বিদ্যুতৰ অত্যধিক মাচুলত ভাৰাক্ৰান্ত জনতা !

Share This Article

সাত পুৰুষত নাই গাই,কৰীয়া লৈ খিৰাবলৈ যায় ! মন্ত্ৰী-বিধায়কৰ মন্তব্য শুনিলে এনে আপ্তবাক্যই চাগৈ আপোনাৰ মনলৈ আহে !বিদ্যুতৰ অত্যধিক মাচুলত ভাৰাক্ৰান্ত জনতা !ত্ৰাহিমধুসূদন সোঁৱৰিছে জনতাই! তাতে আকৌ বিধানসভাৰ অধ্যক্ষ,মন্ত্ৰীৰ উদ্ভট মন্তব্য !

কোনোবাই যদি আপোনাক -মোক গছৰ তললৈ যাবলৈ কৈছে,কোনোবাই আকৌ ১০/২০ পইচা কমা -বঢ়া হ’বই বুলি কৈছে। আন কোনোবাই আকৌ মাহে মাহে চৰকাৰী চাকৰিয়ালৰ দৰমহা বাঢ়ে বাবেই লাইটৰ বিলো বাঢ়িব বুলি যুক্তি দৰ্শাইছে।মুঠতে বিদ্যুত মাচুল বৃদ্ধিৰ সমৰ্থনত যেয়ে যেনেকৈ পাৰিছে যুক্তি দিছে।ইফালে গৰমত জনতাক গছৰ তললৈ যাবলৈ কোৱা অধ্যক্ষৰ চৰকাৰী আবাসত আছে ২২টা এয়াৰ কণ্ডিছনাৰ।পিছে কিয় এনে টুলুঙা মন্তব্য অধ্যক্ষ বিশ্বজিৎ দৈমাৰীৰ। কাৰণ বিশ্বজিৎ দৈমাৰী থাকে চৰকাৰে দিয়া ৰাজ অট্টালিকা সদৃশ বিলাসী আৱাসত।গোটেই কোঠা কেইটাতেই এচি আছে। বিদ্যুৎ মাচুল দিব নালাগে তেওঁ !দৈনিক ভাট্টা পায় তেওঁ !ঘৰ -গাড়ী সকলোতে আছে এচিৰ সুবিধা । অধ্যক্ষৰ চৰকাৰী কাৰ্যালয়, চৰকাৰী গাড়ীও এচি। তেনে ক্ষেত্ৰত তীব্ৰ গ্ৰীষ্ম প্ৰবাহত অসহায় হৈ পৰা জনতাৰ এখেত সকলে অনুভৱ নকৰাটো স্বাভাৱিক। ইফালে বিদ্যুৎ মাচুল বৃদ্ধিক লৈ গুৰুত্ব নাই কিয় অধ্যক্ষ দৈমাৰীৰ।তাৰো কাৰণ নোহোৱা নহয়।এখেতৰ অভাৱ নাই কাৰণ মোটা দৰমহাৰ পৰা পায় অন্যান্য সা-সুবিধা। পিছে কি কি সুবিধা পায় বিধানসভাৰ অধ্যক্ষই।
বিধানসভাৰ অধ্যক্ষৰ মাহিলী দৰমহা ১.২০লাখ,
সংসদীয় ভাত্তা মাহে ১০ হাজাৰ,
ব্যক্তিগত ভাত্তা মাহে ২০ হাজাৰ,
চৰকাৰী বৈঠকৰ বাবদ দিনে ১,৮৫০ টকা
ৰাজ্যৰ ভিতৰত ভ্ৰমন বানচ দৈনিক ১,৮৫০
ৰাজ্যৰ বাহিৰত ভ্ৰমন বানচ দৈনিক ২,৫০০
ব্যক্তিগত খৰছ মাহে ৩০ হাজাৰ
গাড়ীৰ ইন্ধনৰ বাবদ মাহে ১৮,৫০০টকা
গাড়ীৰ প্ৰতি কি:মিত ১৮ টকা
বাতৰি কাকতৰ বাবদ মাহে ২ হাজাৰ
*বিনামূলীয়া চৰকাৰী আৱাস
*বিনামূলীয়া চিকিৎসা সেৱা ইত্যাদি৷ এতিয়া আপুনি হয়তো বুজিবলৈ বাকী নাই বিদ্যুৎ মাচুল বৃদ্ধিকলৈ কিয় এই মন্তব্য অধ্যক্ষ বিশ্বজিৎ দৈমাৰী।
জনতাৰ ভোটেৰে শাসনৰ গাদীত বহা জনপ্ৰতিনিধিয়ে জনতাৰ সংকটৰ সময়ত এনেদৰে উপলুঙা কৰাটো কিমান সমীচিন ?সময়ে দিব ইয়াৰ প্ৰত্যুত্তৰ !

Share This Article
The CrossCurrent
The CrossCurrent

Crosscurrent is an independent newsroom that produces investigative and analytical reporting with dedication. Crosscurrent is founded to uncover the truth behind the important issues. Crosscurrent is founded to cover the issues that matter.