সত্যৰ সন্ধানত প্ৰতিদিন, প্ৰতিপল

G pay নহয় বিজেপিয়ে আনিছে Ga pay !

দেশৰ জনতাই সঘনাই ব্যৱহাৰ কৰা অনলাইন পেমেণ্ট পদ্ধতি G pay ৰ সমান্তৰালভাৱে কেন্দ্ৰৰ মোডী চৰকাৰে আৰম্ভ কৰিছে Ga Pay.এই অভিযোগ আমাৰ নহয়,এই অভিযোগ বিৰোধী দল কংগ্ৰেছৰ৷ইতিমধ্যে দলটোৱে প্ৰকাশ কৰিছে এই নতুন পেমেণ্ট পদ্ধতিৰ QR ক’ড৷ক’ডটোত স্পষ্টকৈ দেখা গৈছে ব্যৱসায়ী গৌতম আদানিৰ ছবি।উল্লেখ্য যে বিশ্বৰ বিভিন্ন দেশত চলি থকা অনীতি অনিয়মৰ বিৰুদ্ধে আমেৰিকাৰ হিণ্ডেনবাৰ্গ নামৰ এটা গোষ্ঠীয়ে তথ্য সংগ্ৰহ কৰি ৰাজহুৱা কৰে৷সেই হিণ্ডেনবাৰ্গ ৰিচাৰ্ছেই গুজৰাটী ব্যৱসায়ী গৌতম আদানিৰ ক্ষেত্ৰত এক ভয়ংকৰ বিত্তীয় খেলিমেলি ধৰা পেলাইছিল আৰু সেই তথ্য ৰাজহুৱা কৰিছিল।এই তথ্য স্পষ্টকৈ ধৰা পৰাৰ পিছতো কিন্তু কেন্দ্ৰীয় চৰকাৰে এই সন্দৰ্ভত কোনো স্পষ্টীকৰণ প্ৰকাশ নকৰিলে৷আনকি হিণ্ডেনবাৰ্গ ৰিচাৰ্ছত এই তথ্যও ৰাজহুৱা হৈছিল যে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী ভাৰতৰ প্ৰধানমন্ত্ৰী হোৱাৰ পিছতহে অৰ্থাৎ ২০১৪ চনৰ পিছৰ পৰাহে আদানিৰ ব্যৱসায়িক সাম্ৰাজ্যৰ উত্থান ঘটিছিল।
আদানি -মোডীৰ সম্পৰ্কক লৈ বিৰোধী দলবোৰে যুটীয়া সংসদীয় সমিতি গঠনৰ পোষকতা কৰিছিল যদিও বিজেপি চৰকাৰে এই সমিতি গঠনৰ নামেই নুশুনে।আনকি কংগ্ৰেছ নেতা ৰাহুল গান্ধীয়ে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে আদানিক ব্যৱসায়ৰ অনুমতি দিবলৈ শ্ৰীলংকা চৰকাৰক অনুৰোধ জনোৱা বুলিও উল্লেখ কৰিছিল।কংগ্ৰেছ তথা আন বিৰোধীৰ সমালোচনালৈ কৰ্ণপাত নকৰা প্ৰধানমন্ত্ৰী মোডীক আক্ৰমণ কৰিবলৈকে কংগ্ৰেছে এই Ga pay মানে Gautam Adani pay এপৰ বিষয়টো উল্লেখ কৰিছে৷কংগ্ৰেছৰ মতে মোডী চৰকাৰে চৰকাৰী সকলো লেনদেন ব্যৱসায়ী গৌতম আদানিৰ জৰিয়তে অথবা তেওঁৰ লগতহে কৰে৷গতিকে G pay ৰ পৰিবৰ্তে Ga pay হে চৰকাৰীভাৱে ব্যৱহৃত ডিজিটেল মাধ্যম হোৱা উচিত! মুঠতে আদানি-মোডী সম্পৰ্কক লৈ সমগ্ৰ দেশজুৰি ব্যাপক প্ৰতিবাদ চলাৰ পিছতো কিন্তু প্ৰধানমন্ত্ৰীৰ ফালৰ পৰা কোনো ধৰণৰ প্ৰতিক্ৰিয়া ব্যক্ত কৰা হোৱা নাই।গৌতম আদানি বিশ্বৰ তৃতীয় জন ধনাঢ্য ব্যক্তিৰ শাৰীলৈ উত্থানৰ আঁৰত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ আশীৰ্বাদ থকাৰ কথাটো সৰ্বত্ৰে চৰ্চা চলিছে৷আনকি সাংসদ ৰাহুল গান্ধীয়ে এই সম্পৰ্কত সংসদত প্ৰশ্ন কৰাৰ বাবেই তেওঁৰ ওপৰত সাংসদ পদ খাৰিজৰ দৰে পক্ষপাতিত্বমূলক পদক্ষেপ লোৱাৰ অভিযোগ তুলিছে দেশৰ প্ৰায় ১৭ টা বিৰোধী দলে৷মোডী-আদানি সম্পৰ্কত সঘনাই স্পষ্টীকৰণ বিচৰাৰ বাবে ৰাহুল গান্ধীক উদ্দেশ্য প্ৰণোদিতভাৱে একাষৰীয়া কৰিব বিচৰাৰ অভিযোগ উত্থাপন কৰিছে কংগ্ৰেছে।

Leave A Reply

Your email address will not be published.