২৭% কেন্দ্ৰীয় বিদ্যালয়ৰ ছাত্ৰ ছাত্ৰীৰ অনলাইন ক্লাছৰ বাবে নাই ফোন আৰু লেপটপ

Share This Article

কৰোনা ভাইৰাছৰ ফলত হোৱা লকডাউনৰ পৰিপ্ৰেক্ষিতত শ্ৰেণীকোঠাত পাঠদান সম্ভৱপৰ নোহোৱাৰ বাবে বৰ্তমান শিক্ষানুষ্ঠান সমূহত চলি আছে অনলাইন ক্লাছ। কিন্তু এই অনলাইন ক্লাছ কৰিবলৈ প্ৰয়োজনীয় ইণ্টাৰনেট, স্মাৰ্ট ফোন অথবা লেপটপৰ অভাৱ বহুতো দৰিদ্ৰ ছাত্ৰ ছাত্ৰীৰ। যাৰ ফলত এই ছাত্ৰ ছাত্ৰী সকল শিক্ষাৰ দৰে এক প্ৰাথমিক অধিকাৰৰ পৰা বঞ্চিত হোৱাৰ অভিযোগ সময়ে সময়ে সচেতন মহলত উত্থাপিত হৈ আহিছে।

শেহতীয়াকৈ নেচনেল কাউন্সিল অৱ এডুকেচ’নেল ৰিছাৰ্চ আমদ ট্ৰেইনিং(এন চি আৰ টিৰ) ৰ এক সমীক্ষাত এই শংকাই যেন পুনঃ প্ৰতিফলিত হ’ল। সমীক্ষাটোত প্ৰকাশ পোৱা অনুসৰি অনলাইন ক্লাছ কৰিবলৈ প্ৰায় ২৭% কেন্দ্ৰীয় বিদ্যালয়ৰ ছাত্ৰ ছাত্ৰীৰ ওচৰত স্মাৰ্ট ফোন বা লেপটপ নাই।

এই সমীক্ষাটোত এন চি আৰ টিয়ে প্ৰায় ১৮,১৮৮ জন কেন্দ্ৰীয় বিদ্যালয় আৰু নবোদয় বিদ্যালয়ৰ ছাত্ৰ ছাত্ৰী সামৰি লৈছে। সমীক্ষা তোৰ অনুসৰি অনলাইন ক্লাছশ কৰিবলৈ সক্ষম হোৱা সকলৰ ভিতৰত ৩৩ শতাংশই অনলাইন ক্লাছ কৰাটো কঠিন আৰু দুৰ্বহ বুলি অভিহিত কৰিছে।

ইয়াৰ উপৰিও সমীক্ষাটোৰ অনুসৰি ৮৪ শতাংশ ছাত্ৰ ছাত্ৰীয়েই অনলাইন ক্লাছ স্মাৰ্ট ফোনৰ জৰিয়তে কৰাৰ বিপৰীতে মাত্ৰ ১৭ শতাংশ ছাত্ৰ ছাত্ৰীয়ে লেপটপ ব্যৱহাৰ কৰে। অন্যহাতেদি টিভি আৰু ৰেডিওৰ জৰিয়তে অনলাইন ক্লাছ কৰা ছাত্ৰ ছাত্ৰীৰ সংখ্যা তেনেই নগণ্য বুলি সমীক্ষাটোত প্ৰকাশ পাইছে।

বিদ্যুতৰ নাটনিয়ে বহু ক্ষেত্ৰত অনলাইন ক্লাছ কৰাত অসুবিধাৰ সৃষ্টি কৰা বুলি সমীক্ষাটোত প্ৰকাশ পাইছে।

featured photo courtesy:BBC.com

Share This Article
The CrossCurrent
The CrossCurrent

Crosscurrent is an independent newsroom that produces investigative and analytical reporting with dedication. Crosscurrent is founded to uncover the truth behind the important issues. Crosscurrent is founded to cover the issues that matter.