মোদীৰ মেজিক , মোদীৰ চমক শেষ’

Share This Article

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ চমক শেষ । কেৱল মোদীৰ ভৰষাত আৰু হিন্দুত্বৰ বলত বিজেপিয়ে জিকিব নোৱাৰিব নিৰ্বাচন । আৰএছ এছৰ মুখপত্ৰ অৰ্গেনাইজাৰত এই সকীয়ণি প্ৰকাশ পোৱাৰ পাছতেই হাহাকাৰ লাগিছে বিজেপি শিবিৰত ।শংকিত বিজেপিয়ে এইবাৰ অহংকাৰ এৰি পুৰণি সহযোগীসকলৰ কাষ চপাৰ প্ৰক্ৰিয়া আৰম্ভ কৰিছে।বিৰোধী ঐক্যৰ প্ৰসংগই যিমান চৰ্চা লাভ কৰিছে সিমানেই বিজেপিয়ে এসময়ত একাষৰীয়া কৰা সহযোগী দলসমূহৰ কাষ চপাৰ চেষ্টা আৰম্ভ কৰিছে।এই লক্ষ্যৰেই বিজেপিয়ে যোগাযোগ আৰম্ভ কৰিছে জনতা দল (চেকুলাৰ) , টি ডি পি আৰু আকালী দলৰ সৈতে।আটাইকেইটা দলৰ সৈতে বিজেপি নেতৃত্বই ইতিমধ্যে প্ৰাথমিক আলোচনা আৰম্ভ কৰিছে।কৰ্ণাটক নিৰ্বাচনত শোচনীয় পৰাজয়ৰ পাছতেই বিজেপি শিবিৰত ২০২৪ ক লৈ আশংকা ঘণীভূত হৈ পৰিছে ।যাৰ বাবে ২০২৪ ৰ পূৰ্বেই নতুন ৰূপত এন ডি এক সংগঠিত কৰাৰ প্ৰস্তুতি চলাইছে।কিয়নো ২০১৪ আৰু ২০১৯ ৰ লোকসভা নিৰ্বাচনত প্ৰচণ্ড বিজয়ৰ পাছতেই বিজেপিয়ে পুৰণি সহযোগীসকলক এলাগী কৰিবলৈ আৰম্ভ কৰিছিল।পৰিণতিত বিগত সময়ছোৱাত প্ৰায় আটাইবোৰ গুৰুত্বপূৰ্ণ সহযোগীয়েই বিজেপিৰ সংগ ত্যাগ কৰিছিল।আনকি বিজেপিৰ আটাইতকৈ পুৰণি সহযোগী আকালী দলো এতিয়া বিজেপিৰ লগত নাই।তাৰ পছতো বিজেপি নেতৃত্বই আশা কৰিছিল যে হিন্দুত্বৰ বলত আৰু মোদীৰ চমকৰ জড়িয়তে তেওঁলোকে অনায়াসে ২০২৪ পুনৰ ক্ষমতালৈ আহিবলৈ সক্ষম হ’ব । কিন্তু কৰ্ণাটকৰ নিৰ্বাচনে সেই আশাত চেচাপানী ঢালিলে।ইয়াৰ পাছতেই আৰ এছ এছৰ মুকলি সকীয়ণিয়ে বিজেপিৰ চকু মেল খুৱাইছে। টি ডি পি , আকালীদ দৰে পুৰণি সহযোগীৰে আলোচনা আৰম্ভ কৰাৰ সমান্তৰালভাৱে বিজেপিয়ে সৰু সৰু আঞ্চলিক দলসমূহকো এইবাৰ এন ডি এত অন্তৰ্ভুক্ত কৰিব বিচাৰিছে। ইতিমধ্যে বিজেপিৰ প্ৰতিগৰাকী মুখ্যমন্ত্ৰী আৰু উপ মুখ্যমন্ত্ৰীক এই নিৰ্দেশ প্ৰদান কৰা হৈছে।বিশেষকৈ উদ্ধৱ থাকৰে নেতৃত্বাধীন শিৱসেনা আৰু নীতিশ কুমাৰ নেতৃত্বাধীন জে ডি ইউয়ে এন ডি এ ত্যাগ কৰাৰ পাছতেই বিজেপি সন্দৰ্ভত এক নেতিবাচক বাৰ্তা আঞ্চলিক দলসমূহৰ মাজত বিয়পি পৰিছে।বিজেপিয়ে যে মিত্ৰতাৰ চলেৰে আঞ্চলিক শক্তিক গ্ৰাস কৰিব বিচাৰে সেই ছৱি স্পষ্ট হৈ পৰিছে ।সেইবাবেই ৱাই এছ আৰ কংগ্ৰেছ , বিজু জনতা দলৰ দৰে দলে বিজেপিৰ সৈতে সু – সম্পৰ্ক বজাই ৰাখিলেও মিত্ৰজোট গঠন কৰিবলৈ অস্বীকাৰ কৰিছে।এনে পৰিস্থিতিত আকালী , টি ডি পিৰ সৈতে আলোচনা আৰম্ভ কৰা বাদ দি বিজেপিৰ সন্মুখত আন একো বিকল্প নোহোৱা হৈ পৰিছে।কাৰ্যত: সেই কামেই আৰম্ভ কৰিছে বিজেপি নেতৃত্বই ।বিৰোধী ঐক্যৰ চৰ্চা যিমানেই তৎংগত উঠিছ , সিমানেই শংকাৰ ডাৱৰ ঘণীভূত হৈছে বিজেপি শিবিৰত ।মোদী মেজিক নিষ্ফল প্ৰমানিত হোৱাৰ পাছত বিজেপিৰ সন্মুখত মিত্ৰজোট গঠন বাদ দি আন একো উপায় নোহোৱাৰ দৰেই হৈ পৰিছে ।সেইবাবেই আকৌ এবাৰ এন ডি এ গঠনৰ বাবে উঠি পৰি লাগিছে বিজেপি নেতৃত্ব।

 

Share This Article
The CrossCurrent
The CrossCurrent

Crosscurrent is an independent newsroom that produces investigative and analytical reporting with dedication. Crosscurrent is founded to uncover the truth behind the important issues. Crosscurrent is founded to cover the issues that matter.