উচ্চতৰ মাধ্যমিকৰ ৰিজাল্ট ওলাল,কিন্তু হঠাৎ কিয়?

Share This Article

শুনিবলৈ কথাটো অশুৱলা লাগিলেও ইয়াৰ আঁৰত আছে নেকি কিবা ৰহস্য? মুখ্যমন্ত্ৰীয়ে ৰাজ্যৰ কিবা সমস্যাত দিব খুজিছে নেকি আঁৰ কাপোৰ?

পৰীক্ষাৰ ৰিজাল্টৰ কথা মাজনিশা টুইট কৰিলে মুখ্যমন্ত্ৰীয়ে।সাধাৰণ দৃষ্টিত বিষয়টো একেবাৰে অসাধাৰণো নহয়।কলা,বাণিজ্য,বিজ্ঞান তিনিওটা শাখাৰে আজি ফলাফল ঘোষণা হৈছে।কিন্তু সেই একেজন মুখ্যমন্ত্ৰীয়ে মাজুলীত বিগত দেওবাৰে ৰিজাল্টৰ বাবে আৰু এটা সপ্তাহ ৰোৱাৰ কথা কৈছিল।কিন্তু আশ্চৰ্যজনকভাৱে সেই ঘোষণাৰ ২৪ ঘণ্টাৰ পিছতেই নিজৰেই কথা সলালে মুখ্যমন্ত্ৰীয়ে!

এনে কি গুৰুতৰ সমস্যা আহি মুখ্যমন্ত্ৰীৰ সন্মুখত দেখা দিলে যে নিশা আঢ়ৈ অথবা তিনি বজাত ফলাফল ঘোষণাৰ কথা ভাবিবলগীয়া হ’ল মুখ্যমন্ত্ৰীয়ে ? দেশত এতিয়া চলি আছে ‘অমৃত কাল’, মুখ্যমন্ত্ৰীয়ে যদি বিগত দেওবাৰে আৰু এটা মাহৰ পিছতহে উচ্চতৰ মাধ্যমৰ ৰিজাল্ট দিব বুলি ঘোষণা কৰিলেহেঁতেন,কাৰো হয়তো আপত্তি নাথাকিলেহেঁতেন !কাৰণ বিগত দুটা বছৰত মুখ্যমন্ত্ৰীৰ কোনো সিদ্ধান্ততেই আমাৰ ৰাইজে বিৰোধ কৰা নাই।য’তেই যেনেকৈ মন গৈছে তেনেকৈয়ে অট্টালিকা সাজিছে,অট্টালিকা সাজি নাম দিছে ‘মেডিকেল কলেজ’,ৰাস্তাৰ কাষৰ প্ৰকাণ্ড প্ৰকাণ্ড গছবোৰ কাটিছে,ৰাস্তাৰ ওপৰত বিভিন্ন ধৰণৰ যন্ত্ৰ পাতি বহুৱাই ফ্লাই অভাৰ নিৰ্মাণ কৰি দিছে যেনিয়ে তেনিয়ে আমি জানো কোনোবাই আপত্তি কৰিছোঁ?মুখ্যমন্ত্ৰীয়ে জানে যে আমাৰ ৰাইজৰ কোনো কথাতেই আপত্তি নাই,যেনেকৈ মন যায় তেওঁলোকক ব্যৱহাৰ কৰিব পাৰি !

আনহাতে,আছুৱেও মঙলবাৰে গণ সত্যাগ্ৰহ কাৰ্যসূচী আৰম্ভ কৰিছে চান্দমাৰীত।মাতৃভাষা মাধ্যমত শিক্ষাদানৰ দাবী তুলি এই প্ৰতিবাদী কাৰ্যসূচী হাতত লৈছে আছুৱে।কিন্তু আছুৰ প্ৰতিবাদেও মঙলবাৰৰ ফলাফল ঘোষণাৰ বাবে সংবাদ মাধ্যমত যিমান গুৰুত্ব পাব লাগিছিল সিমান গুৰুত্ব নাপালে।এই কাৰ্যসূচীক নস্যাৎ কৰাও আন এক লক্ষ্য আছিল নেকি মুখ্যমন্ত্ৰীৰ?

ইতিমধ্যে মুখ্যমন্ত্ৰীয়ে উচ্চতৰ মাধ্যমিকৰ ফলাফলক লৈ গ্ৰহণ কৰা খৰতকীয়া সিদ্ধান্তক লৈ চৰ্চা চলিছে সামাজিক মাধ্যমত।বহুতে ইয়াত অৰুণাচলীৰ আক্ৰমণত সোমবাৰে দুজন খিলঞ্জীয়াই প্ৰাণ হেৰুওৱা বিষয়টো গাপ দিবলৈ নিশাৰ ভিতৰতে ৰিজাল্ট দিয়াৰ সিদ্ধান্ত লোৱা বুলি ক’ব খোজে।

ৰাইজৰ দলৰ সভাপতি তথা শিৱসাগৰৰ বিধায়ক অখিল গগৈয়ে সামাজিক মাধ্যমত মুখ্যমন্ত্ৰীৰ ক্ৰেডিট লোৱাৰ প্ৰবণতা ,শিক্ষা মন্ত্ৰীক গুৰুত্বহীন কৰা আৰু কালিৰ ধেমাজিত দুগৰাকী লোকৰ মৃত্যুৰ ঘটনাৰ মাজত সামঞ্জস্য বিচাৰি পাইছে।

গুৰুত্বপূৰ্ণ বিষয়টো হ’ল যে ইয়াৰ আগতেও মেট্ৰিকৰ ৰিজাল্টৰ বিষয়টো হঠাৎ ঘোষণা কৰা হৈছিল ।আৰক্ষী বিষয়া জোনমণি ৰাভাৰ মৃত্যু আৰু নকল সোণৰ মাজৰ সম্পৰ্কৰ বিষয়টো চৰ্চা হৈ থকাৰ মাজতে সামাজিক মাধ্যমত এখন বিশেষ ফটো ভাইৰেল হৈছিল।সেই ফটোখন ভাইৰেল হোৱাৰ পিছতেই পিছদিনা পুৱা মেট্ৰিকৰ ৰিজাল্টৰ কথা ঘোষণা কৰিছিল শিক্ষামন্ত্ৰীয়ে।অৱশ্যে সেইবাৰ ফটো ভাইৰেলৰ ঘটনাটো মুখ্যমন্ত্ৰী পৰিয়ালৰ সদস্যৰ লগত জড়িত থকা বাবেই হয়তো মেট্ৰিকৰ ৰিজাল্টৰ কথা ঘোষণাৰ দায়িত্ব শিক্ষামন্ত্ৰীৰ ওপৰত এৰি দিছিল মুখ্যমন্ত্ৰীয়ে।মেট্ৰিক পৰীক্ষাৰ ৰিজাল্টৰ পৰা নিজকে সেই বিশেষ দিন কেইটাত আঁতৰাই ৰাখিছিল মুখ্যমন্ত্ৰীয়ে।

আজিকালি প্ৰশ্নৰ সন্মুখীন হ’বলগীয়া প্ৰায়বোৰ সমস্যাৰ সময়তেই মুখ্যমন্ত্ৰীয়ে বিষয়টো ডাইভাৰ্টৰ বাবে এক পৃথক ইছ্যু উলিয়াই দিয়াটো এক পৰম্পৰাৰ দৰেই।

চৰকাৰ মানে তেওঁক প্ৰশ্ন কৰাৰ পৰিৱেশ এটা সৃষ্টি হ’লেই সেই নতুন ইছ্যুটো উলিয়াই দিয়ে যিটো বিষয়ক লৈ ৰাজ্যখনৰ জনতাক কেইবা দিনলৈ ব্যস্ত ৰাখি মূল সমস্যাটো পাহৰাই দিয়া হয়।এনেও অসমীয়া মানুহ আৱেগিক আৰু পাহৰা গুটি খোৱা লোক।সেয়ে গুৰুতৰ সমস্যাবোৰ পাহৰি যায়।এনেদৰেই অসমত দৈনিক বৃদ্ধি পায় আছে সমস্যা কিন্তু সমাধান সূত্ৰ ওলোৱা নাই৷কিন্তু সমাধান সূত্ৰ নোলাল বুলিয়েই জনতাও সেইবোৰ বিষয়ত লাগি থকা নাই৷গতিকে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ দিনত সমস্যাৰ তালিকা দীঘলীয়া হৈছে কিন্তু কোনোটোৱেই প্ৰকৃতাৰ্থত সমাধান হোৱা নাই৷সীমা সমস্যা,খোৱা পানীৰ সমস্যা,যানযঁটৰ সমস্যা,শিক্ষাৰ সমস্যা,স্বাস্থ্যৰ সমস্যা -মুঠতে সমস্যা যেনেকৈ আঁতৰা নাই,তেনেকৈ চৰকাৰেও সমাধানৰ পথ উলিওৱাৰ চেষ্টা কৰা নাই। এক কথাত আজিৰ আকস্মিক ফলাফল ঘোষণাৰ সিদ্ধান্তৰ লগত দূৰ দূৰণিত হ’লেও অৰুণাচলৰ সীমা বিবাদৰ লগত সম্পৰ্ক যে আছে সেইটো নিশ্চিত।

Share This Article
The CrossCurrent
The CrossCurrent

Crosscurrent is an independent newsroom that produces investigative and analytical reporting with dedication. Crosscurrent is founded to uncover the truth behind the important issues. Crosscurrent is founded to cover the issues that matter.