৰিহে কেন্দ্ৰীয় নিৰ্বাচন সমিতিয়ে প্ৰাৰ্থিত্ব সম্পৰ্কত সিদ্ধান্ত ল’ব।’

Share This Article
The CrossCurrent
The CrossCurrent

Crosscurrent is an independent newsroom that produces investigative and analytical reporting with dedication. Crosscurrent is founded to uncover the truth behind the important issues. Crosscurrent is founded to cover the issues that matter.