ৰাহুল গান্ধী বোলে ৰাষ্ট্ৰ পুত্ৰ !

Share This Article

ৰাহুল গান্ধীৰ সাংসদ পদ খাৰিজৰ পাছতেই বিজেপি চৰকাৰৰ বিৰুদ্ধে সমালোচনাত সৰৱ কংগ্ৰেছ। প্ৰতিদিনেই কংগ্ৰেছে ইয়াৰ বিৰুদ্ধে সাব্যস্ত কৰিছে তীব্ৰ প্ৰতিবাদ। কংগ্ৰেছৰ প্ৰতিবাদত উত্তাল হৈছে ৰাজপথ। উত্তাল হৈছে সংসদ,উত্তাল হৈছে সংসদ চৌহদ আৰু উত্তাল হৈছে প্ৰতিখন ৰাজ্যৰ বিধানসভা। ক’লা সাজ পৰিধান কৰি কংগ্ৰেছে সাব্যস্ত কৰিছে প্ৰতিবাদ।কংগ্ৰেছৰ প্ৰতিবাদত স্তব্ধ হৈ পৰিছে সংসদ আৰু বিধানসভাৰ কাৰ্যসূচী। এইবোৰৰ বাহিৰেও সংবাদমেল সম্বোধন কৰি বিজেপিক কটু সমালোচনা কৰি গৈছে বিৰোধী দলটোৱে। ৰাহুল গান্ধীৰ সাংসদ পদ খাৰিজৰ সন্দৰ্ভত কংগ্ৰেছৰ বাহিৰেও আন বিৰোধী দলেও বিজেপিক কঠোৰ সমালোচনা কৰিছে।এনে সময়তে ৰাহুল গান্ধীৰ সন্দৰ্ভত কংগ্ৰেছৰ এগৰাকী জ্যেষ্ঠ নেতাই কৰা মন্তব্যই দেশজুৰি চাঞ্চল্যৰ সৃষ্টি কৰিছে। উল্লেখ্য ৰাহুল গান্ধীৰ সাংসদ পদ খাৰিজৰ বিৰুদ্ধে শুকুৰবাৰে কংগ্ৰেছে দেশজুৰি সংবাদমেল সম্বোধন কৰিছিল। সংবাদমেলৰ জৰিয়তে দলটোৱে বিজেপি দল আৰু চৰকাৰক কঠোৰ সমালোচনা কৰে।এনে এখন সংবাদমেল ছত্তিশগড়ৰ ৰায়পুৰতো অনুষ্ঠিত হৈছিল। সংবাদমেলখন সম্বোধন কৰিছিল বিধায়ক সত্য নাৰায়ণ শৰ্মাই। আৰু এই সংবাদমেল খনতেই জ্যেষ্ঠ কংগ্ৰেছ নেতাগৰাকীয়ে মহাত্মা গান্ধী,ৰাহুল গান্ধী আৰু ইন্দিৰা গান্ধীৰ সন্দৰ্ভত কৰে মন্তব্য। কংগ্ৰেছ নেতাগৰাকীয়ে ৰাহুল গান্ধীক আখ্যা দিয়ে ৰাষ্ট্ৰপুত্ৰ। সত্য নাৰায়ণ শৰ্মাৰ মন্তব্য ‘মহাত্মা গান্ধী সেই সময়ৰ জাতিৰ পিতা’!”ৰাহুল গান্ধী এই সময়ৰ ৰাষ্ট্ৰৰ পুত্ৰ,ৰাহুল গান্ধী দেশৰ পুত্ৰ”!ইমানতে ক্ষান্ত নাথাকি কংগ্ৰেছ নেতাগৰাকীয়ে ইন্দিৰা গান্ধীৰ প্ৰশংসাতো পঞ্চমুখ হৈ পৰে। ইন্দিৰা গান্ধীৰ সন্দৰ্ভত সত্যনাৰায়ণ শৰ্মাৰ মন্তব্য— “ইন্দিৰা গান্ধী ৰাজমাতৃ!’সত্যনাৰায়ণ শৰ্মাৰ এনে মন্তব্যৰ পাছতে কংগ্ৰেছৰ সমালোচনাত সৰৱ বিজেপি ।দলটোৰ ৰায়পুৰ লোকসভা সমষ্টিৰ সাংসদ সুনীল কুমাৰ চুনীয়ে বিৰোধী দলটোক সমালোচনা কৰি কয় “এয়া জাতিৰ পিতা মহাত্মা গান্ধীৰ প্ৰতি অপমান কংগ্ৰেছ পাগলামিৰ চিকাৰ হৈছে’।উল্লেখ্য কংগ্ৰেছৰ যুৱৰাজ ৰাহুল গান্ধীৰ সাংসদ পদ খাৰিজ কৰাই নহয়,অহা আঠ বছৰলৈ কোনো নিৰ্বাচনতে প্ৰতিদ্বন্দ্বিতা কৰিব নোৱাৰিব। বিগত শুকুৰবাৰে লোকসভা সচিবালয়ে ৰাহুল গান্ধীৰ বিৰুদ্ধে দিয়ে এই নিৰ্দেশ। তাৰ আগদিনা অৰ্থাৎ বৃহস্পতিবাৰে গুজৰাটৰ চুৰাটৰ এখন নিম্ন আদালতে ৰাহুল গান্ধীক দুবছৰৰ কাৰাদণ্ড বিহিছিল। অৱশ্যে কিছু সময় পাছতে একেখন আদালতে ৰাহুল গান্ধীক জামিনো দিয়ে। উল্লেখ্য ৰাহুল গান্ধীৰ অপৰাধ আছিল প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ বিৰুদ্ধে মানহানিকৰ মন্তব্য কৰাৰ অভিযোগ। ২০১৯ চনৰ লোকসভা নিৰ্বাচনৰ সময়ত কৰ্ণাটকৰ এখন ৰাজহুৱা সভাত ৰাহুল গান্ধীয়ে নিজৰ ভাষণত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ সন্দৰ্ভত মানহানিকৰ মন্তব্য কৰিছিল বুলি অভিযোগ উত্থাপন হৈছিল। এই প্ৰসংগত গুজৰাটৰ বিজেপি নেতা তথা বিধায়ক পুৰ্নেশ মোডীয়ে দাখিল কৰা এজাহাৰৰ ভিত্তিত চুৰাটৰ এখন নিম্ন আদালতে ৰাহুল গান্ধীক দুবছৰ কাৰাদণ্ড দিয়ে। আৰু আদালতৰ এই ৰায়ৰ ভিত্তিতে লোকসভা সচিবালয়ে ৰাহুল গান্ধীৰ সাংসদ পদ খাৰিজ কৰে। আনহাতে এতিয়া ৰাহুল গান্ধীৰ সন্দৰ্ভত সত্য নাৰায়ণ শৰ্মাই কৰা মন্তব্য দেশজুৰি ব্যাপক চৰ্চাৰ বিষয় হৈ পৰিছে।

Share This Article
The CrossCurrent
The CrossCurrent

Crosscurrent is an independent newsroom that produces investigative and analytical reporting with dedication. Crosscurrent is founded to uncover the truth behind the important issues. Crosscurrent is founded to cover the issues that matter.