মিজোৰামৰ আইজলত সংঘটিত ভয়ংকৰ ঘটনা

মিজোৰামৰ আইজলত সংঘটিত ভয়ংকৰ ঘটনা৷ বাগৰি পৰা টেংকাৰৰ পৰা পেট্ৰল সংগ্ৰহ কৰিবলৈ গৈ জীৱন্তে অগ্নিদগ্ধ ৫ জন,১৮ জন গুৰুতৰভাৱে অগ্নিদগ্ধ৷ শনিবাৰে নিশাৰ ভাগত সংঘটিত হয় এই ঘটনা৷ ২২,০০০ লিটাৰ পেট্ৰল কঢ়িয়াই নিয়া এখন টেংকাৰ দুৰ্ঘটনাত পতিত হৈছিল মিজোৰামৰ আইজল জিলাত৷পথত বাগৰিপৰা পেট্ৰল সংগ্ৰহ কৰিবলৈ দুচকীয়া,চাৰিচকীয়া বাহন লৈ উপস্থিত হৈছিলগৈ যথেষ্ট সংখ্যক লোক৷ কিন্তু দুৰ্ভাগ্যবশতঃ টেংকাৰখনত কেনেবাকৈ জুই লগাত দপদপাই জ্বলি উঠে উক্ত স্থান৷ লগে লগে পেট্ৰল সংগ্ৰহ কৰা লোকসকলক জুইৰ ক’লাধোঁৱাই ছানি ধৰে৷ বতাহত জুয়ে ভয়ানক ৰূপ লয় আৰু ৫ জনৰ ঘটনাস্থলীতে মৃত্যু হয়৷ আহতসকলৰ কেইবাজনৰো অৱস্থা গুৰুতৰ৷আহতসকলক চাইনড হস্পিতালত ভৰ্তি কৰা হৈছে৷

The CrossCurrent
The CrossCurrent

Crosscurrent is an independent newsroom that produces investigative and analytical reporting with dedication. Crosscurrent is founded to uncover the truth behind the important issues. Crosscurrent is founded to cover the issues that matter.

Articles: 4296