৫ বছৰ পাৰ হল যদিয়ো বুলেট ট্ৰেইন নাহিল, ২০২৮ লৈ কৰিব লাগিব অপেক্ষা

Share This Article

বুলেট ট্ৰেইনৰ প্ৰতিশ্ৰুতিৰে লোকসভা নিৰ্বাচনৰ সময়ত ভাষণ শুৱনি কৰা প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোদীৰ প্ৰতিশ্ৰুতি ৫ বছৰ অতিক্ৰম কৰাৰ পিছতো বাস্তৱত ৰূপায়ন হবলৈ বহু যোজন বাকী। ইণ্ডিয়ান এক্সপ্ৰেছ নামৰ বাতৰি কাকত খনৰ আজি প্ৰকাশ পোৱা অনুসৰি বৰ্ধিত খৰছ আৰু জাপানী কোম্পানীৰ বুলেট ট্ৰেইন প্ৰজেক্টৰ প্ৰতি উৎসাহ হীনতা এতিয়া কাল হৈছে ভাৰত চৰকাৰৰ। সেয়েহে ২০২৩ চনত সম্পূৰ্ণ হ’বলগীয়া এই কাম এতিয়া ২০২৮ চনতহে সম্পন্ন কৰিব পাৰিব বুলি চৰকাৰে জনাইছে।

উল্লেখযোগ্য যে ভাৰতত বুলেট ট্ৰেইনৰ নিৰ্মাণ কাৰ্য মুম্বাই আৰু আহমেদাবাদৰ মাজত চলি আছে। এই প্ৰজেক্টত ভাৰতক বিশেষ ভাবে সহায় কৰিছে জাপানে।জাপানৰ বুলেট ট্ৰেইনৰ প্ৰযুক্তিৰ ভিত্তিত নিৰ্মান হবলগা বুলেট ট্ৰেইনৰ কাম ভাৰতে জাপানৰ পৰা ৮০% ঋণত আৰম্ভ কৰিছে।০.১% শতাংশ সূতত ভাৰতে এই ঋণ ১৫ বছৰৰ ভিতৰত আদায় কৰিব লাগিব।

Share This Article
The CrossCurrent Bureau
The CrossCurrent Bureau