মুখ্যমন্ত্ৰীৰ সেই ‘বিশেষ’ ঘৰটো !

Share This Article

শাসক দল বিজেপিয়ে বিৰোধী দলবোৰক আক্ৰমণৰ বাবে কেৱল সুযোগ বিচাৰি থাকে ।এয়া অৱশ্যে কোনো নতুন কথা নহয় !বিৰোধীৰ আক্ৰমণৰ পৰা হাত সাৰিবলৈ হোৱাই নোহোৱাই আন ইছ্যু উলিয়াই ইছ্যুটো ডাইভাৰ্ট কৰাটো এতিয়া বিজেপিৰ এক পৰম্পৰাৰ দৰেই।
শেহতীয়াকৈ তেনে এক সুযোগ লৈছে বিজেপি নেতা সম্বিত পাত্ৰই।যিটো ঘৰৰ বিষয়ে ক’ব বিচৰা হৈছে,সেই ঘৰটোত বাস কৰে দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালে।দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱাল দিল্লীত বসবাস কৰা চৰকাৰী ঘৰটো ৮০ বছৰ পুৰণি।গড়কাপ্তানি বিভাগে ঘৰটো পুনৰ নিৰ্মাণৰ কথা কৈছিল।মুখ্যমন্ত্ৰী কেজৰিৱাল বসবাস কৰা ঘৰটো পুনৰ নিৰ্মাণৰ বিষয়টো উল্লেখ কৰি বিজেপি নেতা সম্বিত পাত্ৰই কয় যে যিটো সময়ত ক’ভিডৰ বাবে দিল্লীত মানুহৰ মৃত্যু হৈছে,সেই সময়ত ঘৰ মেৰামতিৰ নামত চৰকাৰী ধন ব্যয় কৰিছে কেজৰিৱালে৷সম্বিত পাত্ৰৰ এই সমালোচনা শুনি ক্ষোভত ফাটিছে আপ নেতা সঞ্জয় সিং।আপ নেতা সঞ্জয় সিঙে লগতে কয় ‘বৰ্তমান বিজেপিৰ হাতত কোনো ইছ্যু নাই।গতিকে গৌতম আদানি,সত্যপাল মালিকৰ বিষয়টোৰ পৰা ইছ্যু আঁতৰাবলৈ তেওঁলোকে এই কাম কৰিছে।’আপৰ বিধায়ক নৰেশ বালয়ানে মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালৰ বাংলোৰ এটা ভিডিঅ’ও আপলোড কৰিছিল৷অৱশ্যে এই ভিডিঅ’টো মেৰামতিৰ আগৰ !উল্লেখ্য যে ৮০ বছৰ পুৰণি এই ঘৰটোৰ অৱস্থা একেবাৰে জৰাজীৰ্ণ হৈ পৰিছিল৷কেজৰিৱালৰ পিতৃমাতৃ থকা চাঁদখনো হালি আহিছিল৷কেজৰিৱাল নিজে থকা কোঠালিটোৰ অৱস্থাও তথৈবচ আছিল।’

Share This Article
The CrossCurrent
The CrossCurrent

Crosscurrent is an independent newsroom that produces investigative and analytical reporting with dedication. Crosscurrent is founded to uncover the truth behind the important issues. Crosscurrent is founded to cover the issues that matter.