Investigative reporting with dedication.

ৰাজ্যত চলিছে গুণোৎসৱ।গুণোৎসৱৰ নামত কোটি কোটি টকা খৰছ কৰা হৈছে। ন -কইনাৰ সাজত বিদ্যালয় সমূহ সজাই পৰাই তোলা হৈছে ।ৰাজ্যৰ বিদ্যালয় সমূহৰ মূল্যায়নক লৈ এক উখল মাখল পৰিবেশৰ সৃষ্টি হৈ থকাৰ সময়তে ৰাজ্যৰ বহু অ -প্ৰাদেশীকৃত বিদ্যালয়ত পেটত গামোচা মাৰি এটা গোহালি সদৃশ গৃহত ছাত্ৰ ছাত্ৰীক পাঠদান চলাই গৈছে। কামপুৰৰ তেতেঁলীসৰাৰ পলশাবাৰীৰ ৰাজীৱ গান্ধী প্ৰাথমিক বিদ্যালয়ত দেখা গৈছে এনে দৃশ্য। এটা ভাঙি -ছিঙি উঁৱলি যোৱা এটা পঁজাত কণ কণ ছাত্ৰ -ছাত্ৰী শিক্ষাগ্ৰহণ কৰিছে।১৯৯২ চনতে স্থাপন কৰা হৈছিল বিদ্যালয় খন।কিন্তু উপযুক্ত তথ্য পাতি থকাৰ পিছতো আজিকোপতি প্ৰাদেশীকৰণ নহ’ল বিদ্যালয়খন।বিগত কংগ্ৰেছ চৰকাৰৰ দিনত বিত্তীয় সাহাৰ্য লাভ কৰিছিল বিদ্যালয় খনে।কিন্তু ২০১৩ চনৰ পৰা এই সাহাৰ্যৰ পৰাও বঞ্চিত হৈ থকাত যথেষ্ট সমস্যাত পৰিছে দুগৰাকীকৈ শিক্ষক।ৰাইজে গাঁঠিৰ ধন খৰছ কৰি নিৰ্মান কৰা বিদ্যালয় গৃহটোৰ অৱস্থাও অতিকে শোচনীয়।বিগত বৰ্ষত হৈ যোৱা প্ৰলয়ংকাৰী বানে ভাঙি পেলাইছিল বিদ্যালয় গৃহটো।ছাত্ৰ -ছাত্ৰীয়ে মধ্যাহ্ন ভোজন আৰু পাঠ্যপুথি লাভ কৰিছে, ডেক্ম -বেঞ্চৰ অভাৱত মাটিত বহিয়েই পাঠ গ্ৰহণ কৰিব লগা হৈছে এনেধৰণে ।এই দৃশ্য দেখাৰ পিছত কংগ্ৰেছ চৰকাৰৰ দিনৰ শিক্ষা মন্ত্ৰী তথা বৰ্তমানৰ মুখ্যমন্ত্ৰী ড০ হিমন্তু বিশ্ব শৰ্মাই অ-প্ৰাদেশীকৃত বিদ্যালয়ৰ প্ৰাদেশীকৰনৰ বাবে গুৰুত্ব দিবনে ? এই প্ৰশ্নই এতিয়া সচেতন মহলে বাৰে বাৰে উত্থাপিত কৰিছে।




