সত্যৰ সন্ধানত প্ৰতিদিন, প্ৰতিপল

২০২২ ত নিৰ্বাচিত হ’ব ১০৩০ গৰাকী বিধায়ক

মহামাৰী কোভিড আৰু এটা বিশাল কৃষক আন্দোলনৰ স্মৃতিৰ মাজেৰে অন্ত পৰিল ২০২১ চন ৷ আৰম্ভ হৈছে এটা নতুন বছৰ ৷ এই বছৰটো হ’ব ভাৰতীয় ৰাজনীতিৰ বাবে এটা অতি গুৰুত্বপূৰ্ণ বছৰ ৷ কাৰণ, ২০২২ চনত দেশৰ ৮ খন ৰাজ্যৰ বিধানসভা নিৰ্বাচন অনুষ্ঠিত হ’ব ৷ এই নিৰ্বাচনৰ মাজেৰে জনসাধাৰণে ১০৩০ গৰাকী বিধায়কক নিৰ্বাচন কৰিব ৷ ইয়াৰ পৰাই ১৩৭ টা লোকসভা সমষ্টিৰ ধাৰণাও স্পষ্ট হৈ পৰিব ৷ সেইবাবেই কোৱা হৈছে যে ২০২৪ চনত অনুষ্ঠিত হ’বলগীয়া লোকসভা নিৰ্বাচনৰ ছেমিফাইনেল অনুষ্ঠিত হ’ব ২০২২ চনত ৷
নিৰ্বাচন আয়োগে অহা ফেব্ৰুৱাৰী মাহত পঞ্জাৱ , গোৱা , মণিপুৰ , উত্তৰাখণ্ড আৰু উত্তৰপ্ৰদেশত নিৰ্বাচন অনুষ্ঠিত কৰাৰ সম্ভাৱনা আছে ৷ বছৰটোৰ শেষলৈ অৰ্থাৎ অক্টোবৰ আৰু নৱেম্বৰ মাহত অনুষ্ঠিত হ’ব গুজৰাট আৰু হিমাচল প্ৰদেশৰ নিৰ্বাচন ৷ ইয়াৰ বাহিৰেও জন্মু – কাশ্মীৰৰ বিধানসভা সমষ্টিৰ সীমা পুণৰ নিৰ্ধাৰণ সম্পূৰ্ণ হৈ উঠিলে তাতো এইবাৰ নিৰ্বাচন অনুষ্ঠিত হ’ব পাৰে ৷ ২০১৮ চনৰ পৰাই জন্মু- কাশ্মীৰৰ বিধানসভা ভংগ হৈ আছে ৷ ২০১৯ চনত জন্মু – কাশ্মীৰৰ পৰা অনুচ্ছেদ ৩৭০ প্ৰত্যাহাৰ কৰাৰ পাছৰে পৰা তাত সমষ্টিৰ সীমা পুণৰ নিৰ্ধাৰণৰ কাম চলি আছে ৷ যদি সেয়া সম্পূৰ্ণ হৈ উঠে , তেনেহ’লে জন্মু – কাশ্মীৰৰ নিৰ্বাচন এই বছৰতে অনুষ্ঠিত হ’ব পাৰে ৷

২০২২ ত বিধানসভা নিৰ্বাচন অনুষ্ঠিত হ’বলগীয়া ৰাজ্যসমূহৰ ভিতৰত উত্তৰ প্ৰদেশত সৰ্বাধিক ৪০৩ গৰাকী বিধায়ক নিৰ্বাচিত হ’ব ৷ ইয়াৰ পাছত গুজৰাটত ১৮২ গৰাকী , পঞ্জাৱত ১১৭ গৰাকী , উত্তৰাখণ্ডত ৭০ গৰাকী , হিমাচল প্ৰদেশত ৬৮ গৰাকী , মণিপুৰত ৬০ গৰাকী আৰু গোৱাত ৪০গৰাকী বিধায়ক নিৰ্বাচিত হ’ব ৷ যদিহে জন্মু কাশ্মীৰ বিধানসভা নিৰ্বাচন অনুষ্ঠিত হয় , তেনেহ’লে তাৰ ১ কৌটি ৩৬ লাখ জনসাধাৰণৰ বাবে ৯০ টা সমষ্টিত নিৰ্বাচন অনুষ্ঠিত হ’ব ৷ ইয়াৰ পূৰ্বে জন্মু কাশ্মীৰত বিধানসভা সমষ্টিৰ সংখ্যা আছিল ৮৭ টা ৷
জন্মু – কাশ্মীৰক বাদ দি আন সাতখন ৰাজ্যৰ ২১ কৌটি ভোটাৰে ৯৪০ টা বিধানসভা সমষ্টিৰ বাবে ভোটদান কৰিব ৷ এই সাতখন ৰাজ্যৰ ছখনেই বৰ্তমান বিজেপিৰ দখলত আছে ৷ একমাত্ৰ পঞ্জাৱতহে কংগ্ৰেছ দলৰ চৰকাৰ চলি আছে ৷ কিন্তু তাতো এইবাৰ আম আদমী পাৰ্টীয়ে কংগ্ৰেছৰ সন্মুখত তীব্ৰ প্ৰত্যাহ্বানৰ সৃষ্টি কৰিছে ৷প্ৰাক্তণ মুখ্যমন্ত্ৰী অমৰিন্দৰ সিঙে দল ত্যাগ কৰাৰ পাছত পঞ্জাৱত দলটোৱে এইবাৰ কেনে প্ৰদৰ্শন কৰে সেয়া লক্ষণীয় হ’ব ৷ ইফালে , উত্তৰ প্ৰদেশত বিজেপি আৰু সমাজবাদী পাৰ্টীৰ মাজতে মূল প্ৰতিদ্বন্দিতা হোৱাটো নিশ্চিত হৈ পৰিছে ৷ তাৰ মাজতে হেৰুওৱা ভেটি পুণৰ উদ্ধাৰৰ বাবে সৰ্বশক্তি প্ৰয়োগ কৰিছে কংগ্ৰেছ দলে ৷ ইয়াৰ বাহিৰেও মণিপুৰত বিজেপি আৰু কংগ্ৰেছৰ মাজত কঠিন প্ৰতিদ্বন্দিতা হোৱাৰ পূৰ্ণ সম্ভাৱণা আছে ৷ গোৱাত আপ আৰু তৃণমূল কংগ্ৰেছে প্ৰৱেশ কৰাৰ পাছৰে পৰা ৰাজনৈতিক ছবিখন ধূসৰ হৈ পৰিছে ৷ এইদৰে এই ৰাজ্যসমূহৰ বিধানসভা নিৰ্বাচনৰ জড়িয়তে ৰাষ্ট্ৰপতি নিৰ্বাচনৰ ফলাফলো নিৰ্ধাৰণ হৈ পৰিব ৷ কাৰণ , বিধানসভা নিৰ্বাচনৰ ফলাফলৰ পৰাই ৰাজ্যসভাত কাৰ কিমান শক্তি থাকিব , সেয়া স্পষ্ট হৈ পৰিব ৷ নিৰ্বাচন অনুষ্ঠিত হ’বলগীয়া ৰাজ্যকেইখনত আছে ১৩৭ টা লোকসভা সমষ্টি ৷ গতিকে বিধানসভা নিৰ্বাচনৰ মাজেৰেই ২০২৪ ৰ লোকসভা নিৰ্বাচনৰো এক পূৰ্বাভাষ পোৱা যাব ৷ সেইবাবেই ভাৰতীয় ৰাজনীতিৰ বাবে ২০২২ চনটো হ’ব এটা অতি গুৰুত্বপূ্ৰ্ণ বছৰ ৷

- Donation -

Leave A Reply

Your email address will not be published.