২০২২ ত নিৰ্বাচিত হ’ব ১০৩০ গৰাকী বিধায়ক

Share This Article

মহামাৰী কোভিড আৰু এটা বিশাল কৃষক আন্দোলনৰ স্মৃতিৰ মাজেৰে অন্ত পৰিল ২০২১ চন ৷ আৰম্ভ হৈছে এটা নতুন বছৰ ৷ এই বছৰটো হ’ব ভাৰতীয় ৰাজনীতিৰ বাবে এটা অতি গুৰুত্বপূৰ্ণ বছৰ ৷ কাৰণ, ২০২২ চনত দেশৰ ৮ খন ৰাজ্যৰ বিধানসভা নিৰ্বাচন অনুষ্ঠিত হ’ব ৷ এই নিৰ্বাচনৰ মাজেৰে জনসাধাৰণে ১০৩০ গৰাকী বিধায়কক নিৰ্বাচন কৰিব ৷ ইয়াৰ পৰাই ১৩৭ টা লোকসভা সমষ্টিৰ ধাৰণাও স্পষ্ট হৈ পৰিব ৷ সেইবাবেই কোৱা হৈছে যে ২০২৪ চনত অনুষ্ঠিত হ’বলগীয়া লোকসভা নিৰ্বাচনৰ ছেমিফাইনেল অনুষ্ঠিত হ’ব ২০২২ চনত ৷
নিৰ্বাচন আয়োগে অহা ফেব্ৰুৱাৰী মাহত পঞ্জাৱ , গোৱা , মণিপুৰ , উত্তৰাখণ্ড আৰু উত্তৰপ্ৰদেশত নিৰ্বাচন অনুষ্ঠিত কৰাৰ সম্ভাৱনা আছে ৷ বছৰটোৰ শেষলৈ অৰ্থাৎ অক্টোবৰ আৰু নৱেম্বৰ মাহত অনুষ্ঠিত হ’ব গুজৰাট আৰু হিমাচল প্ৰদেশৰ নিৰ্বাচন ৷ ইয়াৰ বাহিৰেও জন্মু – কাশ্মীৰৰ বিধানসভা সমষ্টিৰ সীমা পুণৰ নিৰ্ধাৰণ সম্পূৰ্ণ হৈ উঠিলে তাতো এইবাৰ নিৰ্বাচন অনুষ্ঠিত হ’ব পাৰে ৷ ২০১৮ চনৰ পৰাই জন্মু- কাশ্মীৰৰ বিধানসভা ভংগ হৈ আছে ৷ ২০১৯ চনত জন্মু – কাশ্মীৰৰ পৰা অনুচ্ছেদ ৩৭০ প্ৰত্যাহাৰ কৰাৰ পাছৰে পৰা তাত সমষ্টিৰ সীমা পুণৰ নিৰ্ধাৰণৰ কাম চলি আছে ৷ যদি সেয়া সম্পূৰ্ণ হৈ উঠে , তেনেহ’লে জন্মু – কাশ্মীৰৰ নিৰ্বাচন এই বছৰতে অনুষ্ঠিত হ’ব পাৰে ৷

২০২২ ত বিধানসভা নিৰ্বাচন অনুষ্ঠিত হ’বলগীয়া ৰাজ্যসমূহৰ ভিতৰত উত্তৰ প্ৰদেশত সৰ্বাধিক ৪০৩ গৰাকী বিধায়ক নিৰ্বাচিত হ’ব ৷ ইয়াৰ পাছত গুজৰাটত ১৮২ গৰাকী , পঞ্জাৱত ১১৭ গৰাকী , উত্তৰাখণ্ডত ৭০ গৰাকী , হিমাচল প্ৰদেশত ৬৮ গৰাকী , মণিপুৰত ৬০ গৰাকী আৰু গোৱাত ৪০গৰাকী বিধায়ক নিৰ্বাচিত হ’ব ৷ যদিহে জন্মু কাশ্মীৰ বিধানসভা নিৰ্বাচন অনুষ্ঠিত হয় , তেনেহ’লে তাৰ ১ কৌটি ৩৬ লাখ জনসাধাৰণৰ বাবে ৯০ টা সমষ্টিত নিৰ্বাচন অনুষ্ঠিত হ’ব ৷ ইয়াৰ পূৰ্বে জন্মু কাশ্মীৰত বিধানসভা সমষ্টিৰ সংখ্যা আছিল ৮৭ টা ৷
জন্মু – কাশ্মীৰক বাদ দি আন সাতখন ৰাজ্যৰ ২১ কৌটি ভোটাৰে ৯৪০ টা বিধানসভা সমষ্টিৰ বাবে ভোটদান কৰিব ৷ এই সাতখন ৰাজ্যৰ ছখনেই বৰ্তমান বিজেপিৰ দখলত আছে ৷ একমাত্ৰ পঞ্জাৱতহে কংগ্ৰেছ দলৰ চৰকাৰ চলি আছে ৷ কিন্তু তাতো এইবাৰ আম আদমী পাৰ্টীয়ে কংগ্ৰেছৰ সন্মুখত তীব্ৰ প্ৰত্যাহ্বানৰ সৃষ্টি কৰিছে ৷প্ৰাক্তণ মুখ্যমন্ত্ৰী অমৰিন্দৰ সিঙে দল ত্যাগ কৰাৰ পাছত পঞ্জাৱত দলটোৱে এইবাৰ কেনে প্ৰদৰ্শন কৰে সেয়া লক্ষণীয় হ’ব ৷ ইফালে , উত্তৰ প্ৰদেশত বিজেপি আৰু সমাজবাদী পাৰ্টীৰ মাজতে মূল প্ৰতিদ্বন্দিতা হোৱাটো নিশ্চিত হৈ পৰিছে ৷ তাৰ মাজতে হেৰুওৱা ভেটি পুণৰ উদ্ধাৰৰ বাবে সৰ্বশক্তি প্ৰয়োগ কৰিছে কংগ্ৰেছ দলে ৷ ইয়াৰ বাহিৰেও মণিপুৰত বিজেপি আৰু কংগ্ৰেছৰ মাজত কঠিন প্ৰতিদ্বন্দিতা হোৱাৰ পূৰ্ণ সম্ভাৱণা আছে ৷ গোৱাত আপ আৰু তৃণমূল কংগ্ৰেছে প্ৰৱেশ কৰাৰ পাছৰে পৰা ৰাজনৈতিক ছবিখন ধূসৰ হৈ পৰিছে ৷ এইদৰে এই ৰাজ্যসমূহৰ বিধানসভা নিৰ্বাচনৰ জড়িয়তে ৰাষ্ট্ৰপতি নিৰ্বাচনৰ ফলাফলো নিৰ্ধাৰণ হৈ পৰিব ৷ কাৰণ , বিধানসভা নিৰ্বাচনৰ ফলাফলৰ পৰাই ৰাজ্যসভাত কাৰ কিমান শক্তি থাকিব , সেয়া স্পষ্ট হৈ পৰিব ৷ নিৰ্বাচন অনুষ্ঠিত হ’বলগীয়া ৰাজ্যকেইখনত আছে ১৩৭ টা লোকসভা সমষ্টি ৷ গতিকে বিধানসভা নিৰ্বাচনৰ মাজেৰেই ২০২৪ ৰ লোকসভা নিৰ্বাচনৰো এক পূৰ্বাভাষ পোৱা যাব ৷ সেইবাবেই ভাৰতীয় ৰাজনীতিৰ বাবে ২০২২ চনটো হ’ব এটা অতি গুৰুত্বপূ্ৰ্ণ বছৰ ৷

Share This Article
The CrossCurrent
The CrossCurrent

Crosscurrent is an independent newsroom that produces investigative and analytical reporting with dedication. Crosscurrent is founded to uncover the truth behind the important issues. Crosscurrent is founded to cover the issues that matter.