বেকাৰীৰ বিস্কুটৰ নামত বৰবিহ !

Share This Article

নগাঁৱত জনস্বাস্থ্যৰ প্ৰতি ভয়ানক ভাবুকিৰ সৃষ্টি হৈছে।জিলাখনত গুণগুত মান নিৰূপিত নোহোৱাকৈয়ে বজাৰত বিক্ৰী হৈ আছে খাদ্য সামগ্ৰী।*Batch no, fssai ৰ লাইচেঞ্চ, পেকিং ডেট অবিহনেই বজাৰত বিক্ৰী হৈ আছে বেকাৰীৰ সামগ্ৰী।নগাঁৱৰ একাংশ বেকাৰীয়ে জনস্বাস্থ্যৰ প্ৰতি কঢ়িয়াইছে তীব্ৰ ভাবুকি । প্ৰস্তুত কৰা খাদ্য সামগ্ৰীৰ গুণগত মান নিৰূপিত নকৰাকৈয়ে বজাৰত বিক্ৰী কৰি অহাৰ গুৰুতৰ অভিযোগ উত্থাপিত হৈছে । এই অভিযোগ উত্থাপিত হৈছে নগাঁৱৰ ফৌজদাৰিপট্টিস্থিত “বেকাৰ্ছ স্পেচিয়েল” নামৰ বেকাৰীখনৰ বিৰুদ্ধে । Batch no, পেকিং ডেট আৰু fssai ৰ লাইচেঞ্চ অবিহনেই বজাৰত খাদ্য সামগ্ৰী মেলি জনস্বাস্থ্যৰ প্ৰতি তীব্ৰ ভাবুকি কঢ়িয়াই আনিছে এই বেকাৰী উদ্যোগটোৱে । ইয়াৰোপৰি অস্বাস্থ্যকৰ পৰিবেশতে প্ৰস্তুত কৰি আহিছে খাদ্য সামগ্ৰী । ইপিনে, গ্ৰাহকৰ এই অভিযোগৰ পিছত বেকাৰী উদ্যোগটো পৰিদৰ্শন কৰিবলৈ যোৱা একাংশ সাংবাদিকক বেকাৰী উদ্যোগটোৰ গালিব মনচুৰ হাজৰিকা নামৰ স্বত্বাধিকাৰী গৰাকীয়ে ভাবুকি প্ৰদান কৰাৰো অভিযোগ উত্থাপিত হৈছে । উল্লেখ্য যে, এইগৰাকী স্বত্বাধিকাৰীৰ বিৰুদ্ধে পূৰ্বতেও আছে বহু কু-কীৰ্তিৰ অভিযোগ । নগাঁও চহৰৰ নতুন বজাৰস্থিত তেওঁৰ এখন ৰেষ্টুৰেন্টৰ লেতেৰা পানী কাষৰে এখন প্ৰাথমিক বিদ্যালয়ত পৰাক লৈয়ো সেই সময়ত জাঙুৰ খাই উঠিছিল নগাঁৱৰ সচেতন সমাজ । ৰাইজৰ অভিযোগৰ পিছত প্ৰশাসনৰ হস্তক্ষেপতহে বন্ধ হৈছিল সেই লেতেৰা পানীৰ সৰবৰাহ । উল্লেখ্য যে, জনস্বাস্থ্যৰ প্ৰতি তিলমানো গুৰুত্ব আৰোপ নকৰি এনেদৰে এতিয়া ব্যাপক কৰ ফাঁকিৰে বেকাৰীৰ জৰিয়তে লুণ্ঠনৰাজ চলাই গৈছে গালিব মনচুৰ হাজৰিকা এণ্ড কোম্পানীয়ে । কাৰণ, নগাঁৱৰ খাদ্য পৰিদৰ্শকসকল এতিয়া কুম্ভকৰ্ণ নিদ্ৰাত ।

Share This Article
The CrossCurrent
The CrossCurrent

Crosscurrent is an independent newsroom that produces investigative and analytical reporting with dedication. Crosscurrent is founded to uncover the truth behind the important issues. Crosscurrent is founded to cover the issues that matter.