১০ লাখ লোকৰ জীৱন-জীৱিকাক উপেক্ষা মুখ্যমন্ত্ৰীৰ !

Share This Article

মুখ্যমন্ত্ৰীৰ কাষত এজন বিশেষ লোক !কিয় গাৰ ছাঁৰ দৰে থাকে এই লোকজন?ৰাজ্যত সলনি হ’ল মুখ্যমন্ত্ৰী !নতুন মুখ্যমন্ত্ৰীয়ে সলাই পেলালে সকলো !গাওঁবোৰ নগৰ হ’ল,মহকুমাবোৰ উপ -জিলা হ’ল !মুঠতে সকলো সলনি হ’ল !সলনি হ’ল মুখ্যমন্ত্ৰীৰ সাংগোপাংগও !সলনি হ’ল কাষৰ ফুলদানীসদৃশ মানুহবোৰো ! মুখ্যমন্ত্ৰীৰ লগত ছাঁৰ দৰে লাগি থকা এটা ফুলদানীৰ কথাই ক’ব বিচাৰিছোঁ৷ ফটোখনলৈ মন কৰক !ফটোখনত দেখা গৈছে এজন বিশেষ ব্যক্তিক !অ’ ৰ’ব এখন ফটো বুলি ক’লে ভুল হ’ব,মুখ্যমন্ত্ৰীৰ প্ৰায় প্ৰতিটো ভ্ৰমণ , প্ৰতিটো কাৰ্যসূচীতেই দেখা যায় এই বিশেষ ব্যক্তিগৰাকীক।এটা কাঠৰ পুতলাৰ দৰেই মুখ্যমন্ত্ৰীৰ কাষত গাৰ ছাঁৰ দৰে লাগি থকা ব্যক্তিজনক সকলোৱে তেওঁৰ সহায়ক বুলিয়ে জানে।মুখ্যমন্ত্ৰী যদি সতীৰ্থ মন্ত্ৰীৰ সন্তানৰ বিবাহ অনুষ্ঠানলৈ যায়,তাতো আপুনি দেখা পাব এই ব্যক্তিজনক,মুখ্যমন্ত্ৰী মন্দিৰলৈ গৈছে,তাতো আপুনি দেখা পাব এইজনক,মুখ্যমন্ত্ৰীয়ে টিভিত কিবা অনুষ্ঠান উপভোগ কৰিিছে,তাতো দেখা পাব এইজনক ,মুখ্যমন্ত্ৰী দিল্লীলৈ গৈছে,তাতো দেখা পাব এইগৰাকী ব্যক্তিক।আনকি এনেবোৰ অনুষ্ঠানটো বাদেই দিছোঁ,মুখ্যমন্ত্ৰীৰ পত্নীৰ জন্মদিনৰ কেক কটাৰ সময়ত মুখ্যমন্ত্ৰীৰ পৰিয়ালৰ সদস্যৰ লগতো হাফপেণ্ট পিন্ধি কাষত থিয় হৈ থকা দেখা পাব এই ব্যক্তিজনক।এই ব্যক্তিগৰাকী আন কোনো নহয়,এওঁ হ’ল কাৰ্বি আংলং স্বায়ত্ত্ব শাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী তুলিৰাম ৰংহাং।কাৰ্বি আংলঙৰ দৰে এখন বৃহৎ আকাৰৰ জিলাৰ মুখ্য কাৰ্যবাহী হৈয়ো তেওঁ বেছিভাগ সময় মুখ্যমন্ত্ৰীৰ বডীগাৰ্ডৰ দায়িত্ব পালন কৰিয়েই সময় কটায়৷কাৰ্বি আংলং স্বায়ত্ত্বশাসিত পৰিষদৰ অধীনত মুঠ ৩১টা দপ্তৰ আছে৷উদ্যোগ,পশুপালন,বন,কৃষি,লোকনিৰ্মাণ,ৰেচম,প্ৰাথমিক শিক্ষা,মাধ্যমিক শিক্ষা,উচ্চ শিক্ষা,প্ৰৌঢ় শিক্ষা,সাংস্কৃতিক পৰিক্ৰমা,ভূমি সংৰক্ষণ,মীন,পঞ্চায়ত আৰু গ্ৰামোন্নয়ন,হস্ততাঁত আৰু বস্ত্ৰশিল্প,স্বাস্থ্য আৰু পৰিয়াল কল্যাণ,জলসিঞ্চন,সমাজ কল্যাণ,খাদ্য আৰু অসামৰিক যোগান,ক্ৰীড়া আৰু যুৱকল্যাণ,নগৰ পৰিকল্পনা,ছপা আৰু মুদ্ৰণ,পৰ্যটন,পৰিবহন আৰু ৰাজহৰ দৰে বিভাগবোৰ আছে৷কিন্তু ইমানবোৰ গুৰুত্বপূৰ্ণ বিভাগৰ গুৰু দায়িত্ব থকাৰ লগতে কাৰ্বি আংলং আৰু পশ্চিম কাৰ্বি আংলঙৰ দৰে দুখন ৰাজ্যৰ সমগ্ৰ বিভাগৰ দায়িত্বত থকা মুখ্য কাৰ্যবাহী সদস্যজনে মুখ্যমন্ত্ৰীক সন্তুষ্ট কৰিবলৈকে দিনে নিশাই মুখ্যমন্ত্ৰীৰ কাষত থিয় হৈ এগৰাকী বিশ্বস্ত অনুগামীৰ ভাও লৈ আহিছে।২০০৭ চনলৈকে তেতিয়াৰ কেবিনেট মন্ত্ৰী খৰছিং ইংতিৰ সহায়ক হিচাপে থকা তুলিৰাম ৰংহাঙে এসময়ত খৰছিং ইংতিৰ লগতো এনেদৰেই সময় অতিবাহিত কৰিছিল৷অবশ্যে সুখৰ বিষয়টো তেতিয়া এয়ে আছিল যে তেতিয়া তেওঁ কোনো দায়িত্বত নাছিল৷কিন্তু পিছলৈ তেওঁ ড° হিমন্ত বিশ্ব শৰ্মাৰ ঘনিষ্ঠ হ’বলৈ যৎপৰোনাস্তি চেষ্টা চলায় সফল হয়৷২০১৮ চনৰ পৰা তেওঁ ড° হিমন্ত বিশ্বৰ ছাঁৰ দৰে হৈ পৰে।সবাতোকৈ দক্ষ মুখ্যমন্ত্ৰী হিচাপে প্ৰতিপন্ন কৰিব খোজা ড° হিমন্ত বিশ্ব শৰ্মাই চৰকাৰী চাকৰিয়ালক জিলাৰ বাহিৰলৈ যোৱাৰ ক্ষেত্ৰত বাধ্যবাধকতাৰ কথা কয়,সেইজন মানুহেই আকৌ কাৰ্বি আংলঙক নেতৃত্ব দিয়া মানুহজনক সোঁৱেবাঁৱে লৈ ফুৰাটোৱে কি সূচায়?কাৰ্বি আংলঙৰ প্ৰায় ৯ লাখ ৫৬ হাজাৰ ৩১৩গৰাকী লোকৰ জীৱন বিপদাপন্ন কৰি মুখ্য কাৰ্যবাহী গৰাকীক লগত নিজৰ সহায়ৰ বাবে লৈ ফুৰাটোৱে মুখ্যমন্ত্ৰীৰো জিলাবাসীৰ প্ৰতি দায়িত্বজ্ঞানশূন্যতা প্ৰতিপন্ন নকৰেনে?যিটো সময়ত ডেংগুত জিলাখনৰ প্ৰায় চাৰে তিনি হাজাৰৰো অধিক লোক আক্ৰান্ত হৈছে আৰু জিলাখনৰ বিভিন্ন প্ৰান্তত অতি কমেও ৬ জন লোকে মৃত্যুক সাৱটিবলগীয়া হৈছে,সেই সময়ত মুখ্যমন্ত্ৰীৰ ছাঁ হৈ ঘূৰি সময় অতিবাহিত কৰিছে তুলিৰাম ৰংহাঙে।তদুপৰি পশ্চিম কাৰ্বি আংলঙৰ কিছু অঞ্চলত এতিয়াও যাতায়তৰ সুব্যৱস্থা নথকাৰ বাবে ৰোগীক বাঢ়নী নৈৰ ওপৰেদি ছাঙীত কঢ়িয়াই নিবলগীয়া পৰিস্থিতিৰ সৃষ্টি হৈছে।কিন্তু সেইবোৰলৈ কোনো ভ্ৰুক্ষেপ নাই মুখ্য কাৰ্যবাহী সদস্যজনৰ।নিজৰ গাদী ৰখাই মুখ্যমন্ত্ৰীৰ আশীৰ্বাদপুষ্ট হৈ থাকিবলৈকে মুখ্যমন্ত্ৰী পত্নীৰ একান্ত ব্যক্তিগতভাৱে উদযাপন কৰা অনুষ্ঠানতো হাফপেণ্ট পিন্ধি সহযোগ কৰে তুলিৰাম ৰংহাঙে।ৰংহাঙৰ এনে দায়িত্বজ্ঞানহীন কাৰ্যত কেৱল যে জিলাখনৰ বাসিন্দা সকলেই ক্ষোভিত হৈছে এনে নহয়,সমগ্ৰ ৰাজ্যৰে সচেতন লোকসকলে শাসনৰ নামত বহুৱালি কৰি থকাটোক সহজভাৱে গ্ৰহণ কৰা নাই।

Share This Article
The CrossCurrent
The CrossCurrent

Crosscurrent is an independent newsroom that produces investigative and analytical reporting with dedication. Crosscurrent is founded to uncover the truth behind the important issues. Crosscurrent is founded to cover the issues that matter.