সত্যৰ সন্ধানত প্ৰতিদিন, প্ৰতিপল

মিজোৰামৰ আইজলত সংঘটিত ভয়ংকৰ ঘটনা

মিজোৰামৰ আইজলত সংঘটিত ভয়ংকৰ ঘটনা

মিজোৰামৰ আইজলত সংঘটিত ভয়ংকৰ ঘটনা৷ বাগৰি পৰা টেংকাৰৰ পৰা পেট্ৰল সংগ্ৰহ কৰিবলৈ গৈ জীৱন্তে অগ্নিদগ্ধ ৫ জন,১৮ জন গুৰুতৰভাৱে অগ্নিদগ্ধ৷ শনিবাৰে নিশাৰ ভাগত সংঘটিত হয় এই ঘটনা৷ ২২,০০০ লিটাৰ পেট্ৰল কঢ়িয়াই নিয়া এখন টেংকাৰ দুৰ্ঘটনাত পতিত হৈছিল মিজোৰামৰ আইজল জিলাত৷পথত বাগৰিপৰা পেট্ৰল সংগ্ৰহ কৰিবলৈ দুচকীয়া,চাৰিচকীয়া বাহন লৈ উপস্থিত হৈছিলগৈ যথেষ্ট সংখ্যক লোক৷ কিন্তু দুৰ্ভাগ্যবশতঃ টেংকাৰখনত কেনেবাকৈ জুই লগাত দপদপাই জ্বলি উঠে উক্ত স্থান৷ লগে লগে পেট্ৰল সংগ্ৰহ কৰা লোকসকলক জুইৰ ক’লাধোঁৱাই ছানি ধৰে৷ বতাহত জুয়ে ভয়ানক ৰূপ লয় আৰু ৫ জনৰ ঘটনাস্থলীতে মৃত্যু হয়৷ আহতসকলৰ কেইবাজনৰো অৱস্থা গুৰুতৰ৷আহতসকলক চাইনড হস্পিতালত ভৰ্তি কৰা হৈছে৷

Leave A Reply

Your email address will not be published.