Investigative reporting with dedication.

সোমবাৰে পুৱা ঝাৰখাণ্ডত সংঘটিত ভয়ংকৰ সংঘৰ্ষত ৫ মাওবাদী নিহত হয়।আৰক্ষী সূত্ৰই প্ৰকাশ কৰা অনুসৰি নিহত মাওবাদীৰ এজনৰ মূৰৰ মূল্য ২৫ লাখ টকা ঘোষণা কৰা আছিল আৰক্ষীৰ তৰফৰ পৰা।ঝাৰখাণ্ডৰ চাট্ৰা জিলাত সোমবাৰে পুৱা ১০ মান বজাত এই ঘটনা সংঘটিত হয়।ঝাৰখাণ্ড আৰক্ষীয়ে জনোৱা মতে ‘৫ গৰাকী মাওবাদী নিহত হৈছে৷নিহত মাওবাদী কেইটাৰ পৰা যথেষ্টসংখ্যক মাৰণাস্ত্ৰ উদ্ধাৰ কৰা হৈছে ।এতিয়াও অভিযান চলিয়েই আছে।’চাত্ৰা-পালামু সীমান্তত মাওবাদীৰ বিৰুদ্ধে আৰক্ষীৰ অভিযান বিগত কেইবাদিনো ধৰি চলি আছিল।




