হোৱাটচএপ ষ্টেটাছ দিওঁতে সাৱধান !

Share This Article

মহাৰাষ্ট্ৰৰ কোলহাপুৰত বুধবাৰে এক অনিয়ন্ত্ৰিত পৰিৱেশৰ সৃষ্টি হয়।সামাজিক মাধ্যমত টিপু চুলতান আৰু ঔৰংগজেৱক লৈ দিয়া কিছু বিতৰ্কিত আপডেটৰ বাবেই এনে পৰিস্থিতিৰ সৃষ্টি হয় কোলহাপুৰত।কলহাপুৰৰ ছত্ৰপতি শিৱাজী মহাৰাজ চ’কত বুধবাৰে কেইবাটাও হিন্দুত্ববাদী সংগঠনে দোকান পোহাৰ ভাঙি ধ্বংসস্তুপত পৰিণত কৰাৰ লগতে কেইবাখনো গাড়ীও জ্বলাই দিয়ে।সংগঠন কেইটাই আনকি বুধবাৰে ইয়াৰ প্ৰতিবাদত কোলহাপুৰ বন্ধও ঘোষণা কৰে।সংগঠনকেইটাৰ মতে ঔৰংগজেৱ আৰু টিপু চুলতানৰ কৃতিত্ব জাহিৰ কৰিবলৈ এনেদৰে সামাজিক মাধ্যমত প’ষ্ট আপলোড কৰা হৈছে।প্ৰতিবাদকাৰীয়ে ইমানেই ভয়ংকৰ ৰূপ লৈছিল যে আৰক্ষীয়ে লাঠীচাৰ্জ কৰিবলৈ বাধ্য হৈছিল।কোলহাপুৰৰ বিভিন্ন অঞ্চলত এতিয়াও পৰিস্থিতি অশান্ত হৈয়েই আছে।কোলহাপুৰৰ আৰক্ষী অধীক্ষক মহিন্দ্ৰ পণ্ডিতে কয় ‘ কিছু সংগঠনে কোলহাপুৰ বন্ধ ঘোষণা কৰিছিল৷তেওঁলোক শিৱাজী চ’কত সমবেত হৈছিল।ইয়াৰে কিছু সংখ্যকে শিল দলিয়াইছিল যাৰ ফলত আৰক্ষীয়ে লাঠীচাৰ্জ কৰিবলগীয়া হয়।’

কোলহাপুৰৰ পৰিস্থিতি সম্পৰ্কত মহাৰাষ্ট্ৰৰ মুখ্যমন্ত্ৰী একনাথ সিন্দেই কয় যে তেওঁ জ্যেষ্ঠ আৰক্ষী বিষয়া সকলৰ লগত সঘন যোগাযোগ ৰক্ষা কৰি আছে।তেওঁ জনতাক শান্তি সম্প্ৰীতি অটুত ৰখাৰ আহ্বান জনাইছে।সিন্দেই কয় ‘ তদন্ত চলি আছে৷যদি কাৰোবাৰ বিৰুদ্ধে প্ৰমাণ পোৱা যায় তেন্তে কঠোৰ শাস্তি প্ৰদান কৰা হ’ব।আনহাতে,উপমুখ্যমন্ত্ৰী দেবেন্দ্ৰ ফাৰ্ণাভিছেও চহৰখনৰ পৰিস্থিতিৰ ওপৰত তীক্ষ্ণ নজৰ ৰাখিছে। ফাৰ্ণাভিছে লগতে কয় ‘ ঔৰংগজেৱক প্ৰশংসা কৰা সকলক কোনো কাৰণতে ক্ষমা কৰা নহ’ব।আৰক্ষীয়েও ইতিমধ্যে পৰিস্থিতি নিয়ন্ত্ৰণত ৰখাৰ বাবে সকলো পদক্ষেপ গ্ৰহণ কৰিছে।মুখ্যমন্ত্ৰী একনাথ সিন্দেই কয় যে বিতৰ্কিত হোৱাটচএপ ষ্টেটাচ লগোৱা তিনিওটা ল’ৰাই কম বয়সীয়া।কিন্তু কিয় একেটা সময়তে তিনিও জনে একেটা ষ্টেটাছ লগালে তাৰ তদন্ত কৰা হ’ব।তেওঁ কয় যে মহাৰাজ শিৱাজী আৰু সম্ভাজী আমাৰ বাবে শ্ৰদ্ধাৰ আৰু মৰমৰ৷ঔৰংগজেৱ আমাৰ বাবে পূজ্য নহয়।ইতিমধ্যে চহৰখনৰ সকলো এলেকাতে নিৰাপত্তা ব্যৱস্থা কটকটীয়া কৰিছে প্ৰশাসনে।অৱশ্যে বন্ধ ঘোষণা কৰা সংগঠনৰ সদস্যই লক্ষ্মীপুৰ মণ্ডল,আকবৰ মহাল্লা,মুছলিম বৰ্ডিং,চিপিআৰ হস্পিতাল অঞ্চলতো অপ্ৰীতিকৰ পৰিস্থিতিৰ সৃষ্টি কৰিছে।প্ৰশাসনৰ ফালৰ পৰা পৰিস্থিতি নিয়ন্ত্ৰণাধীন বুলি ঘোষণা কৰিলেও ই কোন সময়ত সাম্প্ৰদায়িক সংঘৰ্ষৰ ৰূপ লয় তাৰ কোনো নিশ্চয়তা নাই।

Share This Article
The CrossCurrent
The CrossCurrent

Crosscurrent is an independent newsroom that produces investigative and analytical reporting with dedication. Crosscurrent is founded to uncover the truth behind the important issues. Crosscurrent is founded to cover the issues that matter.