ৰাহুল গান্ধী যাব,সষ্টম আৰক্ষী

Share This Article

সোমবাৰে বিয়লি কংগ্ৰেছ নেতা ৰাহুল গান্ধী চুৰাট আদালতত উপস্থিত হোৱাৰ কথা ।ইতিমধ্যে গুজৰাট চৰকাৰে চুৰাটত অধিক নিৰাপত্তাৰক্ষী নিয়োগ কৰিছে।কংগ্ৰেছ নেতা ৰাহুল গান্ধীয়ে সোমবাৰে বিয়লি চুৰাট আদালতৰ ৰায় সন্দৰ্ভত আদালতত পুনৰ আৱেদন জনোৱাৰ বাবে আদালতত উপস্থিত হ’ব।ৰাহুল গান্ধীক তেওঁৰ ভগ্নী প্ৰিয়ংকা গান্ধী,কংগ্ৰেছ শাসিত ৩ খন ৰাজ্যৰ মুখ্যমন্ত্ৰী আৰু আন আন জ্যেষ্ঠ কংগ্ৰেছীয়ে সংগ দিয়াৰ কথা।ৰাজস্থানৰ মুখ্যমন্ত্ৰী অশোক গেহলট,ছত্তীশগড়ৰ মুখ্যমন্ত্ৰী ভূপেশ বাঘেল আৰু হিমাচল প্ৰদেশৰ মুখ্যমন্ত্ৰী সুখবিন্দৰ সিং সুখু ইতিমধ্যে গন্তব্যস্থান চুৰাটলৈ ৰাওনা হৈছে।চুৰাট আৰক্ষীৰ DCP সাগৰ বাগমাৰে কয় ‘ ৰাহুল গান্ধী চুৰাট আদালতত হাজিৰ হোৱাৰ বিষয়টোলৈ গুৰুত্ব ৰাখি আদালত চৌহদৰ লগতে সমগ্ৰ চহৰখনতে নিৰাপত্তা ব্যৱস্থা কটকটীয়া কৰা হৈছে।’উল্লেখ্য যে চুৰাটৰ এখন আদালতে পূৰ্ণেশ মোডী নামৰ এগৰাকী গুজৰাটী বিধায়কে তৰা মানহানি গোচৰৰ ভিত্তিত ৰাহুল গান্ধীক দোষী সাব্যস্ত কৰে।আদালতৰ ৰায় অনুসৰি ৰাহুল গান্ধীক দুবছৰৰ কাৰাদণ্ডৰে দণ্ডিত কৰা হয়।দুবছৰ কাৰাদণ্ডৰ ৰায়ৰ বাবে লোকসভাৰ সচিবালয়ে সাংসদ পদ খাৰিজ কৰে ৰাহুল গান্ধীৰ ।গুৰুত্বপূৰ্ণ বিষয়টো হ’ল যিকোনো সাংসদে দুবছৰ বা তাতোতকৈ অধিক কাল কাৰাবাস খাটিলে তেওঁৰ সাংসদ পদ খাৰিজ হয়।

Share This Article
The CrossCurrent
The CrossCurrent

Crosscurrent is an independent newsroom that produces investigative and analytical reporting with dedication. Crosscurrent is founded to uncover the truth behind the important issues. Crosscurrent is founded to cover the issues that matter.