প্ৰজ্ঞা অৱজ্ঞা ভূপালৰ জীয়ৰীৰ

Share This Article

‘দা কেৰালা ষ্ট’ৰী’ চাই ঘৰ এৰিলে মধ্যপ্ৰদেশৰ যুৱতীয়ে।কামত নাহিল প্ৰজ্ঞা ঠাকুৰৰ বাণী।কামত নাহিল ‘দা কেৰালা ষ্ট’ৰী’ৰ কাহিনী।ঘৰ এৰি প্ৰেমিক ইউছুফৰ লগত বিয়াত বহিল নাৰ্ছিঙৰ ছাত্ৰী।মধ্যপ্ৰদেশৰ ভূপাল চহৰত সংঘটিত হৈছে এক আশ্চৰ্যজনক কাহিনী।ভূপালৰ এজনী ১৯ বছৰীয়া ছোৱালীয়ে নিজৰ ঘৰ, পৰিয়ালক এৰি বিয়াত বহিছে প্রেমিকৰ লগত। দেখাত এয়া এক সাধাৰণ কথা, দৈনিক অসংখ্যজনে নিজৰ প্রিয়জনৰ বাবে এৰে ঘৰ, পৰিয়াল।কিন্তু এইক্ষেত্ৰত অনন্য ভূপালৰ কাহিনী। কিয়নো ভূপালৰ যি যুৱতীয়ে প্ৰেমিকৰ বাবে ঘৰ এৰিলে তাৰ পিছত আছে অন্য এক কাহিনী।প্ৰেমৰ স্বাৰ্থত ঘৰ এৰাৰ আগতে সংবাদ মাধ্যমৰ চৰ্চাৰ কেন্দ্ৰবিন্দু হৈ পৰিছিল এই যুৱতী। ‘দ্য কেৰালা ষ্ট’ৰী’ৰ দেশত চৰ্চাৰ বিষয় হৈ থকাৰ সময়ৰ কথা। মধ্যপ্ৰদেশৰ বিতৰ্কিত সাংসদ প্ৰজ্ঞা ঠাকুৰে ‘দ্য কেৰালা ষ্ট’ৰী’ চিনেমাখন দেখুৱাবলৈ নিছিল এজনী যুৱতীক। কিয়নো সাংসদগৰাকীৰ মতে দা কেৰালা ষ্ট’ৰীৰ কাহিনীৰে সাদৃশ্য আছিল ১৯ বছৰীয়া যুৱতী গৰাকীৰ। মধ্যপ্ৰদেশৰ ভূপালৰ যুৱতীগৰাকী আছিল নাৰ্ছিঙৰ ছাত্ৰী। আনহাতে আৰক্ষীৰ মতে যুৱতীগৰাকীৰ প্ৰেমিক আছিল এক অপৰাধী। নাম ইউছুফ। হিন্দু যুৱতীগৰাকীৰ এই কাহিনী পোহৰলৈ অহাৰ পিছতেই যুৱতীগৰাকীক লগ কৰিছিল বিজেপি সাংসদ প্ৰজ্ঞা ঠাকুৰে।লগ ধৰি যুৱতীগৰাকীক প্ৰেমিক ইউছুফৰ পৰা আঁতৰি থকাৰ পৰামৰ্শ দিছিল সাংসদ প্ৰজ্ঞা ঠাকুৰে। আনকি নিজৰ লগত নি যুৱতীগৰাকীক দা কেৰালা ষ্ট’ৰী দেখুৱাইছিল প্ৰজ্ঞা ঠাকুৰে।কিন্তু কামত নাহিল প্ৰজ্ঞা ঠাকুৰৰ বাণী। দা কেৰালা ষ্ট’ৰী চাইয়ো মন সলনি নহ’ল ভূপালৰ যুৱতীগৰাকী। অৱশেষত ঘৰ, পৰিয়ালক এৰি প্ৰেমিক ইউছুফৰ লগতে বিয়াত বহিল ১৯ বছৰীয়া যুৱতীগৰাকী।উল্লেখযোগ্য যে ১৯ বছৰীয়া যুৱতীগৰাকীৰ পৰিয়ালৰ অভিযোগ অনুসৰি ইউছুফ নামৰ চুবুৰীয়া যুৱকজনে ফুচলাই নিজৰ জালত পেলাইছিল তেওঁলোকৰ জীয়ৰীক। পৰিয়ালৰ মতে চুবুৰীয়া ইউছুফে পথভ্ৰষ্ট কৰি নিজৰফলিয়া কৰিছিল যুৱতীগৰাকীক।যাৰ বাবে কাৰো কথা শুনিবলৈ সাজু নাছিল ১৯ বছৰীয়া যুৱতীগৰাকী। আনকি সাংসদ প্ৰজ্ঞা ঠাকুৰৰ কথাটো গুৰুত্ব নিদিলে যুৱতীগৰাকীয়ে।আৰু শেষত ঘৰ, পৰিয়ালক এৰি ঘৰৰ ধন-সোণ লগত লৈ প্ৰেমিক ইউছুফৰ লগত পলায়ন কৰে যুৱতীগৰাকীয়ে।ভূপালৰ যুৱতীগৰাকীৰ কাহিনী পোহৰলৈ অহাৰ পিছতে আকৌ চৰ্চা হৈছে কিছুমান বিষয়। বহুতেই দ্যা কেৰালা ষ্ট’ৰীৰ সত্যতাৰ ওপৰত চৰ্চা কৰিব লোৱাৰ বিপৰীতে আন একাংশৰ মতে প্ৰেমত পৰিলেই অন্ধ হৈ পৰে সকলো। তেনে সময়ত না কামত আহে সাংসদৰ বাণী, না কামত আহে চিনেমাৰ কাহিনী।

Share This Article
The CrossCurrent
The CrossCurrent

Crosscurrent is an independent newsroom that produces investigative and analytical reporting with dedication. Crosscurrent is founded to uncover the truth behind the important issues. Crosscurrent is founded to cover the issues that matter.